যদি এই ডিভোৰ্ছৰ খবৰ সঁচা হয় তেন্তে হাৰ্দিক পাণ্ডিয়াৰ সম্পত্তিৰ ৭০শতাংশৰ অধিকাৰী হ’ব নাতাশা ষ্টানকোভিছ৷ সম্প্ৰতি এই খবৰ ভাইৰেল হৈছে নেটদুনীয়াত৷ বিগত কেইবাদিনো ধৰি হাৰ্দিক-নাতাশাৰ বিচ্ছেদৰ জল্পনা চলিছে৷ অৱশ্যে ক্ৰিকেটাৰগৰাকীয়ে এই পৰ্যন্ত নিজৰ বৈবাহিতক জীৱনৰ কোনোধৰণৰ খামখেয়ালিৰ কথা ৰাজহুৱা কৰা নাই৷
চলিত আইপিএলত সকলোতকৈ সমালোচিত হোৱা খৈলুৱৈগৰাকীয়েই হৈছে হাৰ্দিক পাণ্ডিয়া৷ তেওঁ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে আইপিএলৰ মেচত নমাৰ লগে লগেই বহুতেই হাৰ্দিকক সমালোচনা কৰিছে৷ অধিনায়ক হিচাপে চূড়ান্তভাৱে বিফল হৈছে হাৰ্দিক৷ এই পৰিস্থিতিত তেওঁৰ ব্যক্তিগত জীৱনতো সমস্যা আহিছে৷ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত নাতাশা ষ্টানকোভিছে পাণ্ডিয়া উপাধী পূৰ্বে লিখিছিল৷ সেই উপাধী এইবাৰ আঁতৰাই দিছে নাতাশাই৷ হাৰ্দিকৰ সৈতে থকা সমস্ত ফটোও ডিলিট কৰিছে নাতাশাই৷ অৱশ্যে সন্তান অগস্থ্যৰ সৈতে থকা ফটোসমূহ এতিয়াও নাতাশাৰ ইনষ্টাগ্ৰামত আছে৷ পূৰ্বে হাৰ্দিকৰ মেচসমূহত নাতাশা প্ৰায়েই উপস্থিত থাকে৷ এইবাৰৰ আইপিএলৰ কোনো এখন মেচতেই দেখা যোৱা নাই নাতাশাক৷
হাৰ্দিক বা ক্ৰিকেট সংক্ৰান্তিয় কোনো ষ্টৰীও শ্বেয়াৰ কৰা নাই নাতাশাই৷ অন্যহাতে নাতাশাৰ জন্মদিনৰ শুভেচ্ছাও জনোৱা নাই অলৰাউণ্ডাৰ তাৰকাগৰাকীয়ে৷ তাৰপাছতেই জল্পনা আৰম্ভ হৈছে৷ কিয় স্বামীৰ ওপজা দিনটো শুভেচ্ছা নজনালে নাতাশাই৷ বহুসংখ্যক নেটিজেনৰ দাবী, তাৰকা ক্ৰিকেটাৰগৰাকীৰ সম্পত্তিৰ ৭০শতাংশই নাতাশাই লাভ কৰিব৷ তেওঁলোকৰ বিচ্ছেদৰ অন্যতম চৰ্তই হৈছে এই সম্পত্তিৰ হস্তান্তৰ৷ অৱশ্যে নেটদুনীয়াৰ এই জল্পনা কিমানদূৰ সত্য সেয়াহে জানিব পৰা হোৱা নাই৷
উল্লেখ্য যে ২০২০ চনৰ ৩১মেত বিবাহবন্ধনত আৱদ্ধ হৈছিল হাৰ্দিক-নাতাশা৷ ২০২৩ চনৰ ভেলেণ্টাইন ডেত উদয়পুৰত গৈ ৰাজকীয় বিবাহৰ আয়োজনো কৰিছিল দুয়োৱে৷ অৱশ্যে এই বিবাহৰ এবছৰ নৌহওঁতেই দুয়োৰে মাজত আৰম্ভ হৈছে ভাঙোন বুলিও একাংশ বিনোদন চেনেলে দাবী কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ