জ্যোতিষশাস্ত্ৰত চন্দ্ৰ আৰু বৃহস্পতিৰ বিশেষ মাহাত্ম্য আছে৷ চন্দ্ৰই প্ৰায় আঢ়ৈ দিন এটা এটা ৰাশিত থাকে আৰু প্ৰতি ১৫ দিনৰ পাছত আকৌ একে ৰাশিলৈ উভতি আহে৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি চন্দ্ৰদেৱেই সকলোতকৈ দ্ৰুত গতিত যাত্ৰা কৰে৷ যাৰ ফলত কোনো কোনো গ্ৰহৰ সৈতে চন্দ্ৰৰ যুঁটি হয়৷ এই যুঁটি কেতিয়াবা শুভ আৰু কেতিয়াবা অশুভ৷ এইবাৰ বৃহস্পতি আৰু চন্দ্ৰৰ সংমিশ্ৰণত শক্তিশালী গজকেশৰী যোগ গঠিত হৈছে৷
১৪ মাৰ্চৰ দুপৰীয়া চন্দ্ৰ প্ৰৱেশ কৰিছে কন্যা ৰাশিত৷ ইয়াৰপাছতেই ১৭ মাৰ্চৰ বিয়লি ১বাজি ১৫ মিনিট পৰ্যন্ত তাতেই থাকিব৷ এই সময়ত বৃহস্পতি আছে বৃষ ৰাশিত৷ বৃহস্পতিৰ দৃষ্টি চন্দ্ৰৰ ওপৰত পৰিয়েই তৈয়াৰ হব গজকেশৰী যোগ৷ দৌলৰ দিনা এই গজকেশৰী ৰাজযোগে ৫ ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব৷ সৌভাগ্যৰ দুৱাৰ খুলিব কাৰ কাৰ?
বৃষ ৰাশি
গজকেশৰী ৰাজযোগত সুখৰ সাগৰত ভাহিব বৃষ ৰাশিৰ জাতক জাতিকা৷ এই সময়ত গাড়ী, ঘৰ কিংবা সম্পত্তি কিনাৰ সপোন পূৰণ হব পাৰে৷ কৰ্মক্ষেত্ৰত ডাঙৰ দায়িত্ব পাব পাৰে৷ সুস্থভাৱে নেতৃত্ব দিয়াৰ ক্ষমতা বাঢ়িব৷ পৰিয়ালৰ সৈতে সুসময় কটাব৷
মিথুন ৰাশি
বৃহস্পতি আৰু চন্দ্ৰৰ সংমিশ্ৰণে মিথুন ৰাশিৰ জীৱনত ইতিবাচক পৰিবৰ্তন আনিব৷ আৰ্থিক পৰিস্থিতি উন্নত হব৷ ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে ডাঙৰ বিনিয়োগ কৰিব পাৰে৷ দাম্পত্যৰ সমস্যা দূৰ হব৷ সন্তানৰ স্বাস্থ্য ভালে থাকিব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জীৱনলৈ সুদিন উভতাব গজকেশৰী ৰাজযোগে৷ যি কোনো কামত সাফল্যৰ যোগ আছে৷ বহুদিন ৰৈ থকা কাম শেষ হব৷ বিলাসিতাৰ জীৱন কটাব৷ উত্তৰাধিকাৰ সূত্ৰে পোৱা সম্পত্তিৰ মালিক হব পাৰিব৷
সিংহ ৰাশি
গজকেশৰী ৰাজযোগৰ প্ৰভাৱত সিংহ ৰাশিৰ শুভ সময় আহিব৷ ব্যৱসায়ত লাভৰ মুখ দেখা পাব৷ নতুন চাকৰি লাভৰ যোগ আছে৷ বন্ধুৰ পৰা লোৱা ঋণৰ টকা শোধ কৰিব পাৰিব৷ পুৰণি বিনয়োগৰ পৰা লাভৱান হব৷ পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷
কন্যা ৰাশি
কন্যা ৰাশিক সৌভাগ্যৰ শীৰ্ষলৈ লৈ যাব গজকেশৰী ৰাজযোগে৷ বৈবাহিক সম্পৰ্ক মজবুত হব৷ কৰ্মক্ষেত্ৰত পৰিস্থিতি অনুকূল থাকিব৷ সহকৰ্মীয়ে কামত সহযোগিতা কৰিব৷ ব্যৱসায়ত আলোচনা কৰি যিকোনো সিদ্ধান্ত লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ