আজিৰ দিনটো দক্ষিণ আফ্ৰিকাৰ বাবে অতি দুখজনক আৰু আতংকময় হৈ পৰিছে। দেশখনৰ দুটা পৃথক স্থানত সংঘটিত হোৱা গু*লীচালনাৰ ঘটনাত মুঠ ২৭ জন লোকৰ মৃ*ত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। দুয়োটা ঘটনাই দেশখনৰ নিৰাপত্তাক লৈ নতুনকৈ উদ্বেগ সৃষ্টি কৰিছে।
প্ৰথমটো গু*লীচালনাৰ ঘটনা সংঘটিত হয় জোহান্সবাৰ্গৰ সমীপৱৰ্তী এখন চহৰত। এই ঘটনাত কমেও ১৭ জন লোক নি*হত হয় আৰু আন ১৫ জন লোক আহত হয়। গু*লীচালনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আক্ৰমণকাৰী বা আক্ৰমণকাৰীসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে অনুসন্ধান অভিযান আৰম্ভ কৰিছে।
ইফালে, একেদিনাই কেপটাউনতো আন এক ভয়ংকৰ গু*লীচালনাৰ ঘটনা সংঘটিত হয়। এই ঘটনাত মুঠ ১০ জন লোকৰ মৃ*ত্যু হয় আৰু ১১ জন লোক আহত হয়। ইয়াৰে ৫ জন লোকৰ ঘটনাস্থলীতে মৃ*ত্যু ঘটে। আন ৫ জন লোকক হাস্পতালত মৃ*ত ঘোষণা কৰে।
দুয়োটা ঘটনাক লৈ দক্ষিণ আফ্ৰিকাৰ প্ৰশাসনৰ মাজত ব্যাপক তৎপৰতা দেখা গৈছে। গু*লীচালনাৰ আঁৰত কোন আছে, আক্ৰমণৰ উদ্দেশ্য কি আছিল আৰু ঘটনাকেইটাৰ মাজত কোনো সম্পৰ্ক আছে নেকি—এই সকলো দিশ তদন্ত কৰি চোৱা হৈছে। আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত লোকসকলৰ সন্ধান চলাই থকাৰ লগতে গু*লীচালনাৰ সঠিক কাৰণ জানিবলৈ প্ৰত্যক্ষদৰ্শী আৰু অন্যান্য তথ্য সংগ্ৰহ কৰিছে। আহতসকলক বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।
এটা দিনতে দেশখনৰ দুটা পৃথক স্থানত সংঘটিত এই হিংসাত্মক ঘটনাত ২৭ জন লোকৰ মৃ*ত্যু হোৱাত স্বাভাৱিকতেই ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। অৱশ্যে, গু*লীচালনাৰ আঁৰৰ কাৰণ আৰু আক্ৰমণকাৰীৰ পৰিচয় সন্দৰ্ভত তদন্ত সম্পূৰ্ণ নোহোৱালৈকে নিশ্চিতভাৱে কোনো সিদ্ধান্তত উপনীত হোৱা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















