• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

3 months ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

56 minutes ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

2 hours ago
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

3 hours ago
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

3 hours ago
বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

বজাৰত চলি আছে ৭০ কোটি টকাৰ ২০টকীয়া নকল মুদ্ৰা!

4 hours ago
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

5 hours ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

6 hours ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

6 hours ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

6 hours ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

7 hours ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

7 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

অম্বুবাচীত কামাখ্যা ধামলৈ কিয় আহে অঘোৰী বাবা? অঘোৰী বাবাসকলৰ জীৱন কেনেকুৱা?

editor by editor
June 23, 2026
in অসম, বিবিধ, লেখা, সমীক্ষণ (আলোচনী)
0
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা
0
SHARES
140
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অম্বুবাচী মেলা অসমৰ তথা সমগ্ৰ ভাৰতবৰ্ষৰ অন্যতম বৃহৎ আধ্যাত্মিক সমাৱেশ। প্ৰতি বছৰে জুন মাহত গুৱাহাটীৰ কামাখ্যা মন্দিৰত অনুষ্ঠিত এই উৎসৱত লাখ লাখ ভক্তৰ লগতে হাজাৰ হাজাৰ সাধু-সন্ন্যাসী, তান্ত্ৰিক, অঘোৰী আৰু নাগা বাবা সমবেত হয়। এই সময়ত কামাখ্যা শক্তিপীঠক আদ্যাশক্তি তথা নাৰীসৃষ্টিশক্তিৰ প্ৰতীক হিচাপে পূজা কৰা হয়। অম্বুবাচীৰ সময়ত নীলাচলৰ বুকুত দেখা পোৱা অঘোৰী আৰু নাগা বাবাসকলৰ জীৱনধাৰা, সাধনা আৰু আচাৰ-ব্যৱহাৰ সাধাৰণ মানুহৰ বাবে যথেষ্ট কৌতূহলৰ বিষয়। বহুতে ভাবে তেওঁলোক কেৱল অলৌকিক শক্তি বা তান্ত্ৰিক ক্ৰিয়াৰ লগত জড়িত, কিন্তু বাস্তৱত তেওঁলোকৰ জীৱন বহু ক্ষেত্ৰত কঠোৰ অনুশাসন, ত্যাগ আৰু আধ্যাত্মিক সাধনাৰে গঢ়ি উঠা।

অঘোৰী বাবাসকল আচলতে কোন?

অঘোৰ শব্দৰ অৰ্থ হৈছে “ঘোৰ নহয়” বা “ভয়ংকৰ নহয়”। অঘোৰীসকলৰ দৰ্শন অনুসৰি এই বিশ্বব্ৰহ্মাণ্ডত একো বস্তু অপবিত্ৰ নহয়; সকলো বস্তুতেই একে পৰম চেতনা বিদ্যমান। তেওঁলোক মূলতঃ শিৱৰ অঘোৰ ৰূপৰ উপাসক। অঘোৰী পৰম্পৰাৰ ইতিহাস মধ্যযুগ বা তাৰো পূৰ্বৰে পৰা আধুনিক যুগলৈ বিৰাজমান। বহু গৱেষকে বিশ্বাস কৰে যে এই সাধনা পদ্ধতি প্ৰাচীন কাপালিক আৰু তান্ত্ৰিক পৰম্পৰাৰ সৈতে সম্পৰ্কিত।
অঘোৰীসকলৰ মূল লক্ষ্য হৈছে—জন্ম-মৃত্যুৰ ভয় জয় কৰা, মায়া আৰু মোহৰ পৰা মুক্তি লাভ কৰা, সকলো বস্তুত একে ঈশ্বৰীয় চেতনা উপলব্ধি কৰা, আত্মজ্ঞান আৰু মোক্ষ লাভ কৰা। সেইবাবে বহু অঘোৰীয়ে শ্মশানত ধ্যান কৰে, যাৰ উদ্দেশ্য ভয় জয় কৰা আৰু জীৱনৰ অস্থায়িত্ব উপলব্ধি কৰা।
অঘোৰীসকল হৈছে শৈৱ ধৰ্মৰ এক বিশেষ তপস্বী সাধু-সম্প্ৰদায়, যিসকলে হিন্দু ধৰ্মৰ এক অত্যন্ত ব্যতিক্ৰমী আৰু কঠোৰ সাধনা পথ অনুসৰণ কৰে। তেওঁলোক নিজৰ অদ্ভুত আৰু প্ৰচলিত ধাৰণাৰ বিপৰীত আচাৰ-অনুষ্ঠানৰ বাবে সুপৰিচিত। শ্মশানত বাস কৰা, দেহত চি*তাভস্ম লেপন কৰাকে ধৰি বিভিন্ন আচাৰ-ব্যৱহাৰে অঘোৰীসকলক এক ৰহস্যময় ৰূপ প্ৰদান কৰিছে। অঘোৰীসকল ভগৱান শিৱৰ একনিষ্ঠ উপাসক। শিৱক তেওঁলোকে ধ্বংস আৰু ৰূপান্তৰৰ অধিপতি হিচাপে মানি চলে। জীৱন-মৃ*ত্যু, পৱিত্ৰ-অপৱিত্ৰ, শুভ-অশুভ আদিৰ মাজত থকা সকলো বিভাজন অতিক্ৰম কৰি আত্মমুক্তি বা মোক্ষ লাভ কৰাই তেওঁলোকৰ সাধনাৰ মূল লক্ষ্য। তেওঁলোকৰ বিশ্বাস অনুসৰি, যেতিয়া এজন সাধকে সকলো দ্বৈততা আৰু সামাজিক ভেদবুদ্ধিৰ ঊৰ্ধ্বলৈ উঠিব পাৰে, তেতিয়াহে তেওঁ জন্ম-মৃত্যুৰ অন্তহীন চক্ৰৰ পৰা মুক্তি লাভ কৰে।

অঘোৰী বাবাসকলৰ খাদ্যাভাষ আৰু দৈনন্দিন জীৱন

অঘোৰী বাবাৰ খাদ্যাভ্যাস ব্যক্তিভেদে বেলেগ বেলেগ হ’ব পাৰে। বহু সাধুৱে দিনে এবাৰহে আহাৰ গ্ৰহণ কৰে। বাবাসকলৰ অধিক সময় উপবাস বা অল্পাহাৰৰ মাধ্যমেৰে সাধনাত ব্ৰতী থাকে। সাধুসকলৰ দিনটো সাধাৰণতে পুৱতি নিশাতেই আৰম্ভ হয়। পুৱতি নিশা উঠা এই কাৰ্যক ব্ৰহ্মমুহূৰ্তত জাগৰণ বুলি কোৱা হয়। ইয়াৰ পিছতে স্নান কাৰ্য সমাপন কৰি পৰ্যায়ক্ৰমে ধ্যান, জপ, শাস্ত্ৰ অধ্যয়ন কৰিয়েই দিনটো কটায়। ইয়াৰ মাজতে ভক্তসকলৰ সৈতে ধৰ্মালোচনাও সময়ে সময়ে কৰা দেখা যায়। সন্ধিয়া আৰতি কৰাৰ পিছতে পুনৰ ধ্যানত মগ্ন হয়। কিছুমান সাধুৱে ঘণ্টাৰ পিছত ঘণ্টা একে আসনত বহি ধ্যান কৰে। বহুতে বছৰ বছৰ ধৰি কঠোৰ তপস্যা পালন কৰে।

অঘোৰী বাবাসকলৰ দৰ্শন কি?

অঘোৰীসকলে অদ্বৈতবাদী (Monistic) দৰ্শন অনুসৰণ কৰে। এই দৰ্শন অনুসৰি বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তু একে আৰু সেই সকলোৰে উৎস হৈছে ব্ৰহ্ম, যাক চূড়ান্ত বাস্তৱতা বুলি গণ্য কৰা হয়। তেওঁলোকৰ বিশ্বাস অনুসৰি প্ৰতিজন ব্যক্তিৰ আত্মাই শিৱ, যিজন ব্ৰহ্মৰ সৰ্বোচ্চ প্ৰকাশ। কিন্তু এই আত্মা আঠটা মুখ্য বন্ধনত আবদ্ধ হৈ থাকে, যাৰ ফলত অজ্ঞানতা আৰু দুখ-কষ্টৰ সৃষ্টি হয়। এই বন্ধনসমূহ হৈছে—ইন্দ্ৰিয়সুখৰ প্ৰতি আসক্তি, খং, লোভ, মোহ, ভয়, ঘৃণা, অহংকাৰ আৰু ভেদাভেদৰ মনোভাৱ। অঘোৰীসকলৰ লক্ষ্য হৈছে এই বন্ধনসমূহৰ পৰা মুক্ত হৈ নিজৰ শিৱ-সত্তাৰ উপলব্ধি কৰা আৰু মোক্ষ বা মুক্তি লাভ কৰা। এই লক্ষ্যত উপনীত হ’বলৈ অঘোৰীসকলে এনে বহু সাধনা আৰু আচাৰ পালন কৰে, যিবোৰে সমাজত প্ৰচলিত পবিত্ৰতা আৰু নৈতিকতাৰ ধাৰণাক প্ৰত্যাহ্বান জনায়। তেওঁলোকে ইচ্ছাকৃতভাৱে অপবিত্ৰ, দূষিত বা ঘৃণনীয় বুলি গণ্য কৰা বস্তু আৰু পৰিস্থিতিক গ্ৰহণ কৰে, কিয়নো তেওঁলোকৰ মতে এইবোৰো শিৱৰেই একোটা প্ৰকাশ আৰু স্বভাৱগতভাৱে কোনো বস্তু বেয়া বা পাপপূৰ্ণ নহয়। লগতে তেওঁলোকে জীৱন আৰু মৃত্যুৰ দ্বৈততাৰ ঊৰ্ধ্বলৈ যাবলৈ চেষ্টা কৰে। সেইবাবেই তেওঁলোকে মৃ*তদেহ, শ্মশান আৰু মৃ*ত্যুৰ সৈতে জড়িত বিষয়সমূহৰ সান্নিধ্যত থাকি সাধনা কৰে।

কামাখ্যা ধামলৈ কিয় আহে সাধু, বাবাসকলে?

শাক্ত ধৰ্ম মতে অম্বুবাচীৰ সময়ত মা কামাখ্যা ঋতুমতী হয়। এই সময়ত মন্দিৰ তিনিদিনৰ বাবে বন্ধ থাকে। এই সময়ছোৱাক নাৰীশক্তি, উৰ্বৰতা আৰু সৃষ্টিশীল শক্তিৰ বিশেষ প্ৰকাশৰ সময় বুলি গণ্য কৰা হয়। তান্ত্ৰিক আৰু শাক্ত সাধকসকলৰ বিশ্বাস অনুসৰি— এই সময়ত সাধনাৰ ফল অধিক শক্তিশালী হয়, বিশেষ মন্ত্রসিদ্ধি লাভ কৰিব পাৰি, আধ্যাত্মিক শক্তি বৃদ্ধি পায়, ঈশ্বৰীয় শক্তিৰ সৈতে অধিক গভীৰ সংযোগ স্থাপন হয়, এই কাৰণেই দেশৰ বিভিন্ন প্ৰান্তৰ সাধুসকল কামাখ্যালৈ আহে।

সমাজত তেওঁলোকৰ ভূমিকা

যদিও আধুনিক সমাজত অঘোৰী আৰু নাগা বাবাসকলক বহুতে ৰহস্যময় দৃষ্টিৰে চায়, তথাপিও তেওঁলোক ভাৰতীয় আধ্যাত্মিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। শতিকাৰ পিছত শতিকা ধৰি তেওঁলোকে যোগ, তপস্যা, শৈৱ আৰু শাক্ত সাধনাৰ বিভিন্ন ধাৰা জীয়াই ৰাখিছে। অম্বুবাচীৰ সময়ত কামাখ্যা ধামত তেওঁলোকৰ উপস্থিতিয়ে কেৱল এক ধৰ্মীয় অনুষ্ঠানকেই সমৃদ্ধ নকৰে, বৰঞ্চ ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ সাধনা-সংস্কৃতি, তান্ত্ৰিক পৰম্পৰা আৰু আধ্যাত্মিক ঐতিহ্যৰ এক জীৱন্ত ছবি দাঙি ধৰে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24kamakhya temple
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?
বিনোদন

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

September 16, 2026
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ
অসম

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

September 16, 2026
কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম
জীৱনশৈলী

কন্যা সংক্ৰান্তিঃ জীৱনত সমৃদ্ধিৰ বাবে কৰক এইকেইটা কাম

September 16, 2026
ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা
ভাৰত

ভয়ংকৰ ঘটনা! ছাত্ৰী হোষ্টেলৰ বাথৰুমত গোপন কেমেৰা

September 16, 2026
Next Post
২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

২০ মহলীয়া অট্টালিকাৰ সমানকৈ নিৰ্মাণ কৰিলে এয়াৰ পিউৰিফায়াৰ

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

আপোনাৰ Stamina বা শক্তি ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.