জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। শ শ জুবিন অনুৰাগীয়ে এক বৃহৎ গণসমাৱেশত অংশগ্ৰহণ কৰি ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। ন্যায় সমিতিৰ উদ্যোগত অনুষ্ঠিত এই গণসমাৱেশত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগান দিয়ে।
ইফালে, জুবিন গাৰ্গ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিনক লৈও ৰাজ্যত তীব্ৰ চৰ্চা চলিছে। কাইলৈ দুয়োগৰাকী অভিযুক্তই জামিন লাভ কৰিব পাৰে বুলি চৰ্চা চলাৰ মাজতে গোচৰটোৰ প্ৰথমগৰাকী এজাহাৰকাৰীয়ে এক বিস্ফোৰক মন্তব্য আগবঢ়োৱা বুলি জানিব পৰা গৈছে।
এজাহাৰকাৰীগৰাকীৰ মতে, কোনো প্ৰতিবাদে উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’বলগীয়া জামিনৰ শুনানি বাধা দিব নোৱাৰে। অৰ্থাৎ, প্ৰতিবাদৰ মাজতো আইনী প্ৰক্ৰিয়া নিজৰ গতিত চলিব।
আনহাতে, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জামিন লাভ কৰিলে অসমৰ পৰিস্থিতি অধিক বেয়া হ’ব পাৰে বুলি হুংকাৰ দিছে বিধায়ক অখিল গগৈয়ে। তেওঁ স্পষ্টকৈ কয় যে দুয়োগৰাকী অভিযুক্তই জামিন লাভ কৰিলে সেয়া সহ্য কৰা নহ’ব। অখিল গগৈৰ মতে, কাইলৈ যদি শ্যামকানু আৰু সিদ্ধাৰ্থই জামিন লাভ কৰে, তেন্তে ৰাজ্যত নতুনকৈ আন্দোলন আৰম্ভ হ’ব পাৰে। জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোক লৈ কোনো ধৰণৰ খেল খেলিবলৈ দিয়া নহ’ব বুলিও তেওঁ সকীয়াই দিয়ে।
ইপিনে জুবিন ক্ষেত্ৰত উপস্থিত হৈ জ্ঞানশ্ৰী বৰাই কয় যে- ‘কাইলৈ যদি শ্যামকানু আৰু সিদ্ধাৰ্থই মুকলি আকাশৰ তললৈ আহিলে আমি অসমবাসীয়ে একোৱেই কৰিব নোৱাৰিলোঁ যেন লাগিব। আমি SIT-এ পুনৰ শক্তিশালী ৰূপত চাৰ্জশ্বিট দিয়ক। এচামে হত্যাকাৰীক ৰক্ষণাবেক্ষণ দি আছে। জুবিন গাৰ্গক হত্যা কৰিছিল বুলি সদনত স্বয়ং মুখ্যমন্ত্ৰীয়েই কৈছিল। গতিকে হত্যাকাৰীয়ে শাস্তি পাবই লাগিব’। এই প্ৰতিবাদী কাৰ্যসূচীত শিল্পী মহেন্দ্ৰ হাজৰিকাকে ধৰি বহুকেইগৰাকী ব্যক্তিয়েও অংশগ্ৰহণ কৰে।
ইফালে, জুবিন ক্ষেত্ৰত উপস্থিত হোৱা অনুৰাগীসকলেও কাইলৈ দুয়োগৰাকী অভিযুক্তই কোনো কাৰণতে জামিন লাভ কৰিব নালাগে বুলি দাবী জনাইছে। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখাৰ সংকল্প লৈছে প্ৰতিবাদকাৰীসকলে। এতিয়া সকলোৰে দৃষ্টি কাইলৈৰ আদালতৰ শুনানিৰ ওপৰত। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জামিন লাভ কৰিব নে নাই, সেয়া আদালতৰ সিদ্ধান্তৰ পিছতহে স্পষ্ট হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















