
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (ICC) মহিলা ক্ৰিকেটাৰসকলৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। সংস্থাটোৱে শেহতীয়াকৈ ‘Return to Play Post-Pregnancy Guidelines’ বা গৰ্ভধাৰণ আৰু সন্তান জন্মৰ পিছত খেলপথাৰলৈ উভতি অহাৰ ক্ষেত্ৰত কিছু নিৰ্দেশনা প্ৰকাশ কৰিছে। এই নতুন নিৰ্দেশনাৰ লক্ষ্য হৈছে মাতৃত্বৰ বাবে কেৰিয়াৰত বিৰতি ল’ব লগা মহিলা খেলুৱৈসকলক অধিক সুৰক্ষা, সহায় আৰু পেছাদাৰী সমৰ্থন আগবঢ়োৱা। দীৰ্ঘদিন ধৰি বহু মহিলা ক্ৰিকেটাৰে মাতৃত্বৰ পিছত খেলপথাৰত উভতি অহাৰ ক্ষেত্ৰত শাৰীৰিক, মানসিক আৰু পাৰিবাৰিক বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। নতুন ICC নিৰ্দেশনাই এই সমস্যাসমূহ হ্ৰাস কৰি খেলুৱৈসকলক অধিক আত্মবিশ্বাসেৰে পুনৰ প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ উভতি অহাৰ ক্ষেত্ৰত সহায় কৰিব।
কি আছে নতুন গাইডলাইনত?
নতুন গাইডলাইনত ‘Ready, Review, Restore, Recondition, Return and Refine’ নামৰ ৬ তৰপীয়া মডেল অন্তৰ্ভুক্ত কৰা হৈছে। এই মডেল অনুসৰি খেলুৱৈগৰাকীৰ স্বাস্থ্য, ফিটনেছ আৰু মানসিক অৱস্থাৰ মূল্যায়ন কৰি ধাপে ধাপে খেললৈ উভতি অহাৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব। ICC-এ সদস্য ক্ৰিকেট ব’ৰ্ডসমূহক গৰ্ভধাৰণৰ সময়ছোৱাত আৰু সন্তান জন্মৰ পিছত খেলুৱৈসকলক বিভিন্ন ধৰণৰ সহায় আগবঢ়াবলৈ পৰামৰ্শ দিছে। ইয়াৰ ভিতৰত আছে—বিশেষজ্ঞ চিকিৎসা সেৱা আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষা, ব্যক্তিগত প্ৰয়োজন অনুসৰি ফিটনেছ আৰু পুনৰ্বাসন (Rehabilitation) কাৰ্যসূচী, শিশুৰ যত্নৰ ক্ষেত্ৰ ল’বলগীয়া সকলো সুবিধা, ভ্ৰমণৰ সময়ত সন্তান আৰু পৰিয়ালৰ বাবে প্ৰয়োজনীয় সহায় আৰু মানসিক স্বাস্থ্য আৰু পৰামৰ্শ দান সেৱা। গাইডলাইন অনুসৰি মাতৃত্ব লাভ কৰা আৰু ইয়াৰ পূৰ্বৰে পৰা সংশ্লিষ্ট প্ৰতিগৰাকী খেলুৱৈৰ বাবে এজন Case Manager নিযুক্ত কৰাৰো পৰামৰ্শ দিয়া হৈছে। এই ব্যক্তিজনে চিকিৎসক, ফিজিঅ’থেৰাপিষ্ট, প্ৰশিক্ষক আৰু খেলুৱৈৰ মাজত সমন্বয় সাধন কৰি পুনৰ খেললৈ উভতি অহাৰ সমগ্ৰ প্ৰক্ৰিয়াটো পৰিচালনা কৰিব। ফলত প্ৰতিগৰাকী খেলুৱৈৰ ব্যক্তিগত প্ৰয়োজন অনুসৰি এক বিশেষ পৰিকল্পনা প্ৰস্তুত কৰা সম্ভৱ হ’ব।
ICCৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা
অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ চিকিৎসক ফিলিপা ইংগেই এই পদক্ষেপক আদৰণি জনাই কয় যে, ‘মাতৃত্ব কোনো মহিলা খেলুৱৈৰ কেৰিয়াৰৰ অন্ত নহয়। সঠিক চিকিৎসা, সমৰ্থন আৰু পৰিকল্পনাৰ জৰিয়তে তেওঁলোকে পুনৰ উচ্চ পৰ্যায়ৰ ক্ৰিকেট খেলিব পাৰিব।’ একেদৰে ৱেষ্ট ইণ্ডিজৰ মহিলা ক্ৰিকেটাৰ আফি ফ্লেচাৰে ICCৰ এই নিৰ্দেশনাক প্ৰশংসা কৰি কয় যে-ইয়াৰ ফলত মহিলা খেলুৱৈসকলে পৰিয়াল আৰু ক্ৰীড়া জীৱন দুয়োটাক সমানে আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব। বহু মহিলা খেলুৱৈয়ে এতিয়া মাতৃত্ব আৰু পেছাদাৰী ক্ৰিকেটৰ মাজৰ এটাক বাছনি কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন নহ’ব। বিশ্ব ক্ৰীড়াক্ষেত্ৰত মহিলাসকলৰ অংশগ্ৰহণ আৰু অধিক অন্তৰ্ভুক্তিমূলক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ICC-ৰ এই পদক্ষেপক এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি গণ্য কৰা হৈছে। ICCৰ এই নিৰ্দেশনাই কেৱল মহিলা ক্ৰিকেটাৰসকলৰ কল্যাণ নিশ্চিত নকৰে, বৰঞ্চ আগন্তুক প্ৰজন্মৰ খেলুৱৈসকলকো মাতৃত্বৰ পিছতো সপোন পূৰণৰ সাহস আৰু অনুপ্ৰেৰণা যোগাব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















