পেহেলগাম ঘটনাৰ অভিযুক্ত আদিল গুৰী আৰু আচিফ শেখৰ ঘৰ উৰুৱালে ভাৰতীয় সৈন্যই
পেহেলগাম আক্ৰমণৰ পিছত ভাৰতীয় সেনাই তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। জম্মু-কাশ্মীৰ আৰক্ষীৰ সহযোগত এন আই এও এই আক্ৰমণৰ তদন্ত আৰম্ভ কৰিছে।
সেই তদন্তৰ পাছতেই পেহেলগাম আক্ৰমণৰ অভিযুক্ত আছিফ শ্বেখ আৰু আদিল গুৰী ঘৰলৈ গৈ তালাচী চলাই আৰু পাছত দুয়োৰে ঘৰ বিস্ফোৰণত উৰুৱাই দিয়ে। আৰক্ষীয়ে জনোৱা মতে, সেই ঘৰত সন্দেহজনক সামগ্ৰী পোৱা গৈছিল।
ভাৰতীয় সেনাৰ অভিযান এতিয়াও অব্যাহত আছে। দুয়ো অভিযুক্তৰ ঘৰ উৰুৱাই দিয়া সন্দৰ্ভত সেনাই জানিব দিয়া অনুসৰি আদিল আৰু আছিফৰ ঘৰলৈ গৈ তালাচী অভিযান চলাইছিল। এই সময়ছোৱাত সন্দেহজনক বস্তু দেখাৰ পিছত বিপদৰ অনুভূতি অনুভৱ কৰি, নিৰাপত্তা বাহিনীৰ জোৱান তৎক্ষণাত পিছুৱাই যায় আৰু তাৰ পিছতে এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়।
এই বিস্ফোৰণৰ ফলত ঘৰটোৰ বেয়াকৈ ক্ষতিসাধন হয়। আৰক্ষীয়ে জনোৱা মতে, ঘৰটোত বিস্ফোৰক সামগ্ৰী আছিল। এই কাৰণেই এই বিস্ফোৰণ সংঘটিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















