অসম লাইভ ২৪ঃ বিশিষ্ট সাহিত্যিক, প্ৰবীণ সাংবাদিক, সমালোচক হোমেন বৰগোহাঞিৰ দেহাৱসান। বুধবাৰে পুৱা ৬.৫৮ বজাত GNRC হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাংবাদিক গৰাকীয়ে। সাংবাদিকতাৰ ক্ষেত্ৰখনত বৰগোহাঞি আছিল একক আৰু অনন্য। সাংবাদিক গৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ। ১৯৩২ চনত লখিমপুৰৰ ঢকুৱাখানাত জন্মলাভ কৰা বৰগোহাঞিয়ে গল্প, উপন্যাস, কবিতাৰে সমৃদ্ধ কৰিলে অসমীয়া সাহিত্যৰ ভঁৰাল। উল্লেখযোগ্য যে বৰগোহাঞিয়ে ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হৈ কটন মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। বৰগোহাঞিয়ে আত্মহত্যাৰ চেষ্টা কৰি ব্যর্থ হৈ আত্মজীৱনীত লিখি থৈ গ’ল জীৱনৰ ৰহস্য। অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা হোমেন বৰগোহাঞিয়ে পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে লাভ কৰিছিল সাহিত্য অকেডেমী বঁটা। বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালকে ধৰি অনেকে কৰিছে শোক প্ৰকাশ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ