কিডনিয়ে দেহক সুস্থ ৰাখিবলৈ একাধিক কাম কৰে৷ কাৰণ দেহৰ পৰা বৰ্জ্য পদাৰ্থ বাহিৰ কৰিবলৈ ইলেক্ট্ৰোলাইটৰ ভাৰসাম্য বজায় ৰাখিবলৈ আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায়তা কৰে কিডনিয়ে৷ কিডনিৰ সমস্যা বহু সময়ত গুৰুতৰ নহ’লে বুজিবও নোৱাৰি৷ কিডনিৰ অসুখক সেয়ে নীৰৱ ঘাতক বুলি কোৱা হয়৷ কিডনিৰ সমস্যা বুজিবলৈ কেইটামান উপসৰ্গ লক্ষ্য কৰা উচিত৷
১. দৈনিক মূত্ৰৰ পৰিমাণ যদি কমি যায় তেতিয়া বুজিব লাগিব কিডনিৰ কোনো সমস্যা হৈছে৷ মূত্ৰৰ সৈতে বগা ফেন নিৰ্গত হ’লে বুজিব লাগিব প্ৰটিন মিহলি হৈ আছে৷
২. ভৰিৰ পতা, গেৰুহা বা মুখ ফুলি যোৱা কিডনিৰ সমস্যাৰ ইংগিত৷ বুজিব লাগিব কিডনিৰ খেলিমেলিত দেহত বৰ্জ্যৰ পৰিমাণ বৃদ্ধি পাইছে৷
৩. যদি কোনোৱে নিয়মিত ক্লান্তিত ভূগি থাকে তেতিয়াও সতৰ্ক হোৱা উচিত৷ কাৰণ কিডনিৰ কাৰ্যকাৰিতা হ্ৰাস পালে দেহত বৰ্জ্যৰ পৰিমাণ বাঢ়ি থাকে যি ক্লান্তিবোধৰ অন্যতম কাৰণ৷
৪. ৰক্তচাপ হঠাৎ বৃদ্ধি পালে সতৰ্ক হোৱা উচিত৷ কাৰণ কিডনিয়ে সঠিকভাৱে কাম নকৰিলে ৰক্তচাপ বৃদ্ধি পাব পাৰে৷
৫. বহু সময়ত পুৱা টোপনিৰ পৰা উঠাৰ পাছত চকুৰ তলত ফোলাভাৱে দেখা দিয়ে৷ এই ধৰণৰ ঘটনা বাৰে বাৰে ঘটিলে সতৰ্ক হওক৷ কাৰণ এইসমূহ কিডনিৰ সমস্যাৰ লক্ষণ হব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















