অসম লাইভ ২৪ঃ হাৰ্ট এটেক বা হৃদযন্ত্ৰ বিকল প্ৰায়সংখ্যক লোকৰ গুৰুতৰ সমস্যা হৈ পৰিছে। প্ৰতি বছৰে হাৰ্ট এটেকত বহু লোকৰ মৃত্যু হয়। হৃদপিণ্ডৰ ৰক্তবাহী নলি, যাৰ মাজেৰে তেজ পৰিবাহিত হয় সেই নলী ব্লক হ’লেই তেজৰ চলাচল বন্ধ হৈ পৰে। যাৰ ফলত হাৰ্ট এটেক বা হৃদযন্ত্ৰ সম্পূৰ্ণৰূপে বিকল হৈ পৰে। এই সমস্যা হঠাতেই হয়নে?
হাৰ্ট এটেকৰ পূৰ্বে কিবা লক্ষণে দেখা দিয়েনে? শৰীৰত দীৰ্ঘদিনে লক্ষণ থকা স্বত্বেও আমাৰ সাধাৰণতে ৰোগটোৰ পূৰ্ববৰ্তী লক্ষণ সম্পৰ্কে কোনো ধাৰণা নাই। সেয়ে হৃদৰোগৰ বিভিন্ন লক্ষণে দেখা দি থাকিলেও আমি বহুতেই ৰোগ সম্পৰ্কে গম নাপাও। চিকিৎসকে এই ৰোগৰ পূৰ্ববৰ্তী লক্ষণসমূহৰ কথা উল্লেখ কৰিছে। একোজন হৃদৰোগত আক্ৰান্ত ব্যক্তিৰ হৃদযন্ত্ৰ বিকল হোৱাৰ প্ৰায় এসপ্তাহ আগৰে পৰা দেখা দিয়ে কেইবাটাও লক্ষণে।
হাৰ্ট এটেকৰ পূৰ্ববৰ্তী এটা লক্ষণ হৈছে নিশাৰ ভাগত হঠাতেই বুকুৰ বাওঁফালে অস্বস্তি লগা, বুকুৰ বিষ, পেটৰ বিষ আদিয়ে দেখা দিয়ে। বহুসংখ্যকেই আমি ইয়াক গেছৰ বাবে হোৱা বুলি ভাৱি লওঁ। কেতিয়াবা এই বিষ বাওঁ হাতৰ পৰা পিঠিৰ ফালে বিষটো অনুভূত হ’বলৈ আৰম্ভ কৰে। কেতিয়াবা বুকুত ওজন ভাৱ, হঠাৎ ঘামি যোৱা এইকেইটা লক্ষণো পৰিস্ফুত হয়। যদি এইকেইটা লক্ষণ ৩০ মিনিটৰো অধিক সময় ধৰি থাকে তেন্তে ৰোগীগৰাকীৰ হাৰ্ট এটেকৰ লক্ষণ আৰম্ভ হোৱা বুলি ধৰিব পাৰি। ইয়াৰোপৰি অলপতেই ক্লান্ত হৈ পৰা, দুৰ্বল লগা, গেছট্ৰিকৰ সমস্যা আদি উপসৰ্গই দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ