ডিজিটেল ডেস্কঃ এক শোকাৱহ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে হলিউদৰ জনপ্ৰিয় অভিনেতা ক্ৰিশ্ৰিয়ন অলিৱৰৰ। কেৱল অভিনেতাগৰাকীয়ে নহয় এই দুৰ্ঘটনাত মৃত্যু হৈছে তেওঁৰ দুই কন্যাও। নিজৰ ব্যক্তিগত বিমানত দুই কন্যাৰ সৈতে অভিনেতাগৰাকীয়ে ভ্ৰমণ কৰিবলৈ ওলোৱাৰ সময়তে কাৰিকৰী বিজুতিৰ বাবে কেৰিবিয়ান সাগৰত পৰি দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।
জাৰ্মান মূলৰ অভিনেতাগৰাকীয়ে কেইবাখনো জনপ্ৰিয় হলিউদৰ ছবি উপহাৰ দিছিল। বৰ্তমান আমেৰিকাৰ নিৱাসী অভিনেতাগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে হলিউদত। কেৰিবিয়ান সাগৰত বিমানখন পৰাৰ পাছতে স্থানীয় লোক আৰু মাছমৰীয়া উপস্থিত হৈছিল যদিও ৰক্ষা কৰিব নোৱাৰিলে বিমানখনত থকা কাৰোৰে প্ৰাণ।
উল্লেখ কৰা প্ৰয়োজন যে, ৫১বছৰীয়া ক্ৰিশ্ৰিয়ন অলিৱৰৰ লগতে দুই কন্যাৰ বয়স আছিল ১০বছৰ আৰু ১২বছৰ। পৰিয়ালৰ সৈতে সময় কটাবলৈ যোৱা এই সময়ত পাইলটৰ আসনত আছিল অভিনেতাগৰাকী। প্ৰায় ৬০খনৰো অধিক ছবিত অভিনয় কৰিছিল অভিনেতা ক্ৰিশ্ৰিয়ন অলিৱৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ