অসম লাইভ২৪ঃ পঞ্চমবাৰৰ বাবে সংসাৰ ভাঙি চৰ্চাত বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী পৰীমণি৷ অভিনয়তকৈ বাৰে বাৰে বিচ্ছেদৰ বাবেহে বিশ্বজুৰি চৰ্চাত থাকে পৰীমণি৷ অভিনেত্ৰীগৰাকীয়ে বৰ্তমানলৈ মুঠ কিমানবাৰ বিবাহপাশত আৱদ্ধ হ’ল? উইকিপিডিয়াৰ তথ্য দেখিলে বহুতেই আচৰিতো হয়৷ উইকিপিডিয়াৰ তথ্যমতে এইবাৰ পঞ্চমবাৰৰ বাবে বিবাহ বিচ্ছেদ হৈছে পৰীমণিৰ৷
প্ৰথমবাৰৰ বাবে পৰীমণিয়ে ২০১০ চনত ইছমাইল হুছেইন নামৰ ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ সেই বিবাহৰ সম্পৰ্ক মাত্ৰ ২ বছৰহে থাকিল৷ ২০১২ত দুয়োৰে বিবাহ বিচ্ছেদ হয়৷ তাৰপাছতেই RJ তামিম হাছানৰ সৈতে ২০১৯ চনত বিবাহ৷ সেই সম্পৰ্কও মাত্ৰ এবছৰহে চলিল৷ ২০২০ৰ মাৰ্চত দুয়োৰে মাজত বিচ্ছেদ হয়৷ এই বিচ্ছেদৰ পাছত বাংলা ফিল্ম ডাইৰেক্টৰ কামৰুজ্জামান ৰাণিৰ সৈতে বিবাহ৷ সেই বিবাহো ছমাহতকৈ বেছি দিন নচলিল৷ ২০২১ চনৰ অক্টোবৰত পুনৰ বিয়াত বহিল পৰীমণি৷ এইবাৰ স্বামীৰ স্থানত বাছনি কৰিলে বাংলাদেশৰেই জনপ্ৰিয় অভিনেতা শৰিফুল ৰাজক৷ এই পঞ্চম স্বামীকো ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে অভিনেত্ৰীগৰাকীয়ে৷
উল্লেখ্য যে বিগত ৩০ ডিচেম্বৰত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এটা বিশেষ পষ্ট৷ য’ত অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘মই আজি ৰাজক মোৰ জীৱনৰ পৰা মুক্ত কৰি দিলো৷ লগতে নিজকো এটা অসুস্থ সম্পৰ্কৰ পৰা মুক্ত কৰিলো৷ জীৱনটো সুস্থভাৱে জীয়াই থকাৰ স্বাৰ্থত এয়া খুবেই জৰুৰী৷’ সামাজিক মাধ্যমত এই প’ষ্ট শ্বেয়াৰ কৰিছে যদিও বৰ্তমানলৈ এই সম্পৰ্কক লৈ আইনী পদক্ষেপ লোৱা নাই অভিনেত্ৰীগৰাকীয়ে৷ কিয় ৰাজৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰিব খুজিছে সেই সম্পৰ্কেও কোনো বাখ্যা দাঙি ধৰা নাই অভিনেত্ৰীগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ