• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছিকিমৰ দৰে দশা হ’ব এই দুখন ৰাজ্যতো! ৩০ লাখ লোক ক্ষতিগ্ৰস্থ হোৱাৰ সম্ভাৱনা

ছিকিমৰ দৰে দশা হ’ব এই দুখন ৰাজ্যতো! ৩০ লাখ লোক ক্ষতিগ্ৰস্থ হোৱাৰ সম্ভাৱনা

3 years ago
গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

34 minutes ago
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

1 hour ago
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

1 hour ago
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

2 hours ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

15 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

15 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

16 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

16 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

17 hours ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

17 hours ago
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

18 hours ago
পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ছিকিমৰ দৰে দশা হ’ব এই দুখন ৰাজ্যতো! ৩০ লাখ লোক ক্ষতিগ্ৰস্থ হোৱাৰ সম্ভাৱনা

editor by editor
October 7, 2023
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিবিধ, ভাৰত
0
ছিকিমৰ দৰে দশা হ’ব এই দুখন ৰাজ্যতো! ৩০ লাখ লোক ক্ষতিগ্ৰস্থ হোৱাৰ সম্ভাৱনা
0
SHARES
992
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দুমাহ পূৰ্বেই ভয়ানক বিপৰ্যয়ৰ সন্মুখীন হৈছে হিমালয়ৰ বুকুত থকা আন দুখন ৰাজ্য হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডই। ডাৱৰ বিস্ফোৰণৰ ফলতেই ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছিল দুই ৰাজ্যত। সেই বিপৰ্যয়ৰ ক্ষতি এতিয়াও বিৰাজমান দুই ৰাজ্যত। সেই ঘটনাত মৃত্যু হৈছিল কেইবাহাজাৰ লোকৰ। এইসমূহৰ মাজতেই বিগত বুধবাৰে উত্তৰ ছিকিমত সেই ঘটনাৰেই পুনৰাবৃত্তি ঘটিছে। উত্তৰ ছিকিমৰ দক্ষিণত অৱস্থিত লোনাক হ্ৰদৰ পানীয়ে উত্তৰ ছিকিমৰ বিস্তৃত এলেকা বুৰাই পেলাইছে। ইণ্টাৰনেছনেল চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড মাউণ্টেন ডেভেলপমেণ্টে কেইবাবছৰ পূৰ্বেই ছিকিমত এক সমীক্ষা চলাইছিল। ছেটেলাইট ফটোৰ মাধ্যমেৰে লোনাকৰ দৰে ৩২০টা হিমবাহসৃষ্ট হ্ৰদৰ সন্ধানো পাইছিল। তাৰমাজতেই ১৪ টা হ্ৰদ বিপজ্জনক বুলি প্ৰকাশ কৰিছিল সমীক্ষা চলোৱা সংস্থাটোৱে। ইয়াৰোপৰি সমীক্ষাত প্ৰকাশ পাইছিল যে, এইধৰণৰ হিমবাহসৃষ্ট হ্ৰদৰ অৱবাহিকাত ভাৰতৰ ৩০ লাখ লোকে বাস কৰে। সেইসমূহ এলেকাত ছিকিম বা কেদাৰনাথতকৈয়ো ভয়ংকৰ বিপৰ্যয় আহিব। কেৱল ভাৰততেই যদি হিমবাহসৃষ্ট হ্ৰদৰ নিম্ন অৱবাহিকাত ৩০ লাখ লোকে বসবাস কৰে তেন্তে সমস্য বিশ্বৰ অৱবাহিকাত কিমান সংখ্যক লোকে বসবাস কৰিব পাৰে?

নেচাৰ কমিউনিকেছন জাৰ্নেলত প্ৰকাশিত এক সমীক্ষাত দেখা গৈছে ৩০খন দেশত ১০৮৯ টা হিমবাহসৃষ্ট হ্ৰদৰ অৱবাহিকা আছে। যি অৱবাহিকাত প্ৰায় ৯কোটি মানুহে বসবাস কৰে। তাৰ মাজতেই ডেৰ কোটি মানুহে বাস কৰে এই ধৰণৰ হিমবাহসৃষ্ট হ্ৰদৰ পৰা ৫০ কিঃমিঃ দূৰত্বৰ ভিতৰত। ফলত স্বাভাৱিকভাৱে এই ধৰণৰ হ্ৰদৰ কাষত বসবাস কৰা সকলো লোকৰে বিপদ আহিব পাৰে। বিশ্বৰ ৩০ খন দেশৰ ১০৮৯খন হিমবাহসৃষ্ট হ্ৰদত ছিকিমৰ দৰে পৰিস্থিতি আহে তেন্তে ৯কোটি মানুহৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে। বিজ্ঞানীসকলৰ অনুমান যে আকৌ যদি এনে বিপৰ্যয় আহে তেন্তে ৯০ কোটিতকৈয়ো অধিক লোক এই বিপৰ্যয়ৰ সন্মুখীন হ’ব।

সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি বিশ্বৰ চাৰিখন দেশত সৰ্বাধিক হিমবাহসৃষ্ট হ্ৰদ আছে। অৰ্থাৎ বিশ্বৰ ১০৮৯ খন হিমবাহসৃষ্ট হ্ৰদৰ মাজত আধাতকৈয়ো বেছি হ্ৰদ আছে চাৰিখন দেশত। সেই চাৰিখন দেশ হৈছে, ভাৰত, পাকিস্তান, পেৰু আৰু চীন। সমীক্ষাত দেখা গৈছে যে হিমবাহসৃষ্ট হ্ৰদৰ অৱবাহিকাত বসবাস কৰে ৪৮ শতাংশ মানুহে। এইলোকসকল হ্ৰদৰ পৰা ২০-২৫ কিঃমিঃ ভিতৰত আছে। তিনি লাখ মানুহে এই হ্ৰদসমূহৰ ৫ কিঃমিঃৰ ভিতৰত বসবাস কৰে। হিমবাহসৃষ্ট হ্ৰদ মূলত হাই মাউণ্টেন এছিয়াতেই বেছিকৈ আছে। এই হ্ৰদসমূহৰ কাষে কাষে বসতি নাথাকিলেও অববাহিকাৰ তলৰ ফালে বহু লোকৰ বসতি আছে।

বিজ্ঞানীসকলে বিশ্বৰ চাৰিখন পৰ্বতমালাত থকা হিমবাহসৃষ্ট হ্ৰদসমূহৰ অববাহিকাৰ ওপৰতো সমীক্ষা চলাইছে। সেই চাৰিটা অববাহিকা হৈছে হাই মাউণ্টেন এছিয়া ৰেঞ্জ, ইউৰোপীয়ান আল্পছ, আন্দিজ আৰু পেছিফিক নৰ্থৱেষ্ট। বিশ্বৰ ১০৮৯খন হ্ৰদৰ মাজত আছে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা, পেৰু আৰু বলিভিয়াৰ হিমবাহসৃষ্ট হ্ৰদৰ অববাহিকা সকলোতকৈ বিপজ্জনক তালিকাত আছে। বিজ্ঞানীৰ দাবী যে এই হ্ৰদসমূহত যিকোনোসময়তে বিপৰ্যয় আহিব পাৰে। পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা হ্ৰদৰ আশেপাশে আছে প্ৰায় ১২ লাখ লোকৰ বসতি। পেৰুত ৯০ হাজাৰ, বলিভিয়াত ১০ হাজাৰ মানুহ হ্ৰদৰ নিম্ন অববাহিকাত আছে।

হাই মাউণ্টেন এছিয়া অৰ্থাৎ হিমালয়ৰ গাতে লাগি থকা পাহাৰসমূহত যিসমূহ হিমবাহসৃষ্ট হ্ৰদ আছে সেই হ্ৰদসমূহৰ জলপৃষ্ঠ কেইবাদশকৰ ভিতৰতেই ৩৭-৯৭ শতাংশলৈ বৃদ্ধি হৈছে। ভাৰতৰ তিনি ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলত মুঠ ৩৪ টা এনে হিমবাহসৃষ্ট হ্ৰদ আছে। তাৰমাজতৰ ১৪ টা অতিকৈ ডাঙৰ হ্ৰদ। হিমাচলপ্ৰদেশ, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ এই তিনি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত লাডাখত আছে এই হিমবাহসৃষ্ট হ্ৰদ।

এইসমূহৰ ভিতৰতেই আছে ১৫টা হিমবাহসৃষ্ট হ্ৰদ। সেই হ্ৰদকেইটা হৈছে পেংছিলুংপা, ড্ৰুং ড্ৰুং, পাৰ্কাচিক, ছগতোগপা, ছগতোগপা ইষ্ট, থাৰা কাংড়ি, গৰম পানী, ৰাছা-১, ৰাছা-২, অৰগনগ্লাছ, ফুননগ্মা, পানামিক-১, পানামিক-২, ছাচেৰ-১, ছাচেৰ-২। সমীক্ষাত দেখা গৈছে যে লাডাখত প্ৰতিবছৰে হিমবাহ গলিবলৈ ধৰিছে। হিম গলাৰ ফলত জলপৃষ্ঠ বৃদ্ধি পাব ধৰিছে অৰগনগ্লাছ আৰু ড্ৰুং ড্ৰুং হ্ৰদৰ। প্ৰতিবছৰে ১৮.৮৬ মিটাৰ হাৰত গলিবলৈ ধৰিছে অৰগনগ্লাছৰ হিম। ড্ৰু ড্ৰুং হ্ৰদত প্ৰতিবছৰে গলিছে ১২ মিটাৰকৈ হিম। থাৰা কাংড়ি হ্ৰদৰ জলপৃষ্ঠ বিগত ৫বছৰত ১১.১৩ মিটাৰ হাৰত বৃদ্ধি পাব ধৰিছে। অৰুণাচল প্ৰদেশৰ খাংড়ি হিমবাহ বিগত পাঁচ বছৰত ৬.৫০ মিটাৰ হাৰত বৃদ্ধি পাইছে। অৰুণাচলতেই আছে ১২টাকৈ হিমবাহ।ইয়াৰ মাজৰ গেপাং হিমবাহেই আটাইতকৈ বেছি পৰিমাণে গলিবলৈ ধৰিছে। প্ৰতি বছৰে ৩০ মিটাৰ হাৰত গলিছে এই হিমবাহ। উত্তৰাখণ্ডৰ ৬টা হিমবাহ আছে। তাৰ মাজত প্ৰতিবছৰে ৬.৯৬ মিটাৰ হাৰত গলিছে হিম। পিয়ুংগ্ৰু ৪.৪৫ মিটাৰ, চিপা ৭.৯০ মিটাৰ, গঙ্গোত্ৰী ৩৩.৮০ মিটাৰ, ডোকৰিয়ানি ২১ মিটাৰ, চোৰাবাৰি ১১ মিটাৰ গলিছে। সমীক্ষাত প্ৰকাশ পাইছে যে উত্তৰাখণ্ডৰ হিমবাহৰ গলনাংকৰ হাৰ সৰ্বাধিক। গতিকে ইয়াৰ পৰাই ক’ব পাৰি যে উত্তৰাখণ্ড আৰু অৰুণাচলতো এনে বিপৰ্যয় অচিৰেই হোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!
জীৱনশৈলী

গা ধোৱাৰ সময়ত মনত ৰাখিব এই ৩ টা কথা, বহুলোকে নাজানে সঠিক পদ্ধতি!

April 19, 2026
পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?
জীৱনশৈলী

পুৰুষ আৰু মহিলাৰ লিভাৰৰ ৰোগৰ লক্ষণ বেলেগ বেলেগ নেকি?

April 19, 2026
PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!
বাণিজ্য

PAN Card অবিহনে সম্পূৰ্ণ নহ’ব কাম, সলনি হৈছে নিয়ম!

April 19, 2026
জীৱনশৈলী

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

April 19, 2026
Next Post
পেৰাগ্লাইডিং, সমুদ্ৰপথ, স্থলপথেৰে ইজৰাইলৰ ওপৰত আক্ৰমম হামাছৰ! ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ক’লে, ‘সেনাৰ সকলো শক্তিক ব্যৱহাৰ কৰি আমি হামাছক ভাৱিব নোৱাৰা প্ৰত্তুত্ত্যৰ দিম’

পেৰাগ্লাইডিং, সমুদ্ৰপথ, স্থলপথেৰে ইজৰাইলৰ ওপৰত আক্ৰমম হামাছৰ! ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ক’লে, 'সেনাৰ সকলো শক্তিক ব্যৱহাৰ কৰি আমি হামাছক ভাৱিব নোৱাৰা প্ৰত্তুত্ত্যৰ দিম’

দুৰ্গা পূজাতেই তৈয়াৰ হ’ব বুধাদিত্য যোগ! পঞ্চমীৰ পৰাই সাফল্য আহিব ৩ ৰাশিৰ জীৱনলৈ

দুৰ্গা পূজাতেই তৈয়াৰ হ’ব বুধাদিত্য যোগ! পঞ্চমীৰ পৰাই সাফল্য আহিব ৩ ৰাশিৰ জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.