• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

3 weeks ago
‘হত শৈশৱ’

‘হত শৈশৱ’

42 minutes ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

3 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

5 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

5 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

6 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

6 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

6 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

8 hours ago
বৈপৰীত্য

বৈপৰীত্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

আলোচনা চলিছে ফিটমেণ্ট ফেক্টৰক লৈ

editor by editor
September 7, 2026
in জীৱনশৈলী, নিয়োগ, ভাৰত, লেখা
0
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজত এতিয়া ৮ম দৰমহা আয়োগক লৈ ব্যাপক চৰ্চা চলিছে। নতুন দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ পিছত কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি পাব, সেই বিষয়টোক লৈ বিশেষ আগ্ৰহ দেখা গৈছে। ইয়াৰ মাজতে আটাইতকৈ বেছি আলোচনা চলিছে ফিটমেণ্ট ফেক্টৰক লৈ। ফিটমেণ্ট ফেক্টৰ হৈছে এনে এটা গুণক, যাৰ জৰিয়তে পুৰণি মৌলিক দৰমহাৰ ভিত্তিত নতুন মৌলিক দৰমহা নিৰ্ধাৰণ কৰা হয়। ৭ম দৰমহা আয়োগত ২.৫৭ ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰা হৈছিল। এতিয়া যদি ৮ম দৰমহা আয়োগতো একে ২.৫৭ ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰা হয়, তেন্তে কৰ্মচাৰীসকলৰ মৌলিক দৰমহা যথেষ্ট বৃদ্ধি পাব পাৰে।

ফিটমেণ্ট ফেক্টৰ কেনেকৈ কাম কৰে?

সহজ ভাষাত ক’বলৈ গ’লে, পুৰণি মৌলিক দৰমহাক নিৰ্দিষ্ট ফিটমেণ্ট ফেক্টৰে গুণ কৰিলে নতুন মৌলিক দৰমহাৰ এটা সম্ভাব্য অংক পোৱা যায়। উদাহৰণস্বৰূপে, যদি কোনো কৰ্মচাৰীৰ বৰ্তমানৰ মৌলিক দৰমহা ১৮,০০০ টকা হয় আৰু ফিটমেণ্ট ফেক্টৰ ২.৫৭ ধৰা হয়, তেন্তে— ১৮,০০০ টকা × ২.৫৭ = ৪৬,২৬০ টকা। অৰ্থাৎ নতুন মৌলিক দৰমহা ৪৬,২৬০ টকা হ’ব পাৰে।

পিয়নৰ পৰা শিক্ষকৰ দৰমহালৈ কিমান হ’ব পাৰে?

৭ম দৰমহা আয়োগ অনুসৰি লেভেল-১ৰ কৰ্মচাৰী, যেনে পিয়ন বা MTSৰ আৰম্ভণিৰ মৌলিক দৰমহা ১৮,০০০ টকা। ২.৫৭ ফিটমেণ্ট ফেক্টৰ ধৰা হ’লে এই দৰমহা সম্ভাব্যভাৱে টকা ৪৬,২৬০লৈ বৃদ্ধি পাব পাৰে। একেদৰে লেভেল-৬ৰ প্ৰাথমিক শিক্ষক বা TGT শিক্ষকৰ আৰম্ভণিৰ মৌলিক দৰমহা ৩৫,৪০০ টকা। ২.৫৭ৰে গুণ কৰিলে— ৩৫,৪০০ টকা × ২.৫৭ = ৯০,৯৭৮ টকা। অৰ্থাৎ এই হিচাপ অনুসৰি মৌলিক দৰমহা প্ৰায় ৯১ টকা হাজাৰ হ’ব পাৰে।

লেভেল-১০ৰ বিষয়াৰ দৰমহা

লেভেল-১০ত নিযুক্ত বিষয়াৰ আৰম্ভণিৰ মৌলিক দৰমহা ৫৬,১০০ টকা। ২.৫৭ ফিটমেণ্ট ফেক্টৰ ধৰা হ’লে— ৫৬,১০০ টকা × ২.৫৭ = ১,৪৪,১৭৭ টকা। অৰ্থাৎ এই হিচাপ অনুসৰি লেভেল-১০ৰ বিষয়াৰ আৰম্ভণিৰ মৌলিক দৰমহা ১.৪৪ লাখ টকাৰো অধিক হ’ব পাৰে। মনত ৰখা প্ৰয়োজন যে ওপৰৰ অংকসমূহ কেৱল মৌলিক দৰমহাৰ সম্ভাব্য হিচাপ। কৰ্মচাৰীৰ প্ৰকৃত মাহিলী দৰমহা কেৱল বেচিক পে’ৰে নিৰ্ধাৰিত নহয়। ইয়াৰ সৈতে Dearness Allowance (DA), House Rent Allowance (HRA), Transport Allowance (TA) আদি বিভিন্ন ভাট্টা জড়িত থাকে। নতুন দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ সময়ত DAৰ পুনৰ নিৰ্ধাৰণ, HRA আৰু অন্যান্য ভাট্টাৰ ক্ষেত্ৰতো পৰিৱৰ্তন হ’ব পাৰে। সেয়েহে নতুন দৰমহাৰ প্ৰকৃত পৰিমাণ ফিটমেণ্ট ফেক্টৰৰ লগতে চৰকাৰে গ্ৰহণ কৰা অন্যান্য সিদ্ধান্তৰ ওপৰতো নিৰ্ভৰ কৰিব।

পেঞ্চনাৰসকলৰ বাবেও গুৰুত্বপূৰ্ণ

৮ম দৰমহা আয়োগৰ প্ৰভাৱ কেৱল কৰ্মৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মাজতে সীমাবদ্ধ নাথাকিব। পেঞ্চনাৰসকলৰ পেঞ্চনতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। যদি ২.৫৭ ফিটমেণ্ট ফেক্টৰ ধৰা হয়, তেন্তে বৰ্তমানৰ ৯,০০০ টকা নূন্যতম পেঞ্চনৰ ক্ষেত্ৰত একে ধৰণৰ গাণিতিক হিচাপ কৰিলে— ৯,০০০ টকা × ২.৫৭ = ২৩,১৩০ টকা। অৰ্থাৎ নূন্যতম পেঞ্চন ২৩,১৩০ টকা হোৱাৰ সম্ভাব্য হিচাপ পোৱা যায়।

এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই

ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ৮ম দৰমহা আয়োগত ২.৫৭ ফিটমেণ্ট ফেক্টৰেই চূড়ান্তভাৱে কাৰ্যকৰী হ’ব বুলি এতিয়াও নিশ্চিত হোৱা নাই। চৰকাৰে শেষত কিমান ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰে, তাৰ ওপৰতেই কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰকৃত দৰমহা-পেঞ্চন বৃদ্ধি নিৰ্ভৰ কৰিব। সেয়েহে ৪৬,২৬০ টকা, ৯০,৯৭৮ টকা বা ১,৪৪,১৭৭ টকা আদি অংকক সম্ভাব্য হিচাপ হিচাপেহে চাব লাগে, নিশ্চিত নতুন দৰমহা হিচাপে নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 8th Pay Commissionasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
দ্য  ইনভিজিবল  মেন
সমীক্ষণ (আলোচনী)

দ্য ইনভিজিবল মেন

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
Next Post
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

'পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে'

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.