খজুৱতি অস্বস্তিকৰে নহয় বিৰক্তিকৰো৷ যেতিয়া মূৰ খজুৱাই সেই সমস্যা আৰু গুৰুতৰ যেন লাগে৷ অস্বস্তিও তৈয়াৰ হয়৷ বজাৰত চলিত তেল, চেম্পু যিমানেই নাথাকক কিয় কোনো এটাই স্থায়ী সমাধান কৰিব নোৱাৰে৷ খজুৱতি হলে চিকিৎসকৰ সহায় লোৱাটো অৱশ্যেই সঠিক উপায়, কিন্তু ঘৰুৱা উপায় ব্যৱহাৰ কৰিও আপুনি এই সমস্যাৰ সমাধান কৰিব পাৰে৷
এলোভেৰা
ইয়াত থাকে ভিটামিন এ, ভিটামিন চি, ভিটামিন ই আৰু ভিটামিন বি১২৷ ইয়াৰোপৰি থাকে এমালেজ, কেটালেজৰ দৰে উৎসেচকো৷ এলোভেৰাত থাকে জিংক, কপাৰ, চেলেনিয়ামৰ দৰে খনিজ পদাৰ্থ৷ ইয়াত থাকে ভৰপুৰ মাত্ৰাত এণ্টি অক্সিডেণ্ট৷ ই মূৰৰ ছালৰ আৰ্দ্ৰতা ধৰি ৰাখে৷ প্ৰদাহ কমায় আৰু খজুৱতি দূৰ কৰে৷ নতুন চুলি গজোৱাতো সহায় কৰে৷
নেমু
কেনেকৈ ব্যৱহাৰ কৰিব?
২ চামুচ এলোভেৰা জেল বা এলোভেৰা কাটি আনি তাৰ পৰা ৰস ওলিয়াই নেমুৰ সৈতে মিহলাই লওক৷ এইবাৰ মিশ্ৰণটো মূৰত লগাই ভালকৈ মালিছ কৰক৷ আধা ঘণ্টা ৰাখি চেম্পু কৰি লওক৷ সপ্তাহত অন্তত ২-৩বাৰ ব্যৱহাৰ কৰিলেই ভাল ফল পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















