অসম লাইভ২৪ঃ উচ্চতম ন্যায়ালয়ে ২০১৬ চনত ৫০০ আৰু ১,০০০ টকাৰ বিমুদ্ৰাকৰণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে বাহাল ৰাখিছে। উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে বিমূদ্ৰাকৰণক লৈ লোক সিদ্ধান্ত সঠিক আছিল এতিয়া আৰু উচ্চতম ন্যায়ালয়ে কোনো কাৰণতে সিদ্ধান্ত সলনি কৰিব নোৱাৰে বুলি ৰায়দান দিছে। ইয়াৰ সৈতে, আদালতে ৫৮খন আবেদন খাৰিজ কৰিছে। উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠত এই সিদ্ধান্ত ৪-১ ত সমৰ্থিত বুলি জনাইছে।
উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ত উল্লেখ থকামতে বিমুদ্ৰাকৰণৰ আগতে, কেন্দ্ৰীয় চৰকাৰে আৰবিআইৰ পৰামৰ্শ লৈছিল। উচ্চ ন্যায়ালয়ে দিয়া ৰায়ত উল্লেখ থকা অনুযায়ী বিমুদ্ৰাকৰণ কৰাৰ বাবে আৰবিআইৰ কোনো স্বতন্ত্ৰ ক্ষমতা নাই আৰু কেন্দ্ৰ আৰু আৰবিআইৰ মাজত পৰামৰ্শৰ পিছতহে এই সিদ্ধান্ত লোৱা হৈছিল।
ন্যায়াধীশ বি আৰ গাভাই লগতে কয়, ‘কেন্দ্ৰৰ সিদ্ধান্তত কোনো ত্ৰুটি থাকিব নোৱাৰে কিয়নো বিষয়টো ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু চৰকাৰৰ মাজত আগতে আলোচনা কৰা হৈছিল। যি উদ্দেশ্যৰে সিদ্ধান্ত লোৱা হৈছিল সেয়া পূৰণ হৈছে নে নাই সেয়া প্ৰাসংগিক নহয়।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ