শতিকাৰ শ্ৰেষ্ঠ কপিল দেৱ বনাম বুম বুম বুমৰাহ, ৪৪ খন টেষ্ট মেছৰ পাছত কোন অধিক সফল
বৰ্তমানে ভাৰতীয় বলাৰ জশপ্ৰীত বুমৰাহক অল টাইম গ্ৰেটেষ্ট বলাৰ বিচাপে মান্যতা দি থকা হৈছে। বহুতেই কৈছে বুমৰাহেই এতিয়া শ্ৰেষ্ঠ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতী ক্ৰিকেট দলে পৰাজিত হলেও সমগ্ৰ বিশ্বৰ লগতে অষ্ট্ৰেলিয়াৰ বাবেও বুমৰাহ শ্ৰেষ্ঠ।
বুমৰাহৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা প্ৰথম বিশ্বকাপজয়ী ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱকো অল টাইম গ্ৰেটেষ্ট বলাৰ বিচাপে মান্যতা দিছিল। তথা শ্ৰেষ্ঠত্বৰ শাৰীত ৰখা হৈছিল।
পাছে দুয়োগৰাকী ভাৰতীয় খেলুৱৈৰ ভিতৰত শ্ৰেষ্ঠ কোন। শতিকাৰ শ্ৰেষ্ঠ নাম পোৱা কপিল দেৱ নে বুম বুম বুমৰাহ। ৪৪ খন টেষ্ট মেচৰ পাছত কাৰ প্ৰদৰ্শন অধিক উন্নত। কিয়নো বুমৰাহে এতিয়ালৈকে ৪৪ খন টেষ্ট মেচ খেলিছে।
কপিল দেৱৰ কথা কবলৈ গ’লে তেখেতে টেষ্ট কেৰিয়াৰত ১৩১ খন টেষ্ট মেচ খেলিছে। য’ত সৰ্বমুঠ ৪৩৪ টা উইকেট দখল কৰিছে। ৪৪ খন মেছৰ কথা কবলৈ গ’লে ১৭২ টা উইকেট দখল কৰিছিল।
আনহাতে বুমৰাহে ৪৪ খন টেষ্ট মেচত এতিয়ালৈকে ২০৩ টা উইকেট দখল কৰিছে। বুমৰাহৰ ষ্ট্ৰাইক ৰেট ৪২.২ । বুমৰাহ ৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ৮৬ ৰানত ৯ উইকেট। তাৰোপৰি একেৰাহে ১৩ খন খেলত ৫ টা উইকেট লৈ সফল হৈছে।
কপিল দেবৰ ৪৪ টেষ্ট মেচত ষ্ট্ৰাইক ৰেট আছিল ৫৭.৩, কপিল দেৱেও টেষ্টৰ ৪৪ খন খেলত ১৩ বাৰ ৫ টাকৈ উইকেট দখল কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ