অসম লাইভ২৪ঃ প্ৰায় ১৩ বছৰীয়া বৈবাহিক জীৱন। অৱশেষত এই সম্পৰ্কলৈকো বিচ্ছেদ আহিল। মঙলবাৰে দিল্লীৰ এখন আদালতত গায়ক তথা ৰেপাৰ হানী সিং আৰু তেওঁৰ পত্নী শালিনী তলোৱাৰৰ বিবাহবিচ্ছেদ মঞ্জুৰ হৈছে। পাৰিবাৰিক আদালতৰ প্রধান ন্যায়াধীশ পৰমজিৎ সিঙে প্ৰায় আঢ়ৈ বছৰীয়া দীৰ্ঘ বিচাৰৰ অন্তত দিলে বিশেষ ৰায়। পৰমজিৎ সিঙে দ্বিতীয় প্ৰস্তাৱত হিন্দু বিবাহ আইন অনুসৰি বিবাহবিচ্ছেদৰ আবেদন কৰাৰ ছয়ৰ পৰা ১৮ মাহলৈ পিছুৱাই দিছিল। এই ১৮ মাহ সময়ক অন্তবৰ্তীকালীন সময় হিচাপে দিয়া হৈছিল। এই সময় দিয়াৰ উদ্দেশ্য হৈছে তেওঁলোকক বিষয়টো সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ সময় দিয়া।
হানী সিঙে ২০১১ চনৰ জানুৱাৰীত শালিনী তলোৱাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ১১ বছৰ একেলগে থকাক অন্তত হিন্দু বিবাহ আইনৰ 13B ধাৰাৰ অধীনত পাৰিবাৰিক আদালতত পাৰস্পৰিকভাৱে বিবাহবিচ্ছেদৰ আৱেদন কৰিছিল। হানী সিঙৰ অধিবক্তা ঈশান মুখাৰ্জীয়ে এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত কয়, ‘এয়া হানী সিঙৰ একান্তই ব্যক্তিগত বিষয়। দুয়োৱে পাৰস্পৰিকভাৱেই বিচ্ছেদ লৈছে।’
অৱশ্যে তেওঁৰ পত্নীয়ে শালিনীয়ে ২০২১ চনৰ আগষ্টত দিল্লীৰ তিছ হাজাৰী আদালতত হানীৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ গোচৰ তৰিছিল। পত্নীৰ অভিযোগৰ কিছুদিন পাছতেই হানী সিঙে ২০২২ ৰ ডিচেম্বৰত এটা ইভেণ্টত তেওঁৰ নতুন গাৰ্লফ্ৰেণ্ড টিনা থাদানিক সকলোৰে সন্মুখত পৰিচয় কৰায় দিছিল। ডুবাইৰ নাগৰিক টিনা থাদানিয়ে হানী সিঙৰ নতুন গান, ‘পেৰিছ কা ট্ৰিপ’ত অভিনয়ো কৰিছে। টিনা এগৰাকী কানাডিয়ান অভিনেত্ৰী হোৱাৰ লগতে তেওঁ এগৰাকী মডেল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ