বাৰাণ্ডাতে কৰিব পাৰে সৰুকৈ শাকৰ খেতি, প্ৰয়োজন কেৱল ইচ্ছাৰ
ইচ্চা হলে আপুনি আপোনাৰ সৰু বাৰাণ্ডা খনতে নাইবা খিৰিকিৰে ভাল পোহৰ অহা কোঠাৰ ভিতৰতো কৰিব পাৰে এক সৰু শাকৰ খেতি। সেই খেতিৰেই আপুনি মন গলেঅ খাব পাৰিব সোৱাদ লগা কিছু খাদ্য।
মাথো দুটামান টাৱৰ প্ৰয়োজন আপোনাক। সহজতে ঘৰতে কৰিব পৰা শাকৰ খেতি কেইবিধমান হৈছে-
পদিনা-
পদিনাৰ খেতি কৰা অতিকে সহজ। কেৱল শিপাৰে সৈতে ইয়াক ৰুই দিয়ক। লগতে নিতৌ দুইবেলা ইয়াত পানী দিয়ক। চাব মাথো কেইদিন মানৰ ভিতৰতে আপোনাৰ পদিনাৰ শাক লহপহীয়া দি উঠিছে। পাছত ইয়াৰ ছাটনি কৰি নাইবা গৰমৰ দিনত চৰবত কৰি খাব পাৰিব।
ধনিয়া-
সহজতে তথা কম ঠাইতে কৰিব পৰা আন এবিধ শাক হৈছে ধনিয়া। ধনিয়াৰ গুটি নিশা পানীত তিয়াই থৈ পুৱা ইয়াক টাৱৰ মাটিৰ ৰুই দিয়ক। কেৱল মন কৰিব যাতে টাৱটোত পোনে পোনে সূৰ্যৰ পোহৰ নপৰে। এনেদৰে ঘৰতে প্ৰস্তুত কৰা ধনিয়া পাত বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰি খাদ্যৰ সোৱাদ বৃদ্ধি কৰিব পাৰে।
নৰসিংহ-
ইয়াৰ শ্ৰীবৃদ্ধি অতি লেহেম গতিত হলেও ইয়াক বিশেষ যত্নৰ প্ৰয়োজন নাই। ইয়াৰ সৰু পুলি এটা ৰুই দিলে বহু বছৰলৈ ইয়াৰ পাত ব্যৱহাৰ কৰি থাকিব পাৰে।
মিথি শাক-
সকলোতকৈ সহজে হোৱা শাকৰ খেতি বিধেই হৈছে মিথি শাক। ইয়াৰ বাবে কেৱল মাটিত ইয়াক গুটি চটিয়াই দিয়ক। চাব সহজে গজ মেলিছে। কেৱল অন্যৰ তুলনাত ইয়াত কম পানীৰ ব্যৱহাৰ কৰিব। পাছত খাদ্যত ইয়াক মিহলি কৰি ইয়াৰ সোৱাদ লওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ