যদি ঋতুস্ৰাৱৰ তেজ অপবিত্ৰ আৰু অশুদ্ধ বুলি মনা হয়, তেন্তে মানুহ পবিত্ৰ বুলি দাবী কৰাৰ পৰা বহু দূৰত৷ সজ্জন যাদৱৰ এই টুইটে সম্প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ #AbPataChalneDo আজিৰ দিনটোত টুইটাৰৰ ট্ৰেণ্ডিঙত৷
If period blood is unholy and impure we are far from being pious ourselves.
Let’s remember our existence was made possible because of this blood, it nourished us in the womb so we could be who we are today.Let’s end the taboo, let’s break the silence. #AbPataChalneDo pic.twitter.com/kuH2GBkkWd
— Sajjan Yadav IAS (@Sajjan95) February 5, 2022
ট্ৰেণ্ডিঙত আছে এগৰাকী IAS বিষয়াৰ ঋতুস্ৰাৱৰ সমস্যাক লৈ লিখা এটা বিশেষ টুইট৷ বিগত ৫ ফেব্ৰুৱাৰীত দিল্লীত উদযাপন কৰা হয় ‘happy periods day’৷ Delhi Commission For Protection of Child Rightsয়ে আয়োজন কৰে এই সজাগতামূলক অনুষ্ঠানৰ৷
ঋতুস্ৰাৱৰ সময়ছোৱাত মানি চলিবলগীয়া স্বচ্ছতা আৰু সামাজিক নীতি-নিয়ম সন্দৰ্ভত সজাগ কৰাৰ উদ্দেশ্যই পালন কৰা হৈছে এই দিনটো৷ পূৰ্বৰ তুলনাত আজিৰ প্ৰজন্ম বহুগুণে সজাগ ঋতুস্ৰাৱ সন্দৰ্ভত৷ ‘happy periods day’ উপলক্ষে টুইট কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও৷ কিন্তু ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে IAS বিষয়া সজ্জন যাদৱৰ টুইট৷ তেওঁ লিখিছে— ‘যদি ঋতুস্ৰাৱৰ তেজ অপবিত্ৰ আৰু অশুদ্ধ বুলি মনা হয়, তেন্তে আমিও পবিত্ৰ বুলি দাবী কৰাৰ পৰা বহু দূৰত’৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ