২০ বছৰে বন্ধ হৈ থকা ঘৰৰ ফ্ৰিজত ওলাল…আৰক্ষীৰ চকু কপালত
২০ বছৰ ধৰি তলা বন্ধ এটা ঘৰৰ কাহিনীয়ে আৰক্ষীক হতভম্ব কৰি তুলিছিল। দুটা দশকে ধৰি বন্ধ হৈ ঘৰটোত থকা এটা ফ্ৰীজৰ দৰ্জা খুলি আৰক্ষী আচৰিত। কাৰণ ফ্ৰীজটোৰ ভিতৰত ওলাইছিল মানুহৰ কংকাল।
ফ্ৰীজটোৰ ভিতৰত আছিল মূৰৰ লাওখোলা আৰু কিছু হাড়। ২০ বছৰ পুৰণি এটা ঘৰত ফ্ৰীজৰ ভিতৰত প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত এটা নৰকংকাল উদ্ধাৰৰ পাছতে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। কেৰালাৰ কোচিৰ চোট্টানিকৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
কোচিৰ চোট্টানিকৰাৰ এৰুভেলি পেলেচ স্কোৱাৰ সমীপৰ ১২ একৰ ভূমিত অৱস্থিত ঘৰটো সম্প্ৰতি কাৰো দখলত নাছিল। দৰাচলতে এই সম্পত্তিটো কোচিত বহু বছৰ ধৰি বাস কৰা চিকিৎসক মংগালাছেৰী ফিলিপ জনৰ। তেখেতৰ সন্তান সকল বৰ্তমানে বিদেশত থাকে। যাৰ ফলত দীৰ্ঘদিন ধৰি তলা বন্ধ ঘৰটোত চলি আছিল অসামাজিক কাৰ্যাকলাপক।
তলাবন্ধ ঘৰটোত দীৰ্ঘদিন ধৰি অসামাজিক কাৰ্যাকালাপ চলি থকাৰ অভিযোগ উত্থাপন কৰিছিল অঞ্চলটোৰ স্থানীয় লোকসকলে। শেহতীয়াকৈ এজন লোকে ঘৰটোত চলা অসামাজিক কাৰ্যাকালাপ সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছিল।
মঙলবাৰে এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে ঘৰটো পৰিদৰ্শন কৰা সময়তে এটা ফ্ৰীজৰ ভিতৰত এটা কংকাল উদ্ধাৰ কৰে। লগে লগে চাঞ্চল্যই বিৰাজ কৰে চাৰিওফালে। চুবুৰীয়াৰ মাজতো সৃষ্টি হয় চাঞ্চল্যৰ।
মৃতদেহটোৰ মেৰুদণ্ডকে ধৰি হাড়বোৰ অক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে উদ্ধাৰ কৰা মূৰৰ খোলাটো বহু বছৰ পুৰণি বুলি ধাৰণা কৰে।
ঘটনাস্থলীত চোট্টানিকৰা এছ এইচ অ’ৰ নেতৃত্বত আৰক্ষীয়ে বিতং তদন্ত অব্যাহত ৰাখিছে। কোনে এই কংকাল আনি ঘৰৰ ভিতৰত ফ্ৰীজত থৈছিল সেই সন্দৰ্ভতো তদন্ত আৰম্ভ কৰে। লগতে উদ্ধাৰ হোৱা সকলো লাওখোলা আৰু হাড় মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ হোৱা ঘৰটোৰ চৌহদটো ছীল কৰি দিয়ে। আজি পুনৰ ঘটনাস্থলীত ফৰেনছিক বিশেষজ্ঞসকলেও স্থান পৰিদৰ্শন কৰি তন্ন তন্নকৈ পৰীক্ষা কৰে। আৰক্ষীৰ সন্দেহ কোনো অন্য লোকে বেলেগ ঠাইৰ পৰা সেই কংকাল আনি ফ্ৰিজত ৰাখে নেকি।
পাছে সকোল চাঞ্চল্যৰ মাৰ খেদাই আজি মৰণোত্তৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ পায়। প্ৰকাশ পোৱা অনুসৰি, সেই কংকাল শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা কংকাল। যাৰ বহু পূৰ্বে শিক্ষাৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু ইঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰা হৈছিল। যাৰ কোনো অন্য ঘটনাৰ সৈতে সামঞ্জস্য নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ