‘আজি মই মুক্ত মনে হাঁহিছো, অত্যন্ত সুখি মই’- হাতত হেণ্ডকাফ লৈ মন্তব্য
ধুবুৰী জিলাৰ চহৰ বিলাসীপাৰাৰ পৰা আহিছে এক এনে খবৰ যি খবৰে অন্যক আচৰিত কৰিলেও স্বামী কিন্তু বহুত সুখি। ইমানেই সুখি যে হাতত হেণ্ডকাফ লৈ অন্ধকাৰ ভৱিষ্যকৰ ফালে অগ্ৰসৰ হৈয়ো মুক্তমনে হাঁহিব পৰা হোৱা বুলিহে মন্তব্য।
পত্নীক নিজ হাতেৰে হত্যা কৰি আহি আৰক্ষীৰ ওচৰপত আত্মসমৰ্পন কৰি কোনো দ্বিধাবোধ বা কোনো পশ্বাতাপ নাই হত্যাকাৰী স্বামীৰ। তাৰ বিপৰীতে হাঁহি ফুৰ্তি।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, পৰকীয়া প্ৰেমৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰে স্বামীয়ে। অন্য পুৰুষৰ সৈতে পৰকীয়া প্ৰেম কৰাৰ বাবেই স্বামীয়ে হত্যা কৰে পত্নীক।
বিলাসীপাৰাৰ হাকামা ৯ নম্বৰ ৱাৰ্ডত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। হাকামৰ বাসিন্দা সুৰজিৎ ৰায়ে কৰ্মসূত্ৰে বাহিৰত থকাৰ সুযোগ গ্ৰহণ কৰি মুক্ত মনে অন্যৰ সৈতে প্ৰেমত লিপ্ত হৈছিল পত্নী।
পাছে পত্নীৰ এই পৰকীয়া প্ৰেমৰ বিষয়ে জ্ঞাত হৈ এবাৰ-দুবাৰ নহয়, তিনিবাৰকৈ সকিয়নী দি ক্ষমা কৰি দিছিল স্বামী সুৰজিৎ নাথে। কিন্তু তাৰ পিছতো পত্নীৰ মাজত অনুশোচনা বা সংশোধন নোহোৱাত শেষত খঙত অগ্নিশৰ্মা হৈ স্বামী সুৰজিতে ৰুদ্ৰমূৰ্ত্তিৰ ৰূপ ধাৰণ কৰি হত্যা কৰে পত্নীৰ।
পত্নীক হত্যাৰ পাছতে বিলাসীপাৰা আৰক্ষীৰ ওচৰত আত্মসমাৰ্পণ কৰে। আত্মসমৰ্পনৰ পাছত সাংবাদিকৰ আগত সুৰজিৎ ৰায়ৰ মন্তব্য- “আজিহে মই মুক্ত, মই মন খুলি হাঁহি আছোঁ। মোৰ কিযে ভাল লাগিছে আজি! লাগিলে মোৰ ফাঁচি হওক কোনো আপত্তি নাই।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ