নিয়মিত বিনিয়োগ কৰিলে দীৰ্ঘম্যাদী মোটা অংকৰ ৰিটাৰ্ণ পোৱা যায়৷ এই কথাই কয় বিনিয়োগ বিশেষজ্ঞই৷ বৰ্তমান বজাৰত বহু ধৰণৰ বিনিয়োগ আছে৷ অৱশ্যে কিছু অসুবিধাও আছে৷ চৰকাৰী স্কিম, বণ্ড, বেংক ডিপজিট স্কিমৰ দৰে বিনিয়োগত অৱশ্যে গেৰেণ্টিযুক্ত ৰিটাৰ্ণ পোৱা যায়৷ এইসমূহ ক্ষেত্ৰত ধন হেৰুওৱাৰ ভয় নাই৷
বেংক ডিপজিট স্কিমৰ কথা যদি কোৱা হয় তেন্তে বেছিভাগৰ মনতেই আছে ফিক্সড ডিপজিটৰ প্ৰসংগ৷ বৰ্তমান বেংকসমূহে ফিক্সড ডিপোজিটত বেছ ভাল হাৰত সুদ অফাৰ কৰিছে৷ এইবাৰ যদি ছিনিয়ৰ চিটিজেনৰ কথা ধৰা হয়, তেওঁলোকৰ ক্ষেত্ৰত সুদৰ হাৰ সাধাৰণ নাগৰিকৰ তুলনাত ফিক্সড ডিপোজিট বেছি হয়৷ কোনোৱে বিচাৰিলে পৰিয়ালৰ প্ৰবীণ সদস্যৰ নামতো ফিক্সড ডিপোজিট কৰিব পাৰে বেংকত৷
বৰ্তমান সময়ত ফিক্সড ডিপোজিটত বিনিয়োগৰ এটা খুবেই জনপ্ৰিয় মাধ্যম৷ বিভিন্ন বেংকৰ ফিক্সড ডিপোজিটৰ সুদৰ হাৰ ভিন্ন৷ অন্যহাতে পোষ্ট অফিচতো ফিক্সড ডিপোজিট কৰা হয়৷ এক নজৰত দেখা যাওক পোষ্ট অফিচৰ ফিক্সড ডিপোজিটত ১২ মাহৰ বাবে ৪ লাখ টকা জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পোৱা যাব পাৰে?
এতিয়াও দেশৰ সকলোতকৈ বেছি সুৰক্ষিত বিনিয়োগৰ মাধ্যম হৈছে ফিক্স়ড ডিপোজিট৷ পোষ্ট অফিচৰ ফিক্সড ডিপোজিটত সকলোতকৈ বেছি সুৰক্ষিত বিনিয়োগৰ এক বিকল্প৷ অৰ্থাৎ কোনোৱে যদি ফিক্সড ডিপোজিটত বিনিয়োগ কৰিব খোজে তেন্তে পোষ্ট অফিচৰ ফিক্সড ডিপোজিটত বেংকৰ ফিক্সড ডিপোজিটৰ পৰা বেছি হাৰত ৰিটাৰ্ণ পোৱা যায়৷
পোষ্ট অফিচতো বেংকৰ দৰে ফিক্সড ডিপোজিট একাউণ্ট অপেন কৰিব পাৰি৷ কিন্তু পোষ্ট অফিচৰ ফিক্সড ডিপোজিট স্কিমক টি ডি অৰ্থাৎ টাইম ডিপোজিট স্কিম বুলি কোৱা হয়৷
পোষ্ট অফিচত ১ বছৰৰ পৰা ৫বছৰ পৰ্যন্ত টি ডি অৰ্থাৎ টাইম ডিপোজিট স্কিম কৰিব পাৰিব৷ পোষ্ট অফিচৰ টি ডি অৰ্থাৎ টাইম ডিপোজিট স্কিমত প্ৰতি বছৰে ৬.৯শতাংশৰ পৰা ৭.৫শতাংশ হাৰত সুদ পোৱা যাব পাৰে৷ প’ষ্ট অফিচৰ ১ বছৰৰ টি ডি অৰ্থাৎ টাইম ডিপজিট স্কিমত ৬.৯শতাংশ হাৰত সুদ পোৱা যাব পাৰে৷ পোষ্ট অফিচৰ টি ডি অৰ্থাৎ টাইম ডিপোজিট স্কিমত ১ বছৰৰ বাবে ৪লাখ জমা কৰিলে মেচিউৰিটিৰ সময়ত কিমান টকা পাব? প’ষ্ট অফিচৰ টি ডি অৰ্থাৎ টাইম ডিপোজিট স্কিমত ১ বছৰৰ বাবে অৰ্থাৎ ১২ মাহৰ বাবে ৪লাখ টকা জমা কৰিলে মেচিউৰিটিৰ পাছত ৪,২৮,৩২২ টকা পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ