অসম লাইভ২৪ঃ এদিনৰ পাছতেই ICC World Cup 2023 আৰম্ভ হ’ব। কিন্তু এতিয়াও ফ্লীডত নমা নাই ৰোহিত শৰ্মা। ভাৰতৰ প্ৰথম মেছ দেওবাৰে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেওবাৰে আছে বিশেষ মেচ। মেচত নমাৰ পূৰ্বে দলৰ সকলো দায় অধিনায়কৰ ওপৰত জাপি দিছে কোচ ৰাহুল দ্ৰাবিড়ে। ৰোহিতেই দলটোক টানি নিব লাগিব। শুকুৰবাৰে চেন্নাইত সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰিছে ৰাহুল দ্ৰাবিড়ে।
ৰাহুল দ্ৰাবিড়ে এই সন্দৰ্ভত কয়, ‘খেলখন আগুৱাই নিয়াৰ দায়িত্ব অধিনায়কৰ ওপৰত। যি কৰিব ক্ৰিকেটাৰেই কৰিব।’ ৰাহুল দ্ৰাবিড়ৰ এই মন্তব্য শুনা মাত্ৰকেই সাংবাদিকে প্ৰশ্ন কৰে, ‘কোচ হিচাপে আপোনাৰ কোনো দায়িত্ব নাই নেকি?’ দ্ৰাবিড়ে তেতিয়া কয়, ‘বিশ্বকাপৰ আগলৈকেহে মোৰ দায়িত্ব থাকে। দলক এটা ঠাইলৈকেহে মই লৈ যাব পাৰো। বিশ্বকাপৰ বাবে যেনে দল বিচাৰিছিলো তেনে এটা দল মই পাইছো। ইয়াৰ পাছত মই আশাহে কৰিব পাৰো। খেল আগবঢ়াই নিয়াৰ দায়িত্ব ক্ৰিকেটাৰৰেই। তেওঁলোকে নিজৰ দায়িত্ব ভালধৰণে পালন কৰাটো বিচাৰো।’
দ্ৰাবিড়ৰ মতে এখন খেলত ক্ৰিকেট দলৰ অধিনায়কৰ ভূমিকা যথেষ্ট বেছি। মেচ অধিনায়কৰ সিদ্ধান্তৰ ওপৰত বহু পৰিমানে নিৰ্ভৰ কৰে। খেল আৰম্ভ হোৱাৰ পাছত কোচৰ তেনে কোনো ভূমিকা নাথাকে। তেওঁ লগতে কয়, ‘প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পাছত কোচ হিচাপে মই দলৰ বাবে গ্ৰাউণ্ডত নামি ৰান ল’ব নোৱাৰো। উইকেট ল’ব নোৱাৰো। যি কৰিব খেলুৱৈয়ে কৰিব। মই কেৱল খেল চাবহে পাৰো। এই দল ৰোহিতৰ দল। মই পৰামৰ্শ যি দিব লাগে দিছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















