ক্ৰিকেট আৰু অধিক ৰোমাঞ্চকৰ হবলৈ গৈ আছে, কিয়নো ক্ৰিকেটত এটা নতুন সংস্কৰণৰ অন্তৰ্ভুক্তিৰ বাবে পৰীক্ষা-নিৰীক্ষা চলি আছে। এইবাৰ টেষ্ট ক্ৰিকেটৰ সৈতে T-20ৰ সংমিশ্ৰণ ঘটাই সৃষ্টি কৰা হৈছে এক নতুন ফৰ্মেট, যাৰ নাম ‘T-20 টেষ্ট’। এই প্ৰতিযোগিতাৰ বিশেষত্ব হ’ল, একেখন খেলতে অংশগ্ৰহণ কৰিব পুৰুষ আৰু মহিলা ক্ৰিকেটাৰে। অৰ্থাৎ অদূৰ ভৱিষ্যতে একেখন মেচতে কোহলি, শুভমন গীল, বৈভৱ সূৰ্যবংশীৰ লগতে দেখা যাব স্মৃতি মান্ধানা, ছেফালি বাৰ্মা, জেমিমা ৰড্ৰিগছ আদিক। কিন্তু প্ৰকৃততে কি এই T-20 টেষ্ট মেচ? কেনেকৈ অনুষ্ঠিত হ’ব এই মেচসমূহ? সাধাৰণ T-20 আৰু টেষ্ট ক্ৰিকেটৰ পৰা এই নতুন ফৰ্মেট কিমান পৃথক?
কি এই T-20 টেষ্ট মেচ?
T-20 টেষ্ট হৈছে টেষ্ট ক্ৰিকেট আৰু T-20 ক্ৰিকেটৰ সংমিশ্ৰণেৰে তৈয়াৰ কৰা এক হাইব্ৰিড ফৰ্মেট। এই মেচত প্ৰতিটো দলত থাকিব মুঠ ২২গৰাকী খেলুৱৈ। ইয়াৰ ভিতৰত ১১গৰাকী পুৰুষ আৰু ১১গৰাকী মহিলা ক্ৰিকেটাৰ। সাধাৰণ টেষ্ট মেচৰ দৰে এই প্ৰতিযোগিতাতো দুটা দলৰ মাজত দুটাকৈ ইনিংছ অনুষ্ঠিত হ’ব। অৰ্থাৎ প্ৰতিটো দলেই দুটাকৈ ইনিংছ খেলিব। কিন্তু T-20ৰ নিয়ম অনুসৰি প্ৰতিটো ইনিংছত সৰ্বাধিক ২০ অভাৰকৈ খেলিব পাৰিব। সেই অনুসৰি এই নতুন ফৰ্মেট T-20 টেষ্ট মেচত মুঠ ৮০ অভাৰৰ খেল অনুষ্ঠিত হ’ব। ইয়াৰে প্ৰতিটো দলে পাব ৪০ অভাৰকৈ।
দিনৰ পোহৰত ৰঙা বল, ফ্লাডলাইটত বগা বল
T-20 টেষ্টৰ আন এক বিশেষত্ব হ’ল ইয়াৰ খেলৰ পৰিৱেশ আৰু সাজ-পোছাক। প্ৰথম দুটা ইনিংছ দিনৰ পোহৰত অনুষ্ঠিত হ’ব। এই সময়ছোৱাত টেষ্ট ক্ৰিকেটৰ দৰে বগা সাজ-পোছাক পৰিধান কৰি ৰঙা বলেৰে খেলিব ক্ৰিকেটাৰসকলে। আনহাতে, পৰৱৰ্তী দুটা ইনিংছ ফ্লাডলাইটৰ তলত অনুষ্ঠিত হ’ব। এই ইনিংছত খেলুৱৈসকলে ৰঙীন সাজ-পোছাক পৰিধান কৰিব আৰু ব্যৱহাৰ কৰা হ’ব বগা বল। অৰ্থাৎ এখন খেলতে দেখা যাব টেষ্ট ক্ৰিকেটৰ পৰম্পৰাগত ৰূপ আৰু T-20 ক্ৰিকেটৰ আধুনিক ৰূপ।
একেটা ইনিংছতে একেলগে খেলিব নেকি পুৰুষ-মহিলাই?
T-20 টেষ্টৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল পুৰুষ আৰু মহিলা ক্ৰিকেটাৰৰ অংশগ্ৰহণ। যদিও প্ৰতিটো দলত ১১গৰাকী পুৰুষ আৰু ১১গৰাকী মহিলা খেলুৱৈ থাকিব, তথাপি একেটা ইনিংছত পুৰুষ আৰু মহিলাই মিশ্ৰিতভাৱে খেলপথাৰত নামিব নোৱাৰিব। এটা ইনিংছত দুয়োটা দলৰ মহিলা ক্ৰিকেটাৰসকলে খেলিব। আনটো ইনিংছত দুয়োটা দলৰ পুৰুষ ক্ৰিকেটাৰসকলে অংশগ্ৰহণ কৰিব। উদাহৰণস্বৰূপে, যদি দিনৰ পোহৰত পুৰুষ ক্ৰিকেটাৰসকলে খেল আৰম্ভ কৰে, তেন্তে ফ্লাডলাইটৰ তলত মহিলা ক্ৰিকেটাৰসকলে খেলিব। ইয়াৰ বিপৰীতে দিনৰ পোহৰত মহিলা ক্ৰিকেটাৰসকলে খেলিলে নিশাৰ ইনিংছত পুৰুষ ক্ৰিকেটাৰসকলে অংশগ্ৰহণ কৰিব।
টচত জয়ী হৈ ল’ব লাগিব দুটাকৈ সিদ্ধান্ত
সাধাৰণ ক্ৰিকেট মেচত টচত জয়ী হোৱা দলটোৱে প্ৰথমে বেটিং কৰিব নে বলিং কৰিব, সেই সিদ্ধান্ত লয়। কিন্তু T-20 টেষ্টত টচত জয়ী হোৱা দলটোৱে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব লাগিব। এই সিদ্ধান্ত দুটা হৈছে প্ৰথমে বলিং কৰিব নে বেটিং কৰিব আৰু প্ৰথমে পুৰুষে খেলিব নে মহিলাই খেলিব। অৰ্থাৎ ধৰা হল টচত জয়ী হোৱা দলটোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ল’লে তেতিয়াই পুৰুষ দলটোৱে বেটিং কৰিব নে মহিলা দলটোৱে বেটিং কৰিব, সেই কথাও নিৰ্ধাৰণ কৰিব লাগিব। সেই অনুসৰি বিপক্ষ দলটোৱেও নিজৰ খেল আৰম্ভ কৰিব।
কেনেকৈ নিৰ্ধাৰণ হ’ব জয়-পৰাজয়?
T-20 টেষ্টত দুয়োটা দলৰ চাৰিটা ইনিংছৰ ৰান একেলগে গণনা কৰা হ’ব। প্ৰথম ইনিংছত সংগ্ৰহ কৰা ৰানৰ সৈতে পৰৱৰ্তী ইনিংছৰ ৰান ধাৰাবাহিকভাৱে যোগ কৰা হ’ব। টেষ্ট ক্ৰিকেটৰ দৰে দুয়োটা দলৰ সামগ্ৰিক ৰানৰ ভিত্তিত নিৰ্ধাৰণ কৰা হ’ব জয়-পৰাজয়। এই নতুন ফৰ্মেটত পুৰুষ আৰু মহিলা ক্ৰিকেটাৰৰ প্ৰদৰ্শনে দলটোৰ সামগ্ৰিক ফলাফলত সমানেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
এই নতুন পৰীক্ষাৰ উদ্যোক্তা কোন?
ক্ৰিকেটৰ এই নতুন হাইব্ৰিড ফৰ্মেটৰ আঁৰত আছে ভাৰতীয় উদ্যোগী গৌৰৱ বাহিৰৱানী। তেওঁ PARITY SPORTS INDIA PVT. LTDৰ প্ৰতিষ্ঠাপক। প্ৰাক্তন ক্ৰিকেটাৰ এবি ডি ভিলিয়াৰ্ছ, ক্লাইভ লয়ড আৰু মেথিউ হেডেনৰ দৰে কিম্বদন্তী ক্ৰিকেটাৰক পৰামৰ্শদাতা হিচাপে লৈ এই প্ৰতিযোগিতাৰ চূড়ান্ত পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।
কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা?
T-20 টেষ্টৰ প্ৰথমখন প্ৰতিযোগিতা ১৪ নৱেম্বৰৰ পৰা শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত হ’ব। ২৯ নৱেম্বৰলৈকে চলিবলগীয়া এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব Sinhalese Sports Club (SSC)ৰ খেলপথাৰত। প্ৰতিযোগিতাখনত পাঁচখন মহাদেশৰ ১৩ৰ পৰা ২১ বছৰ বয়সৰ ১৬০গৰাকী উদীয়মান ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব। এই ১৬০গৰাকী খেলুৱৈক চাৰিটা মহাদেশীয় দলত ভাগ কৰা হ’ব। প্ৰতিটো দলত থাকিব ৪০গৰাকী খেলুৱৈ। ইয়াৰ ভিতৰত ২০গৰাকী পুৰুষ আৰু ২০গৰাকী মহিলা ক্ৰিকেটাৰ। প্ৰতিযোগিতাখনৰ খেলসমূহ SONY SPORTS NETWORKত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব বুলি জানিব পৰা গৈছে।
ICC-এ সঁহাৰি দিছেনে?
অৱশ্যে চৰ্চা চলি থকা এই নতুন ফৰ্মেটটোক এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে সঁহাৰি জনোৱা নাই। BCCI, CA, PCB, ECBৰ দৰে ক্ৰিকেট বোৰ্ডেও এতিয়ালৈ এই নতুন ফৰ্মেটটোক সঁহাৰি দিয়া নাই। গতিকে স্বাভাৱিকতে সম্প্ৰতি কোনো বিখ্যাত ক্ৰিকেটাৰে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ কোনো সম্ভাৱনা দেখা দিয়া নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















