আই আই টি বম্বেৰ প্ৰাক্তন মহাকাশ অভিযন্তা এতিয়া মহাকুম্ভত বৈৰাগ্য বাবা, IIT বাবাই দৃষ্টি কাঢ়িছে সকলোৰে
আই আই টি বম্বেৰ প্ৰাক্তন মহাকাশ অভিযন্তা এতিয়া মহাকুম্ভত বৈৰাগ্য বাবা, IIT বাবাই দৃষ্টি কাঢ়িছে সকলোৰে
আৰম্ভ হৈছে বিশ্বৰ সৰ্ববৃহৎ উৎসৱ মহা কুম্ভ। মহাকুম্ভত গা ধুবলৈ প্ৰয়াগৰাজলৈ আহি আছে পৃথিৱীৰ বহু কোণৰ পৰা কোটি কোটি লোক। মহাকুম্ভলৈ অহা বহুতো ঋষি, সন্ত আৰু নাগা সাধু সকলেও ধাৰাবাহিকভাৱে দৃষ্টি আকৰ্ষণ কৰি আহিছে।
তাৰে মাজতে বিশেষ ভাৱে দৃষ্টি কাঢ়িছে আই আই টি বাবাই। সকলোৰে মাজত বৰ্তমানে আই আই টি বাবা হিচাপে জনাজাত হৈ পৰিছে এগৰাকী বাবা। কাৰণ এই বাব পূৰ্বে আছিল আই আই টিয়ান।
আই আই টিয়ান বাবাৰ সাক্ষাৎকাৰ ক্ৰমাৎ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত বাবা গৰাকীৰ ভাষ্যৰ পাছতে সকলোফাৰে চৰ্চিত হৈ পৰিছে।
কেমেৰাৰ সন্মুখত বাবই কয় যে তেওঁ আই আই টি মুম্বাইৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী। তাকো মহাকাশ অভিযন্তা। যি কথা শুনি বহু লোক স্তম্ভিত হৈ পৰিছে। সকলোৰে মনত এটাই প্ৰশ্ন, যে সফলতাৰ উচ্চতাত উপনীত হোৱাৰ পিছত কিয় বৈৰাগ্য গ্ৰহণ?
IIT বাবা ওৰফে অভয় সিঙে নিজে এই কথা প্ৰকাশ কৰাৰ পাছতে স্তম্ভিত হৈ পৰিছে সকলো। দৰাচলতে সাক্ষাৎকাৰৰ সময়ত বাবাৰ কথা-বতৰাক লৈ সাংবাদিকজনৰ মনত সন্দেহ হোৱাত তেখেতৰ শিক্ষাৰ কথা সোধে।
সেই প্ৰশ্নৰ উত্তৰতে বাবাই কয় যে হয়, মই শিক্ষিত, মই আই আই টি বম্বেৰ পৰা এৰোস্পেচত ইঞ্জিনিয়াৰিং কৰিছো। লগে লগে স্তম্ভিত হৈ পৰে প্ৰশ্ন সোধোতা।
এই IITian বাবাৰ প্ৰকৃত নাম অভয় সিং। সন্ন্যাস লোৱাৰ কাৰণ বুজাই বাবাই কয় যে এইখনেই শ্ৰেষ্ঠ ৰাজ্য। জ্ঞানৰ পিছত গৈ থাকক, আগবাঢ়ি যাওক, কিমান দূৰলৈ যাব? অৱশেষত এই আধ্যাত্মিকতাই পাব।
শিক্ষিত বাবাই কয় যে তেওঁ মূলতঃ হাৰিয়ানাৰ। তেওঁৰ জন্মস্থান হাৰিয়ানা, কিন্তু তেওঁ বহু চহৰত বসবাস কৰি আহিছে। আই আই টি মুম্বাইত ৪ বছৰ পঢ়াৰ পিছত তেওঁৰ আগ্ৰহ ফটোগ্ৰাফীৰ প্ৰতি আকৰ্ষিত হয়। ৩ ইডিয়টছ ছবিৰ দৰেই তেওঁ অভিযান্ত্ৰিকতাৰ পিছত ফটোগ্ৰাফীত কেৰিয়াৰ গঢ়িব বিচাৰিছিল। এই সময়ছোৱাত তেওঁ ১ বছৰ পদাৰ্থ বিজ্ঞানৰ অধ্যয়নো কৰিছিল। কলাত স্নাতকোত্তৰ কৰাৰ পিছত ফটোগ্ৰাফী আৰম্ভ কৰিছিল। কিন্তু শেষত একোতে মন নবহাত, সকলো এৰি আধ্যাত্মিকতাৰ দিশত আগবাঢ়ি বৈৰাগ্য ল’লে। বৰ্তমানে তেঁও অতিকে শান্ত আৰু সুখী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ