• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাশূন্যই প্ৰতিজন মানুহৰ ঘৰ বুলি কৈ তৰাৰ দেশতেই তেওঁ বিলীন! মৃত্যুৰ পূৰ্বে কল্পনা চাওলাৰ সৈতে সেইদিনা কি হৈছিল?

মহাশূন্যই প্ৰতিজন মানুহৰ ঘৰ বুলি কৈ তৰাৰ দেশতেই তেওঁ বিলীন! মৃত্যুৰ পূৰ্বে কল্পনা চাওলাৰ সৈতে সেইদিনা কি হৈছিল?

2 years ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

8 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

9 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

9 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

10 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

12 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

12 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

13 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

13 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

14 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

14 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

15 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাশূন্যই প্ৰতিজন মানুহৰ ঘৰ বুলি কৈ তৰাৰ দেশতেই তেওঁ বিলীন! মৃত্যুৰ পূৰ্বে কল্পনা চাওলাৰ সৈতে সেইদিনা কি হৈছিল?

editor by editor
December 10, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা, শিক্ষা
0
মহাশূন্যই প্ৰতিজন মানুহৰ ঘৰ বুলি কৈ তৰাৰ দেশতেই তেওঁ বিলীন! মৃত্যুৰ পূৰ্বে কল্পনা চাওলাৰ সৈতে সেইদিনা কি হৈছিল?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কুৰি বছৰ অৰ্থাৎ ২০ বছৰ পাৰ হৈ গৈছে। দুই দশকত পৃথিৱী বহু দিশতেই সলনি হৈছে। মহাকাশ অভিযানত ইছৰোৱে আৰম্ভ কৰিছে সপোনৰ দৌৰ। কিন্তু আজিও এগৰাকী মহিলা সকলোৰে মনত ৰৈ আছে। তেওঁ হৈছে কল্পনা চাওলা। কল্পনা চাওলাৰ আশ্চৰ্যজনক মৃত্যুক লৈ বাৰে বাৰে উত্থাপিত হৈ আহিছে প্ৰশ্নৰো। সেইদিনটোত কল্পনাৰ সৈতে কি হৈছিল? কিয় মহাকাশৰ পৰা পৃথিৱীলৈ উভতি নাহিল কল্পনা চাওলা?

২০০৩ চনৰ ১ ফ্ৰেব্ৰুৱাৰী। সমগ্ৰ বিশ্বই অপেক্ষা কৰিছিল কলম্বিয়াৰ বাবে। ১৫ দিনীয়া মহাকাশ ভ্ৰমণ সামৰি সেইদিনা পৃথিৱীলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছিল নাছাৰ মহাকাশযানে। সেই যানত আছিল মুঠ ৭গৰাকী মহাকাশচাৰী। এইসকলৰ ভিতৰত অন্যতম এগৰাকী মহাকাশচাৰী আছিল কল্পনা চাওলা। ভাৰতীয় বংশোদ্ভূতৰ মাৰ্কিন সেই নভোচাৰীৰ জন্ম হৈছিল হাৰিয়ানাত। সেয়ে কল্পনাক লৈ ভাৰতীয়সকলৰ আছিল পৃথক কৌতুহল। ৪০ বছৰীয়া কল্পনা প্ৰথমগৰাকী মহিলা মহাকাশচাৰী। সেইদিনা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগতে বিজ্ঞানপ্ৰেমী প্ৰতিজন ভাৰতীয়ৰ উচ্ছ্বাস হঠাতেই বিষন্নতালৈ সলনি হৈ পৰে।

মহাকাশযানখন ধ্বংস হোৱাৰ খবৰে শোকৰ ছাঁ পেলাই ভাৰততো। এই ঘটনাৰ প্ৰায় ২০ বছৰ সম্পূৰ্ণ হৈছে। দুই দশকত পৃথিৱীলৈ বহু পৰিবৰ্তনো আহিছে। মহাকাশ অভিযানত ইছৰোও আগুৱাই গৈছে। কল্পনাই এদিন ভৰি থোৱা সেই চন্দ্ৰৰ উত্তৰ মেৰু ভাৰতে শেহতীয়াভাৱে জয়ো কৰিছে। কিন্তু ইয়াৰমাজতো কল্পনাৰ চৰ্চা কেতিয়াবা শেষ হয় জানো? কল্পনা আজিও এই দেশত প্ৰাসংগিকেই হৈ আছে। কিয় পৃথিৱীলৈ উভতি নাহিল কল্পনাসহিতে ৭ নভোচাৰী? কল্পনাৰ এই দুৰ্ঘটনাৰ সবিশেষ জনাৰ পূৰ্বে উভতি চোৱা যাওক কল্পনাৰ জীৱন পৰিক্ৰমা।

১৯৬২ চনৰ ১৭ মাৰ্চত হাৰিয়ানাৰ কাৰনালেত জন্ম কল্পনাৰ। তাতেই পঢ়াশুনাও কৰিছিল কল্পনাই। হাৰিয়ানাত শিক্ষাজীৱন আৰম্ভ কৰি পঞ্জাৱ কলেজৰ পৰা এৰোনাটিকেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী কৰে। ইয়াৰপাছতকেই কল্পনা উৰা মাৰে মাৰ্কিন মুলুকলৈ। তাতেই তেওঁ টেক্সাছ বিশ্ববিদ্যালয়ত মাষ্টাৰ ডিগ্ৰী অৰ্জন কৰে। ইয়াৰ পাছত কল্পনাই কলোৰাডো বিশ্ববিদ্যালয়ৰ পৰা এৰোস্পেছ ইঞ্জিনীয়াৰিঙত ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে। শিক্ষাজীৱন সমাপ্ত কৰি ১৯৮৮ চনত নাছাত যোগদান কৰে কল্পনাই।

১৯৯৪ চনৰ ডিচেম্বৰত মহাকাশচাৰী হিচাপে যাত্ৰা আৰম্ভ হয় কল্পনাৰ। তাৰপিছতেই ১৯৯৭ চনত প্ৰথমবাৰৰ বাবে মহাকাশলৈ যাবৰ বাবে কল্পনাৰ নাম মনোনিত হয়। এককথাত সপোনে উৰা মাৰিলে কল্পনাৰ। ভৱামতেই সকলোবোৰ হাতৰ মুঠিলৈ আহিল কল্পনাৰ। কিন্তু কল্পনাই জানো ভাৱিছিল এই সপোনৰ দৌৰ তেওঁৰ মাত্ৰ ৬ বছৰহে। নিৰামিষভোজী মধ্যবিত্ত এক হিন্দু পৰিয়ালত জন্ম কল্পনাৰ। পিতৃ আছিল টায়াৰ কাৰখানাৰ মালিক। সৰুৰে পৰাই টমবয় আছিল কল্পনা চাওলা। ক্ৰিকেট, কাৰাটে সকলোতে তেওঁৰ আছিল বিশেষ পাৰদৰ্শিতা।

কল্পনা পঢ়াশুনাতো আছিল ক্লাছৰ প্ৰথম তিনিজনৰ মাজত এজন। কিন্তু এই খেলাধূলা, পঢ়াশুনাৰ ওপৰিও আন এক বিশেষ ভাললগা আছিল আকাশ। কল্পনাৰ আকাশৰ প্ৰতি সীমাহীন ভালপোৱা। এৰোপ্লেনৰ পৰা নক্ষত্ৰ, আকাশৰ কলা ৰং এই সকলোবোৰেই ৰোমাঞ্চিত কৰিছিল কল্পনাক। মনে মনে সপোন কঢ়িয়াইছিল, এদিন মহাকাশলৈ যাবই। এই বিষয়টোক লৈ কল্পনাই এক সাক্ষাৎকাৰত কৈছিল, ‘আপুনি নক্ষত্ৰ আৰু ব্ৰহ্মাণ্ডৰ দিশেৰে মূৰ তুলি চালেই বুজিব যে আপুনি কোনো নিৰ্দিষ্ট ভূখণ্ডৰ মানুহ নহয়। আপুনি সৌৰজগতৰ।’

২০০৩ চনৰ সেই অভিশপ্ত যাত্ৰাৰ পূৰ্বে এবাৰ মহাকাশলৈ গৈছিল কল্পনা চাওলা। ১৯৯৭ চনত এছটিএছৰ ৮৭ মিছনৰ অংশ হিচাপে মহাকাশলৈ গৈছিল। মহাশূন্যত ৩৭৬ ঘণ্টা ৩৮ মিনিট কটায় পৃথিৱীলৈ উভতি আহিছিল। কল্পনাই এই যাত্ৰাত মহাকাশত ভ্ৰমণ কৰিছিল ৬৫ লাখ মাইল। ২০০০ চনত কল্পনাৰ দ্বিতীয় মহাকাশ অভিযান হোৱাৰ কথা। এছ টি এছ ১০৭ৰ অংশ আছিল কল্পনা। কিন্তু নানান বাধাৰ বাবে সেই অভিযান পিছুৱাই যায়। শেষ পৰ্যন্ত এই অভিযান চলে ২০০৩ চনত।

২০০৩ চনৰ সেই বিশেষ অভিযান কল্পনাৰ জীৱনৰ শেষ অভিযান হ’ব বুলি কোনোৱেই হয়তো ভৱা নাছিল। শেষ অভিযান হ’লেও সেই মিছন সফল হৈছিল কল্পনাৰ। ৬ সংগী সহিতে কল্পনা মহাকাশত ৩৭২ ঘণ্টা আছিল। ৩৭২ ঘণ্টা কটাই আকৌ পৃথিৱীলৈ উভটে কল্পনাৰ দলটো। সেই উভতনি যাত্ৰাই যে শেষ কোনোৱে ভৱা নাছিল। ২০০৩ চনৰ ১ ফেব্ৰুৱাৰীত কেনেডি স্পেছ চেণ্টাৰত সকলোৱে অপেক্ষা কৰি আছিল কল্পনাৰ সৈতে ৬ মহাকাশচাৰীলৈ।

কলম্বিয়া মিছনৰ শেষত ভালে ভালে সকলো উভতি আহিব বুলি অপেক্ষা কৰি আছিল একাংশ বিজ্ঞানীয়ে। নাচাৰ এণ্টি ফ্লাইট ডাইৰেক্টৰ লিবয় কেইনে সেউজ সংকেত দিছিল কমাণ্ডাৰ ৰিক হাজবেণ্ডক। অৰ্থাৎ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশৰ সন্মতি দিছিল। কমাণ্ডাৰ ৰিক সহিতে এই মহাকাশযানত আছিল পাইলট উইলিয়াম মেককুল, পে লোড কমাণ্ডাৰ মিছেল এণ্ডাৰছন, আয়ান ৰামান, লৰেল ক্লাৰ্ক, ডেভিড ব্ৰাউন আৰু কল্পনা চাওলা। অধীৰ আগ্ৰহেৰে ৰৈ থকা বিজ্ঞানী আৰু নাছাৰ কৰ্মীয়ে হঠাৎ শিঁয়ৰি উঠে। স্পেছ চেণ্টাৰত হাজিৰ হোৱা দৰ্শকেও হঠাৎ চিঞৰি উঠে। আকাশত ভয়ংকৰ জুই শিখা তেতিয়া বিজ্ঞানীৰ সন্মুখত থকা বিশেষ স্ক্ৰিণত জিলিকি উঠিছিল। কলম্বিয়া হঠাৎ জ্বলি উঠিল। কলম্বিয়াত থকা ৭ যাত্ৰী নিমিষতে ছাই হৈ পৰিছিল। কিন্তু কেনেকৈ এই দুৰ্ঘটনা সংঘটিত হ’ল?

সমস্ত হাইড্ৰলিক চিষ্টেম ঠিকেঠাকে থাকিলেও হাইড্ৰলিক তৰলৰ তাপমাত্ৰা হঠাতেই কমি যায়। প্ৰকৃততে হাইড্ৰলিক টেংক লিক হোৱাৰ বাবেই এই ঘটনা হৈছিল। ৰেডিঅ’ চিগেনেলে কাম কৰা বন্ধ কৰিছিল। চেঞ্চৰতো শব্দ হৈছিল। শেষ পৰ্যন্ত যান্ত্ৰিক ত্ৰুটিতেই যানখন ভাঙি পৰে। যানখন ভাঙি পৰাৰ আগে আগেই যানখনৰ সৈতে সমস্ত যোগাযোগ বিচ্ছিন্ন হৈছিল। শেষবাৰ ক্ষীণ কণ্ঠস্বৰ শুনিবলৈ পোৱা গৈছিল ফ্লাইট ডাইৰেক্টৰৰ। তাৰপাছতেই আৰু একো শুনা নগ’ল। মহাকাশবিজ্ঞানৰ অগ্ৰগতিৰ পথত কল্পনা চাওলাৰ হঠাৎ হোৱা দুৰ্ঘটনাই মহাকাশ বিজ্ঞানীৰ মনবোৰো কিছুদিনলৈ ভাঙি পেলাইছিল।

কল্পনাক আজিও সকলোৱে মনত ৰাখিছে। জীৱনৰসত মজি থকা মানুহ আছিল কল্পনা। সেয়ে কল্পনাই এবাৰ কৈছিল, ‘মই মহাকাশক ভালপাওঁ। মই হয়তো এদিন মহাকাশতেই হেৰাই যাম।’ তেওঁ কোৱা ধৰণেই চিৰকালৰ বাবে মহাশূন্যত তেওঁ হেৰাই গ’ল। যেতিয়াই মানুহে মহাকাশৰ কথা আলোচনা কৰে, মহাকাশৰ সফলতাৰ কথা আলোচনা কৰে তেতিয়াই এইগৰাকী ভাৰতীয় কন্যাৰ অফুৰন্ত প্ৰাণশক্তি, আকাশজয়ৰ স্বপ্নৰ কথাই মানুহক অনুপ্ৰাণিত কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

May 30, 2026
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ
বিনোদন

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

May 30, 2026
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?
জীৱনশৈলী

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

May 30, 2026
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!
জীৱনশৈলী

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

May 30, 2026
Next Post
গেছ চিলিণ্ডাৰ ভৰাবলৈকো লাগিব বায়োমেট্ৰিক, বায়োমেট্ৰিক অবিহনে ভৰাব নোৱাৰিব চিলিণ্ডাৰ!

গেছ চিলিণ্ডাৰ ভৰাবলৈকো লাগিব বায়োমেট্ৰিক, বায়োমেট্ৰিক অবিহনে ভৰাব নোৱাৰিব চিলিণ্ডাৰ!

সোমবাৰে সৰ্বাৰ্থ সিদ্ধি যোগ! মহাদেৱৰ আশীৰ্বাদত ভাগ্য খুলিব ৫ৰাশিৰ জাতকৰ

সোমবাৰে সৰ্বাৰ্থ সিদ্ধি যোগ! মহাদেৱৰ আশীৰ্বাদত ভাগ্য খুলিব ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.