সঁচাকৈয়ে ইতিহাস ৰচিলে বুমৰাহে, প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে লাভ কৰিলে ICCৰ ২০২৪ৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান
ভাৰতীয় বলাৰ বুম বুম বুমৰাহে সঁচাকৈয়ে বিশ্ববাসীৰ আহত তুলি ধৰিলে নজিৰ। এগৰাকী বলাৰ হিচাপে নাম ৰাখিলে ভাৰতৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে ২০২৪ৰ টেষ্টৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান লাভ কৰি ইতিহাস ৰচিলে বুমৰাহে।
ভাৰতীয় বলাৰ বিচাপে টেষ্টত শ্ৰেষ্ঠত্ব লাভ কৰা বুমৰাহ হৈছে প্ৰথমগৰাকী ক্ৰিকেট খেলুৱৈ। ভাৰতীয় দলৰ তাৰকা বলাৰ জছপ্ৰীত বুমৰাহক ২০২৪ চনৰ শ্ৰেষ্ঠ টেষ্ট ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হৈছে।

ভাৰতৰ তাৰকা বলাৰ জছপ্ৰিত বুমৰাহৰ উপৰিও ইংলেণ্ডৰ অভিজ্ঞ বেটছমেন জো ৰুট, ইংলেণ্ডৰ যুৱ বেটছমেন হেৰী ব্ৰুক আৰু শ্ৰীলংকাৰ কামিন্দু মেণ্ডিছকো এই বঁটাৰ বাবে মনোনীত কৰা হৈছিল যদিও বুমৰাহে সকলোকে পৰাস্ত কৰি শেষত এই বঁটা লাভ কৰে।
https://x.com/BCCI/status/1883819757222379994
বুমৰাহে শেহতীয়াকৈ টেষ্টত ২০০ উইকেট সম্পূৰ্ণ কৰিছিল। ২০২৪ চনত টেষ্ট ক্ৰিকেটৰ শ্ৰেষ্ঠ বলাৰ হিচাপে পৰিগণিতো হৈছে বুমৰাহ। ১৩খন মেচত গড়ে ১৪.৯২ আৰু ষ্ট্ৰাইক ৰেট ৩০.১৬ ৰে ৭১টা উইকেট দখল কৰিছিল বুমৰাহে, যিটো পৰম্পৰাগত ফৰ্মেটত যিকোনো বলাৰৰ সৰ্বোত্তম প্ৰদৰ্শন।
বিগত কেলেণ্ডাৰ বৰ্ষত বুমৰাহে এতিয়ালৈকে সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াই ৭১টা উইকেট দখল কৰি এই ফৰ্মেটত সৰ্বাধিক সফল বলাৰ হিচাপে পৰিগণিত হয়। দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ দ্ৰুত বলাৰৰ বাবে অনুকূল পৰিস্থিতি হওক বা ঘৰুৱা বেগী বলাৰৰ বাবে কঠিন পৰিস্থিতি হওক, বুমৰাহ গোটেই বছৰটো আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















