ICC টেষ্ট ৰেংকিং সদৰি, শীৰ্ষ ৫ ৰ ভিতৰত নাই এজনো ভাৰতীয়
আই চি চি য়ে সদৰি কৰিলে টেষ্ট ৰেংকিং। ভাৰত বনাম ইংলেণ্ডৰ শেষৰখন টেষ্ট মেচ আৰম্ভ হোৱাৰ পূৰ্বে সদৰি এই ৰেংকিং। সদৰি হোৱা তালিকা অনুসৰি শীৰ্ষ ৩ খেলুৱৈৰ ভিতৰত নাই এগৰাকীয়ো ভাৰতীয় ক্ৰিকেটাৰ।
শীৰ্ষ স্থান অক্ষুন্ন ৰাখিছে ইংলেণ্ডৰ জো ৰুটে। আনহাতে ভাৰতৰ এগৰাকীয়ো খেলুৱৈয়ে স্থান পোৱা নাই শীৰ্ষ ৫ৰ ভিতৰত । কেৱল শীৰ্ষ ১০ৰ ভিতৰত থাকি মান ৰাখিছে ৩ খেলুৱৈয়ে।
ইংলেণ্ডৰ দুগৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে শীৰ্ষ ৩ৰ ভিতৰত। ৯০৪ ৰেটিং পইণ্টেৰে শীৰ্ষত জো ৰুট, লগতে ৮৩৪ ৰেটিং পইণ্টেৰে তৃতীয় শীৰ্ষ ইংলেণ্ডৰে হেৰী ব্ৰুক। দ্বিতীয় স্থানত আছে ৮৬৭ ৰেটিং পইণ্টেৰে নিউজিলেণ্ডৰ কেনি উইলিয়ামচন।
চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থানত ক্ৰমে অষ্ট্ৰেলিয়াৰ ষ্টীভ স্মিথ ৰেটিং পইণ্ট ৮১৬, দক্ষিণ আফ্ৰিকাৰ টেম্বা বাভুমা ৰেটিং পইণ্ট ৭৯০ আৰু শ্ৰীলংকাৰ কেমিণ্ডু মেণ্ডীছ ৰেটিং পইণ্ট ৭৮১।
সপ্তম স্থানৰ পৰাহে নৱম স্থানলৈ তিনি গৰাকী ভাৰতীয় খেলুৱৈ। এই ৩ গৰাকী খেলুৱৈ হৈছে ঋষভ পণ্ট, যশস্বী জয়ছৱাল আৰু শুভমন গীল। তিনিও খেলুৱৈৰ ৰেটিং পইণ্ট ক্ৰমে- ৭৭৬, ৭৬৯, ৭৫৪.
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















