টি-২০ বিশ্বকাপৰ ফাইনেলত মুখামুখি ভাৰত আৰু দক্ষিণ আফ্ৰিকা৷ চেম্পিয়ন হ’লে ৰোহিত শৰ্মাহঁতে পুৰস্কাৰ মূল্যত কিমান ধন পাব সেই হিচাপো প্ৰকাশ কৰিছে ইণ্টাৰনেশ্ব্যনেল ক্ৰিকেট কাউন্সিলে৷ ৰানাৰ্ছ হ’লেও মোটা অংকৰ ধন লাভ কৰিব ভাৰতীয় দলে৷
এইবাৰৰ টি-২০ বিশ্বকাপৰ ফাইনেলৰ বাবে ৰেকৰ্ড পুৰস্কাৰমূল্য ঘোষণা কৰিছে আইচিচিয়ে৷ বিশ্বকাপৰ বাবে মুঠ ১ কোটি ১২ লাখ ৫০ হাজাৰ ডলাৰ আৰ্থিক পুৰস্কাৰমূল্য ঘোষণা কৰা হৈছে৷ ভাৰতীয় মুদ্ৰাত সেই ধনৰ পৰিমাণ হ’ব প্ৰায় ৯৩ কোটি ৫০ লাখ টকা৷ টি-২০ বিশ্বকাপৰ সকলো স্তৰৰেই পুৰস্কাৰমূল্য বৃদ্ধি কৰা হৈছে৷
ৰোহিত শৰ্মা, বিৰাট কোহলিয়ে বিশ্বকাপ জয় কৰিলে ২৪ লাখ ৫০ হাজাৰ ডলাৰ পুৰস্কাৰমূল্য পাব৷ ভাৰতীয় মুদ্ৰাত বিশ্বচেম্পিয়ন দলে পাব ২০ কোটি ৩৬ লাখ টকা৷ এই প্ৰথমবাৰ টি-২০ বিশ্বকাপ জিকিলে আইপিএলতকৈ বেছি পুৰস্কাৰমূল্য পোৱা যাব৷ আইপিএলৰ চেম্পিয়ন হৈ কলকাতা নাইট ৰাইডাৰ্ছে এইবাৰ লাভ কৰিছে ২০ কোটি টকা৷ টি-২০ বিশ্বকাপ ফাইনেলত উঠা দুই দলৰ বাবেই আছে ৰেকৰ্ড পৰিমানৰ আৰ্থিক পুৰস্কাৰ৷ ৰানাৰ্ছ দলক দিয়া হ’ব ১২ লাখ ৮০ হাজাৰ ডলাৰ বা প্ৰায় ১০ কোটি ৬৮ লাখ টকা৷ শনিবাৰে ফাইনেলত জিকিব নোৱাৰিলেও ১০ কোটি টকাতকৈয়ো বেছি ধন লৈ আহিব ৰোহিত বাহিনীয়ে৷
ছেমিফাইনেলত বিদায় লোৱা ইংলেণ্ড আৰু আফগানিস্তানে পুৰস্কাৰমূল্য হিচাপে পাব ৭ লাখ ৮৭ হাজাৰ ৫০০ ডলাৰ বা প্ৰায় ৬ কোটি ৫৮ লাখ টকা৷ পঞ্চমৰ পৰা অষ্টম স্থানত শেষ কৰা চাৰিখন দেশে আৰ্থিক পুৰস্কাৰ হিচাপে পাব ৩ লাখ ৮২ হাজাৰ ৫০০ ডলাৰ৷ ভাৰতীয় মূল্যত প্ৰায় ৩ কোটি ১৮ লাখ টকা৷ ছুপাৰ এইট পৰ্বৰ পৰা বিদায় লোৱা অষ্ট্ৰেলিয়া, ৱেষ্ট ইণ্ডিজ, বাংলাদেশ আৰু আমেৰিকাই এই টকা পুৰস্কাৰ হিচাপে পাব৷
গ্ৰুপ পৰ্বৰ পৰা বিদায় লোৱা ১২খন দেশৰ বাবেও আছে আৰ্থিক পুৰস্কাৰ৷ পাকিস্তান, কানাডা, আয়াৰলেণ্ড, স্কটলেণ্ড, নামিবিয়া, ওমান, নিউজিলেণ্ড, উগাণ্ডা, পাপুৱা নিউ গিনি, শ্ৰীলংকা, নেদাৰলেণ্ডছ আৰু নেপালে পুৰস্কাৰমূল্য হিচাপে পাব ২ লাখ ৪৭ হাজাৰ ৫০০ ডলাৰ৷ অৰ্থাৎ প্ৰায় ২ কোটি ৬হাজাৰ টকা৷ অংশগ্ৰহণকাৰী প্ৰতিটো দলৰ বাবে আছে অইন কেইবাটাও আৰ্থিক পুৰস্কাৰ৷ ছুপাৰ এইট পৰ্ব পৰ্যন্ত প্ৰতিখন মেচত জয়ী হোৱা দলসমূহে পাইছে ৩১, ১৫৪ ডলাৰ বা প্ৰায় ২৬ লাখ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ