অসম লাইভ ২৪ঃ পৰিষ্কাৰ-পৰিচ্ছন্নতা সু-স্বাস্থ্য বজাই ৰখাৰ প্ৰধান আৰু অপৰিহাৰ্য কাম। নিজৰ স্বাস্থ্য অটুট ৰাখিবলৈ প্ৰত্যেকেই নিজক চাফ-চিকুনকৈ ৰাখে। কেৱল শৰীৰৰ বাহিৰৰ অংশই নহয় ভিতৰভাগো পৰিষ্কাৰকৈ ৰাখিব লাগে। ঠিক তেনেদৰে নাক, কাণ আদি অংগসমূহো পৰিষ্কাৰ কৰি ৰাখিব লাগে। কনামাকৰি অৰ্থাৎ কামৰ ভিতৰৰ মল বুলি ক’লে আপোনাৰ মনত নিশ্চয় ঘিণ উপজে। কিন্তু এই কনামাকৰি আমাৰ শৰীৰৰ এনে এক প্ৰাকৃতিক নিঃসৰণ যিয়ে শৰীৰক বিভিন্ন ধৰণেৰে সহায় কৰে। সমান্তৰালকৈ আমি এইসমূহ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চাফা কৰি ৰখাটোও অতি প্ৰয়োজনীয়। ব্ৰিটেইনৰ ইএনটি চাৰ্জন গ্ৰেবিয়েল বেষ্টনে কাণখন পৰিষ্কাৰকৈ ৰখাৰ উৎকৃষ্ট উপায় উল্লেখ কৰিছে। ডাঃ গেব্ৰিয়লৰ মতে, কাণৰ মল এনে এক পদাৰ্থ যি কাণৰ ভিতৰত থকা গ্ৰন্থিসমূৰ পৰা উৎপন্ন হয় আৰু ই শৰীৰক বিভিন্ন ধৰণেৰে সহায় কৰে।
কাণৰ ভিতৰৰ মলৰ সৈতে জড়িত কেইটামান গুৰুত্বপূৰ্ণ কথা-
- কনামাকৰিয়ে কাণৰ ভিতৰভাগ পৰিষ্কাৰ কৰি ৰখাৰ লগতে স্বাস্থ্যৱান কৰি ৰাখে।
- ই কৰ্ণনলিকাৰ ওপৰত পৰা বিভিন্ন তৰপসমূহ শুকাই যোৱা বা ফাটি যোৱাত বাধা দিয়ে।
- ই কাণৰ ভিতৰভাগ ধূলিকণা আৰু পানীৰ পৰা বচাই ৰাখে যিয়ে সংক্ৰমণ ৰোধত সহায় কৰে।
- বহু সময়ত আমাৰ কৰ্ণনলিকা নিজে নিজেই চাফা হয়।
কনমাকৰি চাফা কৰা কৰাৰ সহজ উপায়-
কটন বাডচঃ কটন বাডচ সহায়ত আপুনি সহজেই কাণৰ মল চাফা কৰিব পাৰে। কাণৰ ভিতৰভাগত কোনো কষ্ট নোপোৱাকৈ কাণ চাফা হয় কটন বাডচৰ সহায়ত।
ইয়েৰ কেণ্ডেলচঃ যিসকলে কনামাকৰিৰ পৰা বিভিন্ন সমস্যাৰ সন্মুখীন হয়, সেইসকলৰ বাবে কাণ চাফা কৰাৰ সহজ উপায় হ’ল ইয়েৰ কেণ্ডেলচ। ইয়াৰ জৰিয়তে কাণৰ ভিতৰৰ মল বা অন্য অংগ চাফা কৰিব পৰা যায়।
ইয়েৰ ড্ৰাপ্সঃ বহুলোকে কাণ চাফা কৰিবৰ বাবে ইয়েৰ ড্ৰাপ্সক প্ৰথম বিকল্প হিচাপে গ্ৰহণ কৰে।
মাইক্ৰ’চেক্সনঃ গুৰুতৰভাৱে অসুস্থ ৰোগীৰ বাবে কান চাফা কৰাৰ সহজ উপায় হ’ল মাইক্ৰ’চেক্সন। এই প্ৰক্ৰিয়া যথেষ্ট সুৰক্ষিত। এই প্ৰক্ৰিয়াৰ ব্যৱহাৰে সহজেই ৰোগীৰ কানৰ ভিতৰভাগ চাফা কৰিব পৰা যায়।
বিভিন্ন ক্ষেত্ৰত কাণৰ ভিতৰৰ মল উপকাৰী যদিও প্ৰয়োজনতকৈ অধিক হ’লে ই কাণৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। কাণৰ বিষ অথবা শ্ৰৱণ শক্তিও হ্ৰাস কৰিব পাৰে কনামাকৰিয়ে। গতিকে কাণৰ ভিতৰভাগ চাফা কৰি ৰখাটো নিতান্তই প্ৰয়োজনীয়। কিন্তু এইক্ষেত্ৰত আমি উত্তম উপায় অৱলম্বন কৰিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ