অসম লাইভ২৪ঃ বিকাশৰ এটা পষেকৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানলৈ মুখ্যমন্ত্ৰীয়ে যাত্ৰা কৰিছে। শুকুৰবাৰে গোলাঘাট সমম্নয়ক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মতামত দাঙি ধৰিছে। মুখ্যমন্ত্ৰীয়ে গোলাঘাট জিলাৰ উন্নয়নৰ কথা ক’বলৈ গৈ বহুকেইটা দিশ সাঙুৰি লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে গোলাঘাট এখন কৃষিপ্ৰধান জিলা।
গোলাঘাটত কৃষকৰ উন্নয়নৰ বাবে চৰকাৰে কৃষকৰ ধান ক্ৰয়ৰ বাবে যি আঁচনি গ্ৰহণ কৰিছে সেই আচঁনি নতুন বিত্তীয় বৰ্ষতো বাহাল থাকিব। ইয়াৰোপৰি এইবাৰ ধানৰ মূল্য বৃদ্ধি কৰি প্ৰতি কুইণ্টল ধানৰ বিনিময়ত কৃষকক দিয়া হ’ব ২০৪০ টকাকৈ ধন। লগতে কেৱল চৰকাৰকেই যাতে ধানসমূহ বিক্ৰি কৰে তাৰ বাবেও কৃষকক আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গোলাঘাট জিলাৰ ৩০ হাজাৰ মহিলাই নতুনকৈ পাব অৰুনোদয় আঁচনি।
আনহাতে মিছন বসুন্ধৰা আঁচনিৰো দ্বিতীয় সংস্কৰণৰ কাম আৰম্ভ হোৱা বুলি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ২০২৬ চনলৈ কোনো কামকাজৰ বাবে আৰু চৰকাৰী কাৰ্যালয়ত শাৰী পাতিব নালাগে ৰাজ্যবাসীয়ে। পৰবৰ্তীকালত কেৱল কম্পিউটাৰ সহায়ত ঘৰতেই থাকি সকলোখিনি কাম কৰিব পাৰিব বুলি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰোপৰি ১ লাখ চাকৰি অচিৰেই সম্পূৰ্ণ কৰিব বুলিও ভাষণত উনুকীয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে ২০২৩ চনৰ পৰা ৰাজ্যৰ চৰকাৰী হাইস্কুলসমূহৰ উন্নয়নৰ বাবে বিশেষ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। শিক্ষাৰ উত্তৰণৰ বাবে ৰাজ্যৰ ৪ হাজাৰ হাইস্কুলক প্ৰদান কৰিব ৭-৮ লাখকৈ টকা।
অসমৰ দলসংগঠন সমূহকো এই মঞ্চৰ পৰাই আওঁপকীয়াকৈ আন্দোলন বন্ধ ৰাখিবলৈ সঁকীয়াই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ভাষণত কয়, অসমৰ দল সংগঠনসমূহে যদি ৫ বছৰ ধৰ্ণা নিদিয়ে তেন্তে অসম ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰিত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ