বিৰাট কোহলী নহবও পাৰে কেপ্টেইন, তেন্তে কোনে নেতৃত্ব দিব ৰয়েল বেংগালুৰুক !
এইবাৰ টি-২০ বিশ্বকাপ জয় কৰি টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লোৱা বিৰাট কোহলীক অহা বছৰ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ অধিনায়ক হিচাপে ঘূৰি আহিব পাৰে বুলি ছ’চিয়েল মিডিয়াত চৰ্চা চলি আছে। বহু বাতৰিতে প্ৰকাশ পাইছে যে কোহলীয়ে পুনৰবাৰ কমাণ্ড নিজৰ হাতত ল’ব আৰু আই পি এলত দলটোৰ নেতৃত্ব দিব।
আই পি এলত যদি কোহলীৰ অধিনায়ক হিচাপে কাম চোৱা যায়, তেন্তে ২০১৩ চনৰ পৰা ২০২১ চনলৈকে কোহলী আৰ চি বিৰ অধিনায়কত্ব কৰিছিল। য’ত দলটোৱে চাৰিবাৰকৈ প্লে অফত প্ৰৱেশ কৰিছিল। অৱশ্যে এতিয়া সময়েহে ক’ব যে বিৰাটে পুনৰ অধিনায়কৰ দায়িত্বত থাকিব নে নাই।
যদি বিৰাটে অধিনায়ক হ’বলৈ অস্বীকাৰ কৰে, তেন্তে ইয়াৰ বিকল্প কি। কি কৰিব আৰ চি বিয়ে। বিৰটাৰ সলনি দলটোৱে অল-ৰাউণ্ডাৰ ক্ৰুনাল পাণ্ডিয়াক অধিনায়কত্ব অৰ্পণ কৰিব পাৰে। ঘৰুৱা চাৰ্কিটত অধিনায়ক হিচাপে ক্ৰুনালৰ অভিলেখো উৎকৃষ্ট। এই কথা বিবেচনা কৰিলে আৰ চি বিয়ে যদি তেওঁক পৰৱৰ্তী ছিজনৰ বাবে অধিনায়ক হিচাপে নিযুক্তি দিয়ে তেন্তে কোনেও আচৰিত হোৱা উচিত নহয়।
২৫ নৱেম্বৰ সোমবাৰে চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হোৱা আই পি এল ২০২৫ মেগা নিলামত আৰ চি বিয়ে ক্ৰুনালক ক্ৰয় কৰিছিল। ৰাজস্থান ৰয়েলছৰ সৈতে নিবিদা যুদ্ধৰ অন্তত আৰ চি বিয়ে ৫.৭৫ কোটি টকাত ক্ৰুনালক ক্ৰয় কৰাৰ বিপৰীতে এল এছ জিয়ে তেওঁৰ বাবে তেওঁলোকৰ ৰাইট টু মেচ (আৰ টি এম) কাৰ্ড ব্যৱহাৰ কৰা নাছিল। এইটোৱেই হৈছে ক্ৰুনালৰ তৃতীয়টো আই পি এল ফ্ৰেঞ্চাইজি।
ইয়াৰ পূৰ্বে তেওঁ মুম্বাই ইণ্ডিয়ানছ আৰু এল এছ জিৰ হৈ খেলিছে। কিন্তু ২০২২ চনৰ নিলামত এল এছ জিৰ দ্বাৰা নিৰ্বাচিত হোৱাৰ সময়ত তেওঁ ৮.২৫ কোটি টকা পোৱাৰ বিপৰীতে এতিয়া তেওঁৰ দৰমহা ২.৫ কোটি টকা হ্ৰাস কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ