কোনোদিনে কল্পনা নকৰা বাংলাদেশ এইবাৰ, শ্বেখ হাছিনাৰ পাছত খালেদা জিয়াও এৰিলে দেশ
বিগত এবছৰ ধৰি বাংলাদেশত বহু হুলস্থুলীয়া পৰিৱেশ। বৰ্তমান বাংলাদেশত মহম্মদ ইউনুছৰ চৰকাৰ, কিন্তু তাত এতিয়াৰ পৰিস্থিতিলৈ চাই যদি কোৱা হয় যে চৰকাৰখন ব্যৰ্থ বুলি প্ৰমাণিত হৈছে, তেন্তে একো ভুল কোৱা নহ’ব। চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হোৱা ছাত্ৰ আন্দোলন হওক বা ১৯৭১ চনৰ পিছত প্ৰথমবাৰৰ বাবে বাংলাদেশৰ পৰা পাকিস্তানী সেনা প্ৰত্যাহাৰ হওক বা তাত সংখ্যালঘু আৰু বিশেষকৈ হিন্দুৰ বিৰুদ্ধে অবিৰত হিংসাই হওক।
বৰ্তমানৰ ইউনুছৰ চৰকাৰখন যেন কোনো পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে। এই সকলোবোৰৰ মাজতে এতিয়া খবৰ আহিছে যে শ্বেখ হাছিনাৰ পাছত এইবাৰ বাংলাদেশ জাতীয়তাবাদী পাৰ্টিৰ সভাপতি খালেদা জিয়াও দেশ এৰি লণ্ডনলৈ যাব।
উল্লেখ্য যে, শ্বেখ হাছিনাৰ পিছত খালেদা জিয়া হৈছে বাংলাদেশৰ দ্বিতীয়গৰাকী অন্যতম জ্যেষ্ঠ নেতা। বিগত বৰ্ষত আৰম্ভণিতে বাংলাদেশৰ অৱনতি ঘটা পৰিস্থিতিৰ মাজতে শ্বেখ হাছিনাই দেশ এৰি গৈছিল। এতিয়া খালেদা জিয়াও এৰিব দেশ।
বিগত বছৰত মহম্মদ ইউনুছে যেতিয়া বাংলাদেশত চৰকাৰৰ বাঘজৰী দখল কৰিছিল তেতিয়া বিশ্বাস কৰা হৈছিল যে তেওঁ দেশৰ গণতন্ত্ৰক অধিক উচ্চতালৈ লৈ যাব। কিন্তু বৈদেশিক পৰিক্ৰমা বিশেষজ্ঞসকলৰ মতে যোৱা ছমাহত তেওঁৰ চৰকাৰে যি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তেনেকুৱা একো হোৱা পৰিলক্ষিত হোৱা নাই।
এনে পৰিস্থিতিত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে সঁচাকৈয়ে পৰিস্থিতি শুধৰণিৰ বাবে ইউনুছ চৰকাৰে প্ৰচেষ্টা চলাইছে নেকি? নে এয়া কেৱল অভিনয়হে? কাৰণ ভাৰতে যিদৰে বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ ওপৰত আপত্তি আৰু উদ্বেগ প্ৰকাশ কৰিছিল আৰু বৰ্তমানৰ চৰকাৰক প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ দাবী জনাইছিল। কিন্তু আজিও বাংলাদেশত বসবাস কৰা হিন্দুসকলৰ ওপৰত হিংসা অব্যাহত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ