ঘণ্টাত ১১০ কিলোমিটাৰ বেগত বলিছে বতাহ, প্ৰচণ্ড বৰষুণ, ১৪ লাখ লোক স্থানান্তৰিত, ৫০০ ৰে’ল বাতিল
ঘূৰ্ণীবতাহ ধুমুহা ডানাই ওড়িশা আৰু পশ্চিম বংগৰ বহু অঞ্চলত কালিৰে পৰা ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰি আছে। প্ৰৱল ধুমুহা-বতাহ আৰু বৰষুণৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে।
গভীৰ নিশা ওড়িশাৰ ধমৰা উপকূলত এই ডানা ধুমুহাই আঘাত হানে। এই সময়ছোৱাত বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় ১১০ কিলোমিটাৰ আছিল। উত্তৰ ওড়িশাৰ পাছত এতিয়া পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰিবলৈ আৰম্ভ কৰিছে ধুমুহা।
ডানাৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এনডিআৰএফ, এছডিআৰএফ আৰু ক’ষ্ট গাৰ্ড মোতায়েন কৰা হৈছে। ঘূৰ্ণীবতাহৰ ধুমুহাই ৰে’ল আৰু বিমান সেৱাতো প্ৰভাৱ পেলাইছে। ৫০০ৰো অধিক ৰে’ল বাতিল কৰা হৈছে। আনহাতে ওড়িশা আৰু বংগত ১৬ ঘণ্টাৰ বাবে বিমান সেৱা নিষিদ্ধ কৰা হৈছে। ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰেও অহৰহ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে।
সাধাৰণ লোকৰ সুৰক্ষাজনিত কাৰণত ওড়িশাৰ ১০ লাখ আৰু পশ্চিম বংগৰ ৩.৫ লাখৰো অধিক লোকক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰো কিছু লোকক স্থানান্তৰ কৰা হৈছে।
প্ৰচণ্ড বতাহ আৰু প্ৰচণ্ড বৰষুণৰ ফলত ওড়িশাৰ ধমৰা ভদ্ৰকত ব্যাপক ধ্বংসলীলা। বহু ঠাইত গছ ভাঙি পৰে। সা-সামগ্ৰীৰো বহু ক্ষতি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















