অসম লাইভ২৪ঃ কুৰি বছৰ অৰ্থাৎ ২০ বছৰ পাৰ হৈ গৈছে। দুই দশকত পৃথিৱী বহু দিশতেই সলনি হৈছে। মহাকাশ অভিযানত ইছৰোৱে আৰম্ভ কৰিছে সপোনৰ দৌৰ। কিন্তু আজিও এগৰাকী মহিলা সকলোৰে মনত ৰৈ আছে। তেওঁ হৈছে কল্পনা চাওলা। কল্পনা চাওলাৰ আশ্চৰ্যজনক মৃত্যুক লৈ বাৰে বাৰে উত্থাপিত হৈ আহিছে প্ৰশ্নৰো। সেইদিনটোত কল্পনাৰ সৈতে কি হৈছিল? কিয় মহাকাশৰ পৰা পৃথিৱীলৈ উভতি নাহিল কল্পনা চাওলা?
২০০৩ চনৰ ১ ফ্ৰেব্ৰুৱাৰী। সমগ্ৰ বিশ্বই অপেক্ষা কৰিছিল কলম্বিয়াৰ বাবে। ১৫ দিনীয়া মহাকাশ ভ্ৰমণ সামৰি সেইদিনা পৃথিৱীলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছিল নাছাৰ মহাকাশযানে। সেই যানত আছিল মুঠ ৭গৰাকী মহাকাশচাৰী। এইসকলৰ ভিতৰত অন্যতম এগৰাকী মহাকাশচাৰী আছিল কল্পনা চাওলা। ভাৰতীয় বংশোদ্ভূতৰ মাৰ্কিন সেই নভোচাৰীৰ জন্ম হৈছিল হাৰিয়ানাত। সেয়ে কল্পনাক লৈ ভাৰতীয়সকলৰ আছিল পৃথক কৌতুহল। ৪০ বছৰীয়া কল্পনা প্ৰথমগৰাকী মহিলা মহাকাশচাৰী। সেইদিনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগতে বিজ্ঞানপ্ৰেমী প্ৰতিজন ভাৰতীয়ৰ উচ্ছ্বাস হঠাতেই বিষন্নতালৈ সলনি হৈ পৰে।
মহাকাশযানখন ধ্বংস হোৱাৰ খবৰে শোকৰ ছাঁ পেলাই ভাৰততো। এই ঘটনাৰ প্ৰায় ২০ বছৰ সম্পূৰ্ণ হৈছে। দুই দশকত পৃথিৱীলৈ বহু পৰিবৰ্তনো আহিছে। মহাকাশ অভিযানত ইছৰোও আগুৱাই গৈছে। কল্পনাই এদিন ভৰি থোৱা সেই চন্দ্ৰৰ উত্তৰ মেৰু ভাৰতে শেহতীয়াভাৱে জয়ো কৰিছে। কিন্তু ইয়াৰমাজতো কল্পনাৰ চৰ্চা কেতিয়াবা শেষ হয় জানো? কল্পনা আজিও এই দেশত প্ৰাসংগিকেই হৈ আছে। কিয় পৃথিৱীলৈ উভতি নাহিল কল্পনাসহিতে ৭ নভোচাৰী? কল্পনাৰ এই দুৰ্ঘটনাৰ সবিশেষ জনাৰ পূৰ্বে উভতি চোৱা যাওক কল্পনাৰ জীৱন পৰিক্ৰমা।
১৯৬২ চনৰ ১৭ মাৰ্চত হাৰিয়ানাৰ কাৰনালেত জন্ম কল্পনাৰ। তাতেই পঢ়াশুনাও কৰিছিল কল্পনাই। হাৰিয়ানাত শিক্ষাজীৱন আৰম্ভ কৰি পঞ্জাৱ কলেজৰ পৰা এৰোনাটিকেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী কৰে। ইয়াৰপাছতকেই কল্পনা উৰা মাৰে মাৰ্কিন মুলুকলৈ। তাতেই তেওঁ টেক্সাছ বিশ্ববিদ্যালয়ত মাষ্টাৰ ডিগ্ৰী অৰ্জন কৰে। ইয়াৰ পাছত কল্পনাই কলোৰাডো বিশ্ববিদ্যালয়ৰ পৰা এৰোস্পেছ ইঞ্জিনীয়াৰিঙত ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে। শিক্ষাজীৱন সমাপ্ত কৰি ১৯৮৮ চনত নাছাত যোগদান কৰে কল্পনাই।
১৯৯৪ চনৰ ডিচেম্বৰত মহাকাশচাৰী হিচাপে যাত্ৰা আৰম্ভ হয় কল্পনাৰ। তাৰপিছতেই ১৯৯৭ চনত প্ৰথমবাৰৰ বাবে মহাকাশলৈ যাবৰ বাবে কল্পনাৰ নাম মনোনিত হয়। এককথাত সপোনে উৰা মাৰিলে কল্পনাৰ। ভৱামতেই সকলোবোৰ হাতৰ মুঠিলৈ আহিল কল্পনাৰ। কিন্তু কল্পনাই জানো ভাৱিছিল এই সপোনৰ দৌৰ তেওঁৰ মাত্ৰ ৬ বছৰহে। নিৰামিষভোজী মধ্যবিত্ত এক হিন্দু পৰিয়ালত জন্ম কল্পনাৰ। পিতৃ আছিল টায়াৰ কাৰখানাৰ মালিক। সৰুৰে পৰাই টমবয় আছিল কল্পনা চাওলা। ক্ৰিকেট, কাৰাটে সকলোতে তেওঁৰ আছিল বিশেষ পাৰদৰ্শিতা।
কল্পনা পঢ়াশুনাতো আছিল ক্লাছৰ প্ৰথম তিনিজনৰ মাজত এজন। কিন্তু এই খেলাধূলা, পঢ়াশুনাৰ ওপৰিও আন এক বিশেষ ভাললগা আছিল আকাশ। কল্পনাৰ আকাশৰ প্ৰতি সীমাহীন ভালপোৱা। এৰোপ্লেনৰ পৰা নক্ষত্ৰ, আকাশৰ কলা ৰং এই সকলোবোৰেই ৰোমাঞ্চিত কৰিছিল কল্পনাক। মনে মনে সপোন কঢ়িয়াইছিল, এদিন মহাকাশলৈ যাবই। এই বিষয়টোক লৈ কল্পনাই এক সাক্ষাৎকাৰত কৈছিল, ‘আপুনি নক্ষত্ৰ আৰু ব্ৰহ্মাণ্ডৰ দিশেৰে মূৰ তুলি চালেই বুজিব যে আপুনি কোনো নিৰ্দিষ্ট ভূখণ্ডৰ মানুহ নহয়। আপুনি সৌৰজগতৰ।’
২০০৩ চনৰ সেই অভিশপ্ত যাত্ৰাৰ পূৰ্বে এবাৰ মহাকাশলৈ গৈছিল কল্পনা চাওলা। ১৯৯৭ চনত এছটিএছৰ ৮৭ মিছনৰ অংশ হিচাপে মহাকাশলৈ গৈছিল। মহাশূন্যত ৩৭৬ ঘণ্টা ৩৮ মিনিট কটায় পৃথিৱীলৈ উভতি আহিছিল। কল্পনাই এই যাত্ৰাত মহাকাশত ভ্ৰমণ কৰিছিল ৬৫ লাখ মাইল। ২০০০ চনত কল্পনাৰ দ্বিতীয় মহাকাশ অভিযান হোৱাৰ কথা। এছ টি এছ ১০৭ৰ অংশ আছিল কল্পনা। কিন্তু নানান বাধাৰ বাবে সেই অভিযান পিছুৱাই যায়। শেষ পৰ্যন্ত এই অভিযান চলে ২০০৩ চনত।
২০০৩ চনৰ সেই বিশেষ অভিযান কল্পনাৰ জীৱনৰ শেষ অভিযান হ’ব বুলি কোনোৱেই হয়তো ভৱা নাছিল। শেষ অভিযান হ’লেও সেই মিছন সফল হৈছিল কল্পনাৰ। ৬ সংগী সহিতে কল্পনা মহাকাশত ৩৭২ ঘণ্টা আছিল। ৩৭২ ঘণ্টা কটাই আকৌ পৃথিৱীলৈ উভটে কল্পনাৰ দলটো। সেই উভতনি যাত্ৰাই যে শেষ কোনোৱে ভৱা নাছিল। ২০০৩ চনৰ ১ ফেব্ৰুৱাৰীত কেনেডি স্পেছ চেণ্টাৰত সকলোৱে অপেক্ষা কৰি আছিল কল্পনাৰ সৈতে ৬ মহাকাশচাৰীলৈ।
কলম্বিয়া মিছনৰ শেষত ভালে ভালে সকলো উভতি আহিব বুলি অপেক্ষা কৰি আছিল একাংশ বিজ্ঞানীয়ে। নাচাৰ এণ্টি ফ্লাইট ডাইৰেক্টৰ লিবয় কেইনে সেউজ সংকেত দিছিল কমাণ্ডাৰ ৰিক হাজবেণ্ডক। অৰ্থাৎ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশৰ সন্মতি দিছিল। কমাণ্ডাৰ ৰিক সহিতে এই মহাকাশযানত আছিল পাইলট উইলিয়াম মেককুল, পে লোড কমাণ্ডাৰ মিছেল এণ্ডাৰছন, আয়ান ৰামান, লৰেল ক্লাৰ্ক, ডেভিড ব্ৰাউন আৰু কল্পনা চাওলা। অধীৰ আগ্ৰহেৰে ৰৈ থকা বিজ্ঞানী আৰু নাছাৰ কৰ্মীয়ে হঠাৎ শিঁয়ৰি উঠে। স্পেছ চেণ্টাৰত হাজিৰ হোৱা দৰ্শকেও হঠাৎ চিঞৰি উঠে। আকাশত ভয়ংকৰ জুই শিখা তেতিয়া বিজ্ঞানীৰ সন্মুখত থকা বিশেষ স্ক্ৰিণত জিলিকি উঠিছিল। কলম্বিয়া হঠাৎ জ্বলি উঠিল। কলম্বিয়াত থকা ৭ যাত্ৰী নিমিষতে ছাই হৈ পৰিছিল। কিন্তু কেনেকৈ এই দুৰ্ঘটনা সংঘটিত হ’ল?
সমস্ত হাইড্ৰলিক চিষ্টেম ঠিকেঠাকে থাকিলেও হাইড্ৰলিক তৰলৰ তাপমাত্ৰা হঠাতেই কমি যায়। প্ৰকৃততে হাইড্ৰলিক টেংক লিক হোৱাৰ বাবেই এই ঘটনা হৈছিল। ৰেডিঅ’ চিগেনেলে কাম কৰা বন্ধ কৰিছিল। চেঞ্চৰতো শব্দ হৈছিল। শেষ পৰ্যন্ত যান্ত্ৰিক ত্ৰুটিতেই যানখন ভাঙি পৰে। যানখন ভাঙি পৰাৰ আগে আগেই যানখনৰ সৈতে সমস্ত যোগাযোগ বিচ্ছিন্ন হৈছিল। শেষবাৰ ক্ষীণ কণ্ঠস্বৰ শুনিবলৈ পোৱা গৈছিল ফ্লাইট ডাইৰেক্টৰৰ। তাৰপাছতেই আৰু একো শুনা নগ’ল। মহাকাশবিজ্ঞানৰ অগ্ৰগতিৰ পথত কল্পনা চাওলাৰ হঠাৎ হোৱা দুৰ্ঘটনাই মহাকাশ বিজ্ঞানীৰ মনবোৰো কিছুদিনলৈ ভাঙি পেলাইছিল।
কল্পনাক আজিও সকলোৱে মনত ৰাখিছে। জীৱনৰসত মজি থকা মানুহ আছিল কল্পনা। সেয়ে কল্পনাই এবাৰ কৈছিল, ‘মই মহাকাশক ভালপাওঁ। মই হয়তো এদিন মহাকাশতেই হেৰাই যাম।’ তেওঁ কোৱা ধৰণেই চিৰকালৰ বাবে মহাশূন্যত তেওঁ হেৰাই গ’ল। যেতিয়াই মানুহে মহাকাশৰ কথা আলোচনা কৰে, মহাকাশৰ সফলতাৰ কথা আলোচনা কৰে তেতিয়াই এইগৰাকী ভাৰতীয় কন্যাৰ অফুৰন্ত প্ৰাণশক্তি, আকাশজয়ৰ স্বপ্নৰ কথাই মানুহক অনুপ্ৰাণিত কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ