• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

1 month ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

6 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

6 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

6 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

7 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

7 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

8 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

9 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

10 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

11 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

12 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

12 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

কি কি কাৰণত বাঢ়িব পাৰে যৌ*ন সমস্যা

editor by editor
July 8, 2026
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?
0
SHARES
279
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডায়বেটিছ বা মধুমেহ কেৱল তে*জত চেনিৰ মাত্ৰা বৃদ্ধি পোৱা ৰোগেই নহয়, যদি এই ৰোগ দীৰ্ঘদিন ধৰি নিয়ন্ত্ৰণত নাথাকে, তেন্তে ই শৰীৰৰ স্নায়ু, ৰক্তনলী, হৰম’ন, হৃদযন্ত্ৰ, বৃক্ক, চকু আদি বহু অংগত ক্ষতি কৰিব পাৰে। ইয়াৰ উপৰি ডায়বেটিছৰ এটা গুৰুত্বপূৰ্ণ কিন্তু কম আলোচনা হোৱা প্ৰভাৱ হৈছে যৌ*ন স্বাস্থ্যৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ। দীৰ্ঘদিন ধৰি অনিয়ন্ত্ৰিত ব্লাড ছুগাৰে স্নায়ু, ৰ*ক্তনলী আৰু হৰম’নৰ স্বাভাৱিক কাৰ্যক্ষমতা ব্যাহত কৰে। এই তিনিওটা যৌ*ন জীৱনৰ বাবে অতি প্ৰয়োজনীয়। সেয়েহে ডায়বেটিছৰ ফলত পুৰুষ আৰু মহিলা উভয়েই বিভিন্ন যৌ*ন সমস্যাৰ সন্মুখীন হ’ব পাৰে।

পুৰুষৰ ক্ষেত্ৰত কেনেধৰণৰ সমস্যাই দেখা দিব পাৰে?

পুৰুষৰ ক্ষেত্ৰত ডায়বেটিছৰ অন্যতম সাধাৰণ সমস্যা হৈছে ইৰেক্টাইল ডিছফাংচন (ED)। উচ্চ ব্লাড ছুগাৰে ৰ*ক্তনলীৰ ক্ষতি কৰাৰ ফলত প্ৰয়োজনীয় ৰক্ত সঞ্চালন হ্ৰাস পায়। একে সময়তে স্নায়ুৰ ক্ষতি হোৱাৰ বাবে মগজু আৰু যৌ*ন অংগৰ মাজৰ সংকেত সঠিকভাৱে আদান-প্ৰদান নহয়। লগতে ইৰে*কশ্যনৰ বাবে প্ৰয়োজনীয় নাইট্ৰিক অক্সাইডৰ উৎপাদন কমি যোৱাৰ ফলত যৌ*ন সক্ষমতা হ্ৰাস পায়। ইয়াৰ উপৰি ডায়বেটিছৰ বাবে টেষ্ট’ষ্টেৰন হৰম’নৰ মাত্ৰা কমিব পাৰে, যাৰ ফলত যৌ*ন ইচ্ছা, শক্তি আৰু মানসিক অৱস্থাও প্ৰভাৱিত হয়। ডায়বেটিছৰ ফলত পুৰুষৰ উৰ্বৰতাতো বেয়া প্ৰভাৱ পৰিব পাৰে। উচ্চ ব্লাড ছুগাৰে অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধি কৰে, যাৰ ফলত স্পা*ৰ্মৰ সংখ্যা আৰু গতিশীলতা কমি যাব পাৰে। ইয়াৰ উপৰি ইনচুলিনৰ ভাৰসাম্যহীনতাই স্পা*ৰ্ম উৎপাদন আৰু যৌ*ন ইচ্ছা দুয়োটাকেই প্ৰভাৱিত কৰে।

মহিলাৰ ক্ষেত্ৰত কেনেধৰণৰ সমস্যাই দেখা দিব পাৰে?

মহিলাৰ ক্ষেত্ৰতো ডায়বেটিছে বিভিন্ন যৌ*ন সমস্যা সৃষ্টি কৰিব পাৰে। দীৰ্ঘদিন ধৰি ব্লাড ছুগাৰ নিয়ন্ত্ৰণত নাথাকিলে যো*নিৰ শুকান ভাব, যৌ*ন ইচ্ছা হ্ৰাস, যৌ*ন উত্তেজনা অনুভৱ কৰাত অসুবিধা, অ*ৰ্গাজম লাভ কৰাত সমস্যা, যৌ*ন মিলনৰ সময়ত অস্বস্তি আৰু যো*নিৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰি ডায়বেটিছে হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰাৰ ফলত ডি*ম্বস্ফো*টন অনিয়মিত হ’ব পাৰে, ঋতুচক্ৰত পৰিৱৰ্তন আহিব পাৰে আৰু বিশেষকৈ টাইপ–২ ডায়বেটিছত ইনচুলিন ৰেজিষ্টেন্সৰ বাবে গৰ্ভধাৰণৰ ক্ষমতাও প্ৰভাৱিত হ’ব পাৰে।

এইকেইটা কাৰণতো বাঢ়িব পাৰে যৌ*ন সমস্যা

ডায়বেটিছৰ উপৰি উচ্চ ৰক্তচাপ, হৃদৰোগ, স্থূলতা, ধূমপান, মদ্যপান, মানসিক চাপ, উদ্বেগ, হতাশা, হৰম’নৰ অসামঞ্জস্য আৰু শাৰীৰিকভাৱে নিষ্ক্ৰিয় জীৱনশৈলীয়েও যৌ*ন স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ভাল খবৰ এই যে, যদি যৌ*ন সমস্যাৰ মূল কাৰণ ডায়বেটিছ হয়, তেন্তে সময়মতে ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰিলে বহু ক্ষেত্ৰত যথেষ্ট উন্নতি সম্ভৱ। অৱশ্যে এই উন্নতি নিৰ্ভৰ কৰে ডায়বেটিছ কিমান দিন ধৰি আছে, ব্লাড ছুগাৰ কিমান সময় ধৰি নিয়ন্ত্ৰণৰ বাহিৰত আছিল, স্নায়ু আৰু ৰক্তনলীৰ কিমান ক্ষতি হৈছে আৰু আন স্বাস্থ্যজনিত সমস্যা আছে নে নাই তাৰ ওপৰত।

কেনেকৈ ডায়বেটিছ নিয়ন্ত্ৰণত ৰাখিব?

ডায়বেটিছৰ সৈতে জড়িত যৌ*ন সমস্যা দেখা দিলে প্ৰথমে এণ্ড’ক্ৰাইন’লজিষ্ট বা ডায়াবেট’লজিষ্টৰ পৰামৰ্শ লোৱা উচিত। মহিলাসকলে যো*নিৰ শুকান ভাব, যৌ*ন অস্বস্তি বা উৰ্বৰতাৰ সমস্যাৰ বাবে গাইনেক’লজিষ্টৰ পৰামৰ্শ ল’ব লাগে। আনহাতে পুৰুষসকলে উৰ্বৰতা বা যৌ*ন সমস্যাৰ বাবে ইউৰ’লজিষ্ট বা এণ্ড্ৰ’লজিষ্টৰ ওচৰলৈ যাব লাগে।

ডায়বেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ স্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু সুস্থ জীৱনশৈলী অতি প্ৰয়োজনীয়। ফাইবাৰযুক্ত খাদ্য অধিক খোৱা, মৌচুমী ফল গোটেই ৰূপতে খোৱা, দীঘলীয়া সময় খালী পেটত নথকা আৰু পৰ্যাপ্ত পানী খোৱাটো উপকাৰী। লগতে সপ্তাহত কমেও ১৫০ মিনিট মধ্যম মাত্ৰাৰ ব্যায়াম কৰা, একে ঠাইত দীঘলীয়া সময় বহি নথকা, স্বাস্থ্যকৰ ওজন বজাই ৰখা, প্ৰতিদিনে ৭–৯ ঘণ্টা গুণগত টোপনি লোৱা, যোগ-ধ্যানৰ জৰিয়তে মানসিক চাপ কমোৱা, ধূমপান আৰু ম*দ্যপান পৰিহাৰ কৰা, নিয়মিত ব্লাড ছুগাৰ পৰীক্ষা কৰা, চিকিৎসকে দিয়া ঔষধ সময়মতে সেৱন কৰা আৰু নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাটো অত্যন্ত জৰুৰী।
সামগ্ৰিকভাৱে ক’ব পাৰি যে ডায়বেটিছ নিয়ন্ত্ৰণত ৰাখিলে কেৱল ৰক্তত চেনিৰ মাত্ৰাই নহয়, যৌ*ন স্বাস্থ্য আৰু উৰ্বৰতাও বহু পৰিমাণে সুৰক্ষিত ৰাখিব পাৰি। সেয়েহে এই সমস্যাক লুকুৱাই নাৰাখি সময়মতে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাটো বেছি বুদ্ধিমানৰ কাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24sexual life
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩
প্ৰযুক্তি

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

August 18, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

August 18, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
Next Post
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ'চিয়েশ্যনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.