আগন্তুক ১৫ এপ্ৰিলত পালিত হব ব’হাগ বিহু৷ ঠিক তাৰ পূৰ্বৰ দিনা অৰ্থাৎ ১৪ এপ্ৰিলত সূৰ্যই এবছৰ পাছত মেষ ৰাশিত প্ৰৱেশ কৰিব৷ মঙ্গলৰ ৰাশি মেষ হৈছে সূৰ্যৰ শক্তিশালী ঘৰ৷ নিজৰ উচ্চৰাশি মেষত সূৰ্যৰ গোচৰৰ ফলত গঠিত হব আদিত্য যোগ৷ এই যোগৰ প্ৰভাৱত মেষ সংক্ৰান্তিৰ পৰাই কেৰিয়াৰত বিশেষ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ৷ জানি থওক জ্যোতিষ গণনা অনুসৰি আদিত্য যোগত কাৰ কাৰ উন্নতি হ’ব?
মেষ ৰাশি
১৪ এপ্ৰিলৰ পৰা সাফল্য আৰু উন্নতি আহিব মেষ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত আপুনি একাধিকবাৰ আৰ্থিক সাফল্যৰ মুখ দেখিব৷ যিসকলে পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ বাবে অপেক্ষা কৰিছিল তেওঁলোকৰ মনৰ আশা পূৰণ হব৷ ইয়াৰোপৰি এই সময়ত কেৰিয়াৰত বিশেষ কাৰোবাৰ সাহায্য আৰু পৰামৰ্শ পাব পাৰে৷ ইয়াৰ ফলত পেছাগত জীৱনত উন্নতিৰ পথত আগুৱাই যাব৷
বৃষ ৰাশি
কোনো বিশেষ বন্ধু, সংগী বা শুভাকাংক্ষী প্ৰথম ব’হাগৰ পৰা বৃষ ৰাশিৰ জাতকৰ জীৱনলৈ আহিব৷ এই সম্পৰ্ক আপোনাৰ জীৱনত দীৰ্ঘস্থায়ী হব৷ এই সময়ত আপোনাৰ মনত শান্তি থাকিব আৰু নিজৰ উজ্জ্বল ভৱিষ্যৎ দেখিব পাৰে৷ সম মনোভাৱাপন্ন কোনো মানুহৰ সৈতে কাম কৰিব পাৰে৷ চাকৰি পৰিবৰ্তন কৰিব খোজা সকলৰ বাবে এই সময় ভাল সময়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















