বিবাহৰ এমাহ পাৰ হোৱা নাই৷ ন-বোৱাৰীক লৈ ভালপোৱাৰ চহৰত মুকেশ আম্বামীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী৷ পেৰিছ ‘দ্যা চিটি অৱ লাভ’ অৰ্থাৎ প্ৰেমৰ চহৰত পত্নী ৰাধিকা মাৰ্চেণ্টৰ হাতত হাত থৈ ভ্ৰমণত ব্যস্ত অনন্ত আম্বানী৷ সামাজিক মাধ্যমত ভাইৰেল হৈ অনন্ত-ৰাধিকাৰ বিশেষ ভিডিঅ’৷ ভিডিঅ’ত দেখা অনুসৰি ৰাধিকাই পৰিধান কৰিছে বগা ৰঙৰ মেক্সি ড্ৰেছ৷ তাৰ ওপৰত হালধীয়া, গোলপীয়া কাম কৰা আছে৷
https://www.instagram.com/reel/C-GDb3qyRUt/?utm_source=ig_web_copy_link
একেই ফ্লৰেল পোছাক পৰিধান কৰিছে অনন্তইয়ো৷ বহুতেই এই ভিডিঅ’ দেখিয়েই কৈছে দুয়োৱে হানিমুনৰ বাবে পেৰিচলৈকে গৈছে৷ অৱশ্যে এইকথা স্পষ্ট কৰা নাই আম্বানী পৰিয়ালৰ কোনো এজন সদস্যই৷
পেৰিছত অলিম্পিক অনুষ্ঠিত হৈ থকাৰ বাবে আম্বানী পৰিয়ালৰ আন এগৰাকী সদস্য অৰ্থাৎ নীতা আম্বানীও পেৰিছতেই আছে৷ পৰিয়ালৰ সৈতে অনন্ত পেৰিছত আছে বুলি একাংশই প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ