বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ সুৰক্ষাক লৈ উদ্বেগৰ মাজতে পুনৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ৰাজধানী ঢাকাত এগৰাকী আইনৰ ছাত্ৰ তথা মন্দিৰৰ পুৰোহিতক অপহৰণ কৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাই দেশখনত সংখ্যালঘুসকলৰ নিৰাপত্তাক লৈ পুনৰ বহু প্ৰশ্ন উত্থাপন কৰিছে। ভুক্তভোগীজন হৈছে ২৫ বছৰীয়া সুভাষ দেউৰী। তেওঁ ঢাকাৰ জগন্নাথ বিশ্ববিদ্যালয়ত আইন বিষয়ত অধ্যয়ন কৰি থকাৰ লগতে এটা মন্দিৰত পুৰোহিত হিচাপেও সেৱা আগবঢ়াই আহিছে। সংবাদমাধ্যমৰ তথ্য অনুসৰি, সোমবাৰে নিশা তেওঁ নিজৰ ভাড়াঘৰৰ পৰা ওলাই যোৱাৰ পিছতেই অজ্ঞাত লোকৰ এটা দলে তেওঁক অপহৰণ কৰে। অভিযোগ অনুসৰি, অপহৰণকাৰীয়ে সুভাষক এটা অজ্ঞাত স্থানত আৱদ্ধ কৰি ৰাখে আৰু তেওঁক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে মানসিক নিৰ্যাতনো চলায়।
ভুক্তভোগীক বি*বস্ত্ৰ কৰি শাৰীৰিক নিৰ্যাতন
ভুক্তভোগী সুভাষ দেউৰীক বি*বস্ত্ৰ কৰি শাৰীৰিকভাৱে অত্যাচাৰ কৰাৰ অভিযোগো উত্থাপিত হৈছে। ইয়াৰ পিছত পৰিয়াল আৰু বন্ধু-বান্ধৱীক ফোন কৰি মুক্তিপণ বিচাৰিবলৈও তেওঁক জোৰ-জবৰদস্তি কৰা হয়। সুভাষৰ ৰুমমেট দুৰ্জয় সাহাই জনোৱা মতে, সোমবাৰে নিশা প্ৰায় ১১:৩০ বজাত সুভাষ এপাৰ্টমেণ্টৰ পৰা ওলাই গৈছিল। কিছু সময় পিছতে তেওঁৰ মোবাইলৰ পৰা ফোন আহে আৰু অপহৰণকাৰীয়ে মুক্তিপণ দাবী কৰে। ইয়াৰ সমান্তৰালভাৱে অপহৰণকাৰীসকলে সুভাষৰ পৰিয়ালৰ সৈতেও যোগাযোগ কৰে। সুভাষৰ ভনীয়েক জয়াই জনোৱা মতে, ঘটনাৰ দিনা পুৱতি নিশা প্ৰায় ১ বজাত সুভাষৰ ফোনৰ পৰাই এজন অচিনাকি লোকে ৩০ হাজাৰ বাংলাদেশী টকা মুক্তিপণ হিচাপে দাবী কৰে। পৰৱৰ্তী সময়ত অপহৰণকাৰীসকলে এটা বেংক একাউণ্ট নম্বৰ দিয়ে আৰু তাত ২৬ হাজাৰ টকা জমা হোৱাৰ পিছতে সুভাষক মুক্তি দিয়ে বুলি জানিব পৰা গৈছে। ইপিনে ঘটনাৰ পিছদিনা পুৱা ঢাকাৰ এটা পথৰ কাষত সুভাষক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। বন্ধু-বান্ধৱীয়ে ততাতৈয়াকৈ তেওঁক ঢাকা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে। চিকিৎসকসকলে তেওঁৰ চিকিৎসা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, সুভাষ দেউৰী মাগুৰা জিলাৰ বাসিন্দা। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বাংলাদেশ আৰক্ষীয়ে। এই ঘটনাই বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ নিৰাপত্তা আৰু আইন-শৃংখলা ব্যৱস্থাক লৈ পুনৰ উদ্বেগ বৃদ্ধি কৰিছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাটোৰ প্ৰকৃত উদ্দেশ্য আৰু দোষীসকলৰ পৰিচয় স্পষ্ট হ’ব
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















