• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

3 months ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

50 minutes ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

1 hour ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

2 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

3 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

4 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

4 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

5 hours ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

6 hours ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

7 hours ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

15 hours ago
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

15 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

হঠাতে অহা জনপ্ৰিয়তাক ধৰি ৰাখিব নোৱাৰা সন্দৰ্ভত কি ক'লে ৰাণু মণ্ডলে?

editor by editor
June 16, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত, লেখা, সংগীত
0
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?
0
SHARES
558
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আজিৰ পৰা ৭ বছৰ আগৰ কথা। নতুনকৈ ইণ্টাৰনেটৰ দুনীয়াখনে প্ৰাণ পাই উঠিছে। তেতিয়াই অৰ্থাৎ ২০১৯ত পশ্চিমবংগৰ এটা ৰে’লৱে ষ্টেশ্যনত গান গাই ভাইৰেল হৈছিল ৰাণু মণ্ডল। ইয়াৰ পিছত কেইবাটাও ৰাষ্ট্ৰীয় মনোৰঞ্জনধৰ্মী চেনেলেলৈও আমন্ত্ৰণ লাভ কৰিছিল ৰাণু মণ্ডলে। কেৱল সেয়াই নহয় বলীউডৰ প্ৰখ্যাত সংগীত পৰিচালক হিমেশ ৰেছমিয়াই এখন ছবিৰ এটা গানত কণ্ঠশিল্পী হিচাপে ভূমুকি মৰাৰো সুযোগ দিছিল ৰাণু মণ্ডলক। কিন্তু সময়ে যিদৰে একোজন মানুহক সুযোগ দিয়ে সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিব নাজানিলে সময়ে এসময়ত সকলো কাঢ়িও নিব পাৰে। এসময়ত ধুমুহাৰ গতিত ভাইৰেল হোৱা ৰাণু মণ্ডল একেই গতিত নিচিহ্নও হৈ পৰিল।

এতিয়া ক’ত, কেনেকৈ জীৱন নিৰ্বাহ কৰি আছে ৰাণু মণ্ডলে

ষ্টেশ্যনত গান গাই ভাইৰেল হৈ পৰা ৰাণু মণ্ডল সম্প্ৰতি পশ্চিমবংগৰ নদিয়া জিলাৰ ৰাণাঘাটৰ নিজ বাসভৱনত পূৰ্বৰ দৰেই জীৱন যাপন কৰি আছে। এসময়ত সকলোৰে আলোচনাৰ কেন্দ্ৰবিন্দু হোৱা ৰানু মণ্ডল এতিয়া তেওঁৰ দুটা কোঠাৰ এটা ঘৰত অকলশৰীয়াকৈ বাস কৰে। ওচৰ-চুবুৰীয়া দুই-এগৰাকী লোকে খবৰ লোৱা বাহিৰে এতিয়া আৰু কোনেও পূৰ্বৰ দৰে ৰাণু মণ্ডলৰ খবৰ নলয়। কোনেও এতিয়া পূৰ্বৰ দৰে ৰাণু মণ্ডলৰ প্ৰতি আগ্ৰহো নেদেখুৱায়। সম্প্ৰতি তেওঁ বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰেও যুঁজি আছে। সৰু-সুৰা কেইবাটাও বেমাৰে প্ৰায়ে আমনি কৰি থাকে ৰাণু মণ্ডলক। জনপ্ৰিয়তা অৰ্জন কৰাৰ সময়ত যিদৰে ৰাণু মণ্ডল আৰ্থিকভাৱে হঠাতে স্বচ্ছল হৈ পৰিছিল। হঠাতে অহা জনপ্ৰিয়তাৰ দৰে যিদৰে ৰাণু মণ্ডলে আৰ্থিক স্বচ্ছলতাৰ মুখ দেখিছিল একেদৰে জনপ্ৰিয়তা নোহোৱা হোৱাৰ পিছত আৰ্থিক স্বচ্ছলতাও আগৰ দৰে দুৰ্বল হৈ পৰে ৰাণু মণ্ডলৰ। এতিয়া ৰাণু মণ্ডলৰ খবৰ লোৱা মানুহ প্ৰায় নাই বুলিয়েই ক’ব পাৰি। ৰাণু মণ্ডলৰ কোনো আত্মীয়ও বৰ্তমান তেওঁৰ কাষত নাই। সম্পূৰ্ণ নিসংগভাৱেই জীৱন সংগ্ৰাম চলাই নিছে ৰাণু মণ্ডলে। তেওঁ যিটো ঘৰত বাস কৰি আছে সেই ঘৰটোৰ অৱস্থাও অতি জৰাজীৰ্ণ হৈ পৰিছে। খাদ্য আৰু এমুঠি বস্ত্ৰৰ বাবেও ৰাণু মণ্ডলে এতিয়া সম্পূৰ্ণৰূপে আনৰ ওপৰতেই নিৰ্ভৰ কৰি চলিবলগীয়া হৈছে। অৱশ্যে মাজে সময়ে সৰু সৰু ইউটিউবাৰ আৰু ছ’চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে তেওঁক বিচাৰি তেওঁৰ বাসগৃহলৈ যায় আৰু সাধ্য অনুসাৰে কিছু সামগ্ৰী বা ধনেৰে সহায় কৰে।

জনপ্ৰিয়তাক ধৰি ৰাখিব নোৱাৰা সন্দৰ্ভত ৰাণু মণ্ডলৰ নাই কোনো আক্ষেপ

হঠাতে অহা জনপ্ৰিয়তাক ধৰি ৰাখিব নোৱাৰৰ বাবে আক্ষেপ নকৰে ৰাণু মণ্ডলে। তেওঁ এই সন্দৰ্ভত কয় যে- জনপ্ৰিয় হোৱাৰ আগতেও মোৰ জীৱন সংগ্ৰামেৰেই পাৰ হৈছিল। এমুঠি ভাতৰ বাবেই আছিল সেই সংগ্ৰাম। এতিয়াও একেই ধৰণৰ জীৱন সংগ্ৰামেৰে মোৰ জীৱন অতিবাহিত হৈছে। গতিকে এনেধৰণৰ দৈনিকপঞ্জীত মই অভ্যস্ত। এজাক ধুমুহাৰ দৰে জনপ্ৰিয়তা আহিল আৰু গ’ল। অৱশ্যে জনপ্ৰিয়তাৰ সেই সময়ছোৱা ৰাণু মণ্ডলৰ জীৱনৰ সবাটোকৈ মূল্যৱান আৰু ভাল সময় বুলি মন্তব্য কৰে তেওঁ। সেই সময়ছোৱাত লগ পোৱা চিনাকি-অচিনাকি মানুহবোৰৰ পোৱা মৰমৰ কথা সুঁৱৰি কেতিয়াবা অকলশৰে থকা সময়খিনিত আৱেগিক হৈ পৰে ৰাণু মণ্ডল।

সৰুৰে পৰা গানৰ প্ৰতি তীব্ৰ আকৰ্ষণ আছিল ৰাণু মণ্ডলৰ

ৰাণাঘাটৰ বাসিন্দা ৰানু মণ্ডলৰ সৰুৰে পৰা সংগীতৰ প্ৰতি গভীৰ আগ্ৰহ আছিল। অৱশ্যে সৰুৰে পৰা এমুঠি ভাতৰ বাবে সংগ্ৰাম কৰি অহা ৰাণু মণ্ডলে কেতিয়াও লোৱা নাছিল সংগীতৰ আনুষ্ঠানিক শিক্ষা। ঘৰৰ ওচৰৰে সম্বন্ধীয় মাহীয়েক এগৰাকীৰ ঘৰত ৰেডিঅ’ত বাজি থকা গানবোৰ শুনিয়েই নিজে নিজে গান গাবলৈ শিকিছিল ৰাণু মণ্ডলে। তেওঁ লতা মংগেশকৰ, আশা ভোছলে, কিশোৰ কুমাৰ আৰু মহম্মদ ৰফীৰ গীত শুনি ডাঙৰ-দীঘল হৈছিল। কেৱল শুনাই নহয়, সেই গীতবোৰ লগে লগে তেওঁ নিজেও গাইছিল। সংগীতৰ প্ৰতি এই অনুৰাগেই পাছত তেওঁক ৰাণাঘাট ৰেলৱে ষ্টেচনৰ ইণ্টাৰনেটৰ বিশাল মঞ্চলৈ আগবঢ়াই দিয়ে। লতা মংগেশকাৰৰ ‘এক প্যাৰ কা নগমা হ্যায়’ গানটো ৰাণু মণ্ডলৰ অন্যতম প্ৰিয় গীত, যিটো গীতেৰেই তেওঁ এসময়ত লাভ কৰিছিল জনপ্ৰিয়তা।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!
অসম

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

September 12, 2026
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?
প্ৰযুক্তি

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

September 12, 2026
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব
জীৱনশৈলী

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
Next Post
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ'ব জানক দৈনিক ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.