শনিদেৱক ন্যায়ৰ দেৱতা বুলিও কোৱা হয়। তেওঁৰ দৃষ্টিৰ পৰা হাত সাৰিবলৈ সকলোৱে তেওঁক প্ৰণাম কৰে। কিন্তু শনি দেৱৰ পূজাৰ সময়ত কি নিয়ম মানি চলিব লাগে জানেনে? শনিদেৱক পূজা কৰাৰ নিয়ম পালন নকৰিলে বিৰূপ পৰিণতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। শনি দেৱক মূলতঃ শনিবাৰে পূজা কৰা হয়। কিছুমান বস্তু শনি দেৱৰ পূজাত ভুল কৰিও ব্যৱহাৰ কৰা উচিত নহয়। বিশ্বাস মতে এনে কৰিলে খং উঠে।
সন্তুষ্ট কৰিবলৈ মন্ত্ৰ
সৰল মন্ত্ৰ: ওম শং শনৈশচৰায় নমঃ
তান্ত্ৰিক মন্ত্ৰ: ওম প্ৰিং প্ৰিং প্ৰং সাঃ শনৈশচৰায় নমঃ
বৈদিক মন্ত্ৰ: ওম শন্নো দেৱীৰাভিষ্ঠায় আপো ভৱন্তু পীতায়ে শন্যো ৰভিশ্ৰৱন্তু নাহঃ
দশ-শমন মন্ত্ৰ: ওম নীলঞ্জনাসমভাসম ৰবিপুত্ৰ যমগ্ৰজম। ছয়মৰ্তন্দ সম্ভূতম টং নমমি শনৈশচৰাম।
কেনেকৈ পূজা কৰিব?
জ্যোতিষ শাস্ত্ৰত অন্যতম নৱগ্ৰহ শনিদেৱক গ্ৰহৰ ৰজা বুলি কোৱা হয়। তেওঁ উগ্ৰ দেৱতা হিচাপেও পৰিচিত। তেওঁৰ কুদৃষ্টিয়ে অশুভ ফল লৈ আহে বুলি বিশ্বাস কৰা হয়। সপ্তাহৰ শনিবাৰৰ দিনটো তেওঁৰ নামতে উৎসৰ্গিত। এই দিনটোত তেওঁৰ পূজা কৰিলে অশুভ দৃষ্টিৰ পৰা মুক্তি পোৱা যায় বুলি বিশ্বাস জ্যোতিষ বিশেষজ্ঞসকলৰ।
- শনিদেৱৰ মন্দিৰত বা ঘৰৰ বাহিৰত তেওঁৰ পূজা কৰিব। ঘৰৰ মন্দিৰত তেওঁৰ পূজা কৰা নহয়।
- নীলা বা কৃষ্ণবৰ্ণৰ ঘট, ফুল, বস্ত্ৰ, মাহ, ক’লা তিল, গাখীৰ, সৰিয়হৰ তেলৰ দৰে উপকৰণ শনিদেৱৰ পূজাত অত্যন্ত গুৰুত্বপূৰ্ণ।
- শনিবাৰে সন্ধিয়া আহত গছৰ তলত বন্তি জ্বলাওক। এয়া কৰিলে শনিদেৱ তুষ্ট হয় বুলি বিশ্বাস।
- শনিবাৰে দান কৰক ক’লা তিল, ক’লা কাপোৰ আৰু লোহা। শনিবাৰে সাত্ত্বিক আহাৰ গ্ৰহণ কৰক। সেউজীয়া ঘাঁহৰ ওপৰত খোজ কাঢ়ক খালী ভৰিৰে।
শনি মন্ত্ৰ জপ কৰাৰ নিয়ম
শনিবাৰে সন্ধিয়া আপোনাৰ মন্দিৰত পূব বা পশ্চিম ফালে মুখ কৰি বহিব। ৰুদ্ৰাক্ষৰ মালা ব্যৱহাৰ কৰক। আপুনি ১০৮ বাৰ বা যিমানবাৰ আৰাম অনুভৱ কৰে সিমানবাৰ মন্ত্ৰ জপ কৰিব পাৰে। শনি মন্ত্ৰ জপ কৰাৰ পিছত শনি দেৱৰ আশীৰ্বাদৰ বাবে প্ৰাৰ্থনা কৰক।
(অস্বীকাৰ: এই তথ্য ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Asom Live 24 ইয়াক নিশ্চিত নকৰে।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















