নৱেম্বৰ মাহত বুধাদিত্য ৰাজযোগৰ বিশেষ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰিব৷ আগন্তুক মাহত সূৰ্য আৰু বুধ বৃশ্চিক ৰাশিত ওচৰাওচৰিকৈ থাকিব৷ সূৰ্য আৰু বুধৰ এই যুঁটিৰ ফলত বৃশ্চিক ৰাশিত নৱেম্বৰ মাহত বুধাদিত্য ৰাজযোগ গঠিত হ’ব৷ ইয়াৰোপৰি নৱেম্বৰত কুম্ভ ৰাশিত মাৰ্গী দশা এৰি চিধাপথেৰে যাত্ৰা আৰম্ভ কৰিব শনিয়ে৷ জানি থওক এই সকলো যোগৰ প্ৰভাৱত নৱেম্বৰ মাহত কোন কোন ৰাশিৰ ভাগ্য খুলিব?
মেষ ৰাশি
টেৰো কাৰ্ডৰ গণনা অনুসৰি নৱেম্বৰত কৰ্কট ৰাশিৰ জাতকৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি পাব৷ এই সময়ত কোনো নতুন প্ৰকল্প আপুনি আৰম্ভ কৰিব পাৰে৷ সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক৷ প্ৰেমকো ভাল সময় কটাব আপুনি৷ সংগীৰ সৈতে বুজাপৰা বাঢ়িব৷ কঠিন পৰিশ্ৰম কৰিলে তাৰ ফল লাভ কৰিব৷
সিংহ ৰাশি
নৱেম্বৰ মাহত সম্পৰ্কৰ দিশৰ পৰা পজিটিভ ফলাফল পাব সিংহ ৰাশিৰ জাতকে৷ আগন্তুক মাহত আপুনি কোনো পুৰণি বন্ধুক দেখা পাব পাৰে৷ ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াশুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ বিবাহযোগ্যসকলে বিবাহৰ প্ৰস্তাৱ পাব৷ নৱেম্বৰ মাহত উপাৰ্জন বাঢ়িব পাৰে সিংহ ৰাশিৰ জাতকৰ৷
তুলা ৰাশি
টেৰো গণনা অনুসৰি নৱেম্বৰ মাহত সম্পত্তি সংক্ৰান্তিয় বিষয়ত লাভৱান হ’ব তুলা ৰাশিৰ জাতক৷ নতুন ঘৰ বা নতুন বাহন ক্ৰয়ৰ সপোন পূৰণ হ’ব পাৰে৷ এই সময়ত আপোনাৰ জীৱনত সুখ শান্তি আহিব৷ আৰ্থিক বিষয়ত সৌভাগ্য লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷
বৃশ্চিক ৰাশি
টেৰো গণনা অনুসৰি নৱেম্বৰ মাহত ৰৈ থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ নতুন চাকৰি পোৱাৰ যোগ আছে৷ সংসাৰত শান্তি থাকিব৷ আগন্তুক মাহত পেছাগত জীৱনত উন্নতিৰ পথেৰে আগুৱাই যাব বৃশ্চিক ৰাশিৰ জাতক৷ কৰ্মক্ষেত্ৰত প্ৰভাৱ প্ৰতিপত্তি বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ