অসম লাইভ২৪ঃ পুৰুষৰ এদিনীয়া আন্তৰ্জাতিক আৰু টি-২০ক আৰু উত্তেজক কৰাৰ বাবে বিশেষ সিদ্ধান্ত লৈছে ICCয়ে। পৰীক্ষামূলকভাৱে ষ্টৰ ক্লক পদ্ধতি আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে আই চি চিয়ে। চলিত বছৰৰ ডিচেম্বৰৰ পৰা এই নতুন নিয়ম কাৰ্যকৰী কৰা হ’ব। ডিচেম্বৰৰ পৰা চলিব লগা টি-২০ ২০২৪ৰ এপ্ৰিল মাহলৈকে চলিব। মঙলবাৰে আহমেদাবাদত বহিব ICC-ৰ বৰ্ড মিটিং। ষ্টপ ক্লক পদ্ধতি পৰীক্ষামূলকভাৱে আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে আইচিচিয়ে।
নতুন ষ্টপ ক্লক পদ্ধতি কি?
নতুন নিয়ম অনুসৰি, যি টিমে বলিং কৰিছে, তেওঁলোকে এটা অভাৰৰ শেষৰ পাছত দ্বিতীয় অভাৰ আৰম্ভ কৰিবলৈ মাত্ৰ ৬০ ছেকেণ্ড সময় পাব। কোনো এটা ইনিংছত তিনিবাৰকৈ দুটা অভাৰৰ মাজৰ সময়ৰ পাৰ্থক্য ৬০ ছেকেণ্ডৰ বেছি হ’লে ৫ৰানৰ পেনাল্টী হিচাপে বেটিং টীমৰ স্কোৰ যোগ কৰা হ’ব। ICC-ৰ দাবী, ইমান লেহেমীয়া অভাৰ ৰেটৰ সমস্যা দূৰ কৰিবলৈকে আৰু খেলখন বেছি উত্তেজক হ’বৰ বাবেই টি-২০ৰ এদিনীয়া ক্ৰিকেটত এই নিয়ম বান্ধি দিয়া হৈছে। উল্লেখ্য যে বেট বলৰ যুঁজৰ বাবে আৰু গতিশীল কৰিবলৈকে ইতিমধ্যেই উদ্যোগী হৈছে MCC ৱাৰ্ল্ড ক্ৰিকেট কমিটিয়ে। ইয়াৰ বাবে বিগত বছৰৰ ছেপ্টেম্বৰত সংস্থাৰ তৰফৰ পৰা প্ৰাক্তন ভাৰতীয় অধিনায়ক আৰু বৰ্ড প্ৰেছিডেণ্ট সৌৰভ গাংগুলীক নিয়োগ কৰা হৈছে। ইয়াৰোপৰি কেইবাজনো প্ৰাক্তন খেলুৱৈক মতামত জনাবলৈ আহ্বান জনাইছে এই ক্ৰিকেট সংস্থাই।
চলিত বছৰৰ বিশ্বকাপত বাংলাদেশৰ সৈতে খেলত নামোতে শ্ৰীলংকাৰ ক্ৰিকেটৰ এঞ্জেলো মেথিউজৰ আউটক লৈ বিতৰ্কই দেখা দিছিল। মেচত নামিবলৈ তেওঁ বহু সময় লৈছিল। এনেকৈ দেৰী কৰা দেখিয়েই বিৰক্ত হৈ পৰিছিল বাংলাদেশৰ কেপ্টেইন শাকিব আল হাছান। ইয়াৰপাছতেই টাইম আউট পদ্ধতিত মেথিউজক মেচ এৰিবলৈ নিৰ্দেশ দিয়ে আম্পায়াৰে। সেই মেচত নেখেলাকৈয়ে ড্ৰেছিং ৰুমলৈ উভতি যায় লংকাৰ বেটাৰজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ