লিভাৰৰ মাৰাত্মক অসুখেই হৈছে হেপাটাইটিছ৷ মূলত লিভাৰৰ প্ৰদাহজনিত অসুখ যি ভাইৰাছৰ সংক্ৰমণত হয়৷ বিশ্বজুৰি বৃদ্ধি পাইছে হেপাটাইটিছত আক্ৰান্তৰ সংখ্যা৷ আমাৰ দেশতো আক্ৰান্তৰ সংখ্যা কম নহয়৷ বিশ্ব স্বাস্থ্য সংস্থা(WHO) ৰ সমীক্ষাই কৈছে যে, ভাৰতত হেপাটাইটিছ বি আৰু চি ৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ এই ৰোগৰ বিভিন্ন ধৰণ আছে৷ হেপাটাইটিছ এ আৰু ই সংক্ৰমিত হয় দূষিত খাদ্য আৰু পানীৰ মাধ্যমেৰে৷ আৰু হেপাটাইটিছ বি আৰু চি আৰু ডি সংক্ৰমিত হয় ৰক্তৰ মাধ্যমেৰে৷
এই বিষয়ে সংক্ৰামক ৰোগ বিশেষজ্ঞই কৰিছে কেইবাটাও মন্তব্য৷ হেপাটাইটিছৰ চি, এ আদিৰ তুলনাত হেপাটাইটিছ বি অতিকৈ ভয়ংকৰ৷ কাৰণ হেপাটাইটিছ বিৰ পৰাই লিভাৰৰ কৰ্কটো হ’ব পাৰে৷ মনত ৰাখিব যে হেপাটাইটিছ বি তেজৰ দ্বাৰা বিয়পে৷ সেয়ে অন্য কোনো হেপাটাইটিছ বি আক্ৰান্তই ব্যৱহাৰ কৰা ক্ষুৰ, টুথব্ৰাছ, চিৰিঞ্জ আদিৰ পৰাও এই ৰোগ বিয়পিব পাৰে৷ ভাইৰাছটো শৰীৰত প্ৰৱেশ কৰাৰ পাছত ৭দিন পৰ্যন্ত বাছি থাকে এজনৰ শৰীৰত সোমাই থকা এই বীজাণু কেনেকৈ অন্য লোকৰ দেহলৈ প্ৰৱেশ কৰে?
ধৰা হ’ল কোনোৱে থু পেলাইছে সেই থু আপোনাৰ সংস্পৰ্শলৈ আহিলে হেপাটাইটিছ-বিৰ জীৱানু আপোনাৰ শৰীৰত সোমাব পাৰে৷ বা কটা স্থানৰ পৰা ওলোৱা তেজ অন্য এজনৰ কটা ঘাৰ সংস্পৰ্শলৈ আহিলেও এই ৰোগ বিয়পিব পাৰে৷ বিশেষকৈ ক্ষুৰ, ফণী বা ৰেজৰৰ পৰা ইয়াৰ সংক্ৰমণৰ হাৰ অধিক৷ সেয়ে এই ক্ষেত্ৰত সাৱধান হোৱাটো অতি জৰুৰী৷ হেপাটাইটিছ-বিৰ বীজাণু এবাৰ শৰীৰত প্ৰৱেশ কৰিলে সকলোতকৈ আগত লীভাৰত সংক্ৰমণ ঘটে৷ জণ্ডিছৰ উপসৰ্গই দেখা দিয়ে৷ যদি সঠিক সময়ত চিকিৎসা কৰা নহয় তেন্তে লীভাৰৰ জটিল অসুখে দেখা দিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ