ডিজিটেল ডেস্কঃ ২০২৪ত পূৰ্বৰ প্ৰচলিত একাংশ নিয়মৰ কিছু সাল-সলনি হৈছে। কিন্তু আপুনি ভাৱি চাওকচোন, ২০২৪ত যদিহে কোনোবাই ফোন কৰিলে তাৰ প্ৰত্যুত্তৰত হেল্লৰ সলনি যদি জয় শ্ৰী ৰাম বুলি যদি কব লগা হয়, আপুনি কেনে বিপাঙত পৰিব। বিপাঙত পৰিলেও এনে এক সিদ্ধান্তই নতুন বছৰত গ্ৰহণ কৰা হৈছে। এতিয়াৰে পৰা কোনোবাই ফোন কৰিলে হেল্লৰ সলনি কব লাগিব জয় শ্ৰী ৰাম।
ৰ’ব, ইমান বেচি চিন্তিত নহব। এই নিয়ম কোনো চৰকাৰে কৰা নাই। শেহতীয়াকৈ বিহাৰৰ ৰাজ্যিক বিজেপিয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ৰাজ্যখনত বিজেপিৰ সকলো কৰ্মকতাই এতিয়াৰে পৰা হেল্লৰ পৰিৱৰ্তে কব জয় শ্ৰী ৰাম। এই নিয়ম প্ৰতিগৰাকী কৰ্মকতাক পালন কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে নেতৃত্বই। বিহাৰ বিজেপিৰ এক হাই লেভেল বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত। যোৱা ১জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম।
প্ৰাপ্ত খবৰ অনুসৰি, ৰাজ্যিক বিজেপিৰ সভাপতি সম্ৰাট চৌধুৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এই বিশেষ বৈঠকখন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ