টি-বেগৰ চাহ খায় নেকি তেন্তে সাৱধান, কোটি কোটি প্লাষ্টিকৰ কণা গৈ আছে পেটলৈ, কি কয় বিজ্ঞানীয়ে?
প্লাষ্টিক যিমানেই পৰিহাৰ কৰা হৈছে, সিমানেই বিভিন্ন প্ৰকাৰে আমাৰ শৰীৰত প্ৰৱেশ কৰি আছে কোটি কোটি মাইক্ৰ’ প্লাষ্টিক। যাৰ বাবে খাদ্যত মাইক্ৰপ্লাষ্টিক প্ৰদূষণৰ সমস্যাক লৈ উদ্বেগ বাঢ়িছে সমগ্ৰ বিশ্বজুৰি৷ প্লাষ্টিকৰ প্লেট, কাপ আদি ইতিমধ্যে নিষিদ্ধ কৰা হৈছে। কাৰণ এইবোৰত খাদ্য পৰিৱেশন কৰিলে ইয়াৰ জৰিয়তে মানুহৰ শৰীৰলৈ বহু প্লাষ্টিকৰ কনা প্ৰৱেশ কৰে।
ভাৰতৰ খাদ্যপণ্যৰ গুণমান নিয়ন্ত্ৰক সংস্থা বা এফ এছ এছ এ আইয়ে জনাইছে যে, নিমখ, চেনী আৰু কেইবাধৰণৰ মছলাৰ পেকেটত পোৱা গৈছে ক্ষুদ্ৰাতিক্ষুদ্ৰ প্লাষ্টিকৰ কণা বা মাইক্ৰপ্লাষ্টিক৷ আনকি যি প্লাষ্টিকৰ বটলৰ পৰা পানী খোৱা হয় তাতো মিহলি হৈ থাকে কোটি কোটি মাইক্ৰ প্লাষ্টিক৷
আনকি সততে খোৱা টি বেগতো উপলব্ধ কোটিৰ ঘৰত প্লাষ্টিকৰ কণা। যি সবাতোকৈ মাৰাত্মক। এই টি বেগ বোৰৰ জৰিয়তে আমাৰ শৰীৰত প্ৰৱেশ কৰি আছে কোটিৰ ঘৰত প্লাষ্টিকৰ কণা। যি কেঞ্চাৰৰ এক অন্যতম কাৰক।
অটনমাছ ইউনিভাৰ্ছিটি অফ বাৰ্ছলোনাকে ধৰি বহু বিশ্ববিদ্যালয়ে লগতে বিশ্বৰ বহু গৱেষণা সংস্থাই এই দাবী কৰিছে যে সকলো নহলেও প্ৰায় কেইবাটাও ব্ৰেণ্ডৰ টি বেগতেই প্লাষ্টিকৰ সূক্ষ্ম সূক্ষ্ম কণা পোৱা গৈছে৷ যি মানৱশৰীৰৰ বাবে বিপজ্জনক৷
বিজ্ঞানীয়ে কৈছে কিছু টি বেগ তৈয়াৰ হয় প্লাষ্টিকৰ পৰাই৷ সাধাৰণতে তিনি ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰা হয়৷ পলিপ্ৰপেলিন, নাইলন-৬ আৰু ছেলুলজ৷ প্লাষ্টিকৰ টি বেগ যেতিয়া গৰম পানীত ডুবোৱা হয় তেতিয়া তাৰ পৰা সূক্ষ্ম প্লাষ্টিকৰ কণা পানীত মিহলি হৈ যায় আৰু মানৱ শৰীৰত প্ৰৱেশ কৰে৷
দাবী কৰা হৈছে যে পলিপ্ৰপেলিন দি যি টি-বেগ তৈয়াৰ কৰা হয় সেই টি বেগ এবাৰ পানীত ডুবালে তাৰপৰা প্ৰায় ১২০ কোটি প্লাষ্টিকৰ কণা বাহিৰলৈ ওলাই পানীত মিহলি হৈ পৰে৷ ছেলুলজৰে তৈয়াৰ কৰা টি বেগৰ পৰা বাহিৰ হৈ আহে প্ৰায় ১৩ কোটি মাইক্ৰপ্লাষ্টিক৷
আৰু যদিহেৱ এনে ধৰণৰ টি-বেগ ব্যৱহাৰ কৰি ঘনে ঘনে চাহ খোৱাৰ অভ্যাস থাকে তেন্তে আজিয়েই সতৰ্ক হওক৷ কাৰণ লাখ লাখ প্লাষ্টিকৰ কণা মিহলি চাহ খালে খুব সোনকালেই সেয়া তেজত মিহলি হৈ পৰে৷
মাইক্ৰপ্লাষ্টিক শৰীৰত সোমাই তেজত মিহলি হৈ থাকিলে বিভিন্ন জটিল ৰোগ হ’ব পাৰে৷ প্লাষ্টিক তেজত মিহলি হ’লে ইনছুলিনৰ ক্ষৰণত প্ৰভাৱ পৰে৷ যিয়ে পৰবৰ্তী সময়ত ডায়বেটিছৰ কাৰণ হৈ উঠিব পাৰে৷ কেৱল সেয়াই নহয়, প্লাষ্টিকে শৰীৰত হৰমণৰ ভাৰসাম্যতো সাল সলনি আনে৷ লিভাৰৰ সমস্যা, হাৰ্টৰ ৰোগ, কিডনিৰ জটিল অসুখ হোৱাৰ আশংকাও থাকে এনে প্লাষ্টিকৰ পৰা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















