ভাৰতত ৯মটো HMPV কেছ, সংক্ৰমিত হোৱা অধিক সংখ্যক কম বয়সীয়া
চীনত বিধ্বংসী ৰূপ ধাৰণ কৰা কৰ’ণা(Corona) ভাইৰাছৰ দৰে Human Metapneumovirus (HMPV)ৰ ঘটনা এতিয়া ভাৰতত বৃদ্ধি পাবলৈ ধৰিছে। এই পৰ্যন্ত দেশত ৯ জন এই ভাইৰাছত সংক্ৰমিত ৰোগী ধৰা পৰিছে।
বুধবাৰে মুম্বাইত নৱমজন ৰোগী ধৰা পৰে। এটি ৬ মহীয়া শিশু কন্যা এইচ এম পি ভি ভাইৰাছত আক্ৰান্ত হোৱা দেখা গৈছে। ১ জানুৱাৰীৰ পৰা অসুস্থ হৈ আছিল কনমানিটি। কাহ হোৱা আৰু অক্সিজেনৰ মাত্ৰা ৮৪%লৈ হ্ৰাস পোৱাৰ বাবে শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
অৱশ্যে বৰ্তমানে সুস্থ হৈ উঠিছে শিশুটি। চিকিৎসাৰ পিছত নিয়ন্ত্ৰণত আছে স্বাস্থ্য। এই পৰ্যন্ত মহাৰাষ্ট্ৰত ৩ জন, কৰ্ণাটক আৰু তামিলনাডুত ২ জনকৈ, পশ্চিমবংগ আৰু গুজৰাটত ১ জনকৈ এইচএমপিভিৰ ৰোগী ধৰা পৰিছে।
এইচ এম পি ভি ভাইৰাছৰ সন্দৰ্ভত বৰ্তমানলৈ এই ৰাজ্যসমূহ প্ৰস্তুত-
-ঝাৰখণ্ডৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুসৰি বুধবাৰৰ পৰা এইচএমপিভি সন্দেহযুক্ত লোকৰ স্ক্ৰীনিং প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাঁচীস্থিত ৰাজেন্দ্ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (আৰ আই এম এছ) আৰু জামছেদপুৰস্থিত মহাত্মা গান্ধী সোঁৱৰণী চিকিৎসা মহাবিদ্যালয়ক ন’ডেল কেন্দ্ৰ হিচাপে লৈ নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।
-চুবুৰীয়া ৰাজ্য পশ্চিম বংগত এইচএমপিভি ৰোগী ধৰা পৰাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিমানবন্দৰ, ৰেল ষ্টেচন আৰু বাছ ষ্টেণ্ডতো স্ক্ৰীনিং আৰম্ভ কৰাৰ নিৰ্দেশনা দিয়া হৈছে। স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আটাইকেইখন ডাঙৰ চিকিৎসালয়তে আইছ’লেশ্যন ৱাৰ্ডৰ সৃষ্টি কৰা হৈছে।
-বিহাৰৰ ৰাজধানী পাটনাত জিলা প্ৰশাসনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায়। জিলা প্ৰশাসনে এক বিবৃতি প্ৰকাশ কৰি কয় যে এইচএমপিভিৰ সংক্ৰমণ ৰোধৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই জাৰি কৰা স্বাস্থ্য পৰামৰ্শ মানি চলিব লাগে।
-পাটনা জিলা দণ্ডাধীশ (ডি এম) চন্দ্ৰশেখৰ সিঙেও ঋতুভিত্তিক ইনফ্লুৱেঞ্জা আৰু এইচ এম পি ভিকে ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত ৰোগীৰ সঠিক চিকিৎসাৰ বাবে চিকিৎসালয়সমূহৰ উন্নত কাৰ্যক্ষমতা নিশ্চিত কৰিবলৈ জিলা অসামৰিক অস্ত্ৰোপচাৰ বিশেষজ্ঞক নিৰ্দেশ দিয়ে।
-মঙলবাৰে মহাৰাষ্ট্ৰৰ নাগপুৰত হিউমেন মেটাপনিউমোভাইৰাছ অৰ্থাৎ এইচএমপিভিৰ ২টা ৰোগী ধৰা পৰে। ১৩ আৰু ৭ বছৰ বয়সৰ দুগৰাকী ছোৱালীৰ ক্ষেত্ৰত এই লক্ষণ দেখা গৈছিল। ৰাজ্যৰ জনস্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি দুদিন ধৰি অবিৰতভাৱে জ্বৰ হোৱাৰ পিছত এই ছোৱালীকেইজনীৰ নমুনা ব্যক্তিগত লেবত পৰীক্ষা কৰায়। ৰিপৰ্ট পজিটিভ অহাৰ পাছত ঘৰতে চিকিৎসা কৰা হৈছিল বৰ্তমানে দুয়োটা শিশুৰ অৱস্থা সুস্থিৰ।
-পঞ্জাৱত বৃদ্ধ আৰু শিশুসকলক মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। চিকিৎসালয়ত আইছ’লেশ্যন ৱাৰ্ড তৈয়াৰ কৰা হৈছে।
– গুজৰাটৰ চিকিৎসালয়সমূহত আইছ’লেশ্যন ৱাৰ্ডৰ ব্যৱস্থা কৰা হৈছে। হাৰিয়ানাতো স্বাস্থ্য বিভাগক এইচএমপিভি ৰোগীৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ