ঘনকান্তৰ এনকাউণ্টাৰৰ ঘটনাক কেন্দ্ৰ কৰি এইবাৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। এনকাউণ্টাৰৰ পাছতো আৰক্ষীয়ে তেওঁলোকক কোনো ধৰণৰ খবৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে এতিয়ালৈকে ঘনকান্তৰ মৃতদেহ পৰিয়ালক চমজাই নিদিয়াক লৈও অসন্তুষ্টি প্ৰকাশ কৰিছে পৰিয়ালৰ সদস্যসকলে।
পৰিয়ালৰ অভিযোগ অনুসৰি, ঘনকান্তক এনকাউণ্টাৰ কৰাৰ পাছতো আৰক্ষীয়ে তেওঁলোকক ঘটনাটোৰ বিষয়ে একো জনোৱা নাছিল। আনহাতে, ঘটনাৰ পাছৰে পৰা এতিয়ালৈকে আৰক্ষী প্ৰশাসনে ঘনকান্তৰ মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়া নাই। যাৰ বাবে পৰিয়ালৰ লোকসকল অধিক চিন্তিত আৰু ক্ষুব্ধ হৈ পৰিছে।
পৰিয়ালৰ লোকসকলে কয় যে মৃতদেহ চমজাই নিদিলে তেওঁলোকে কেনেকৈ শেষকৃত্য সম্পন্ন কৰিব? ঘৰৰ ল’ৰাটোৰ মৃতদেহ পৰিয়ালক গতাই দিয়াটো আৰক্ষীৰ দায়িত্ব আছিল বুলি মন্তব্য কৰে তেওঁলোকে। মৃতদেহটো কিয় এতিয়াও তেওঁলোকক দিয়া হোৱা নাই, সেই সন্দৰ্ভত আৰক্ষী প্ৰশাসনক স্পষ্ট উত্তৰ দিবলৈও দাবী জনাইছে পৰিয়ালে।
আনকি পৰিয়ালৰ লোকে চৰম ক্ষোভ প্ৰকাশ কৰি কয় যে আজি যদি ঘনকান্তৰ মৃতদেহ তেওঁলোকক চমজাই দিয়া নহয়, তেন্তে পৰৱৰ্তী সময়ত তেওঁলোকে আৰু মৃতদেহ গ্ৰহণ নকৰে। মৃতদেহটো পৰিয়ালক গতাই দিব নোৱাৰিলে সেই কথা স্পষ্টকৈ জনাই দিবলৈও আৰক্ষীক আহ্বান জনাইছে তেওঁলোকে।
ইফালে, ঘনকান্তৰ মৃতদেহ বেয়া হোৱাৰ পাছতহে আৰক্ষীয়ে পৰিয়ালক গতাই দিব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ক্ষুব্ধ পৰিয়ালৰ সদস্যসকলে। তেওঁলোকৰ মতে, মৃতদেহটো সময়মতে চমজাই নিদিলে শেষকৃত্য সম্পন্ন কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হ’ব। আনকি তিলনিৰ দিনা মৃতদেহ সৎকাৰ কৰিব লাগিব নেকি বুলিও ক্ষোভেৰে প্ৰশ্ন কৰে পৰিয়ালৰ লোকে।
ঘনকান্তৰ মৃতদেহক লৈ সৃষ্টি হোৱা এই পৰিস্থিতিয়ে পৰিয়ালটোক গভীৰ দুখ আৰু অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে। আপোনজনক হেৰুওৱাৰ বেদনাৰ মাজতে মৃতদেহ লাভ কৰিবলৈও আৰক্ষী প্ৰশাসনৰ ওচৰত বাৰে বাৰে দাবী জনাবলগীয়া হোৱাত ক্ষোভিত হৈ পৰিছে পৰিয়ালৰ সদস্যসকল।
ঘনকান্তৰ মৃতদেহ কেতিয়া পৰিয়ালক গতাই দিয়া হ’ব, সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। পৰিয়ালৰ মূল দাবী এটাই—আৰু পলম নকৰি ঘনকান্তৰ মৃতদেহ তেওঁলোকৰ হাতত গতাই দিয়ক, যাতে পৰিয়ালে নিয়ম অনুসৰি শেষকৃত্য সম্পন্ন কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















