অপেক্ষাৰ অন্ত, কেতিয়ালৈ চাবলৈ পাব ছলমানৰ খানৰ বহু প্ৰত্যাশিত ‘সিকন্দৰ’
বলীউডৰ ভাইজান ছলমান খানৰ বহু প্ৰত্যাশিত ছবি সিকন্দৰক লৈ অনুৰাগীৰ মাজত বহু জল্পনা কল্পনা। কেতিয়ালৈ চাব পাব সিকন্দৰ চিনেমা। লগতে কেতিয়ালৈ চাব পাব এই চিনেমাৰ ট্ৰেইলাৰ।
ছুপাৰহিট চলচ্চিত্ৰ প্ৰযোজক চাজিদ নাদিয়াদৱালাই ১৮ ফেব্ৰুৱাৰীত তেখেতৰ জন্মদিন উপলক্ষে তেওঁৰ অনুৰাগী আৰু চিনেমা প্ৰেমীসকলৰ বাবে আনি আছে সিকন্দৰ সম্পৰ্কত এক ডাঙৰ খবৰ।
ইতিমধ্যে ছ’চিয়েল মিডিয়াত এই চিনেমা সন্দৰ্ভত বিশেষ চৰ্চা চলিছে। ইয়াৰ পূৰ্বে ছলমান খানৰ জন্মদিনৰ দিনা মুক্তি পোৱা ‘সিকন্দৰ’ৰ টিজাৰ, চোৱাৰ পিছত অনুৰাগীসকল উন্মাদ হৈ আছে। এতিয়া ‘সিকন্দৰ’ক লৈ উত্তেজনা আৰু অধিক বাঢ়িছে, কাৰণ অনুৰাগীয়ে জল্পনা-কল্পনা কৰিছে যে ছবিখনৰ নতুন ৰূপ, মোচন পোষ্টাৰ বা ট্ৰেইলাৰ চাজিদ নাদিয়াদৱালাৰ জন্মদিনত মুক্তি পাব পাৰে।
ছলমান খানে অভিনীত ছবি ‘সিকন্দৰ’ ২০২৫ চনৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ হ’ব বুলি গণ্য কৰা হৈছে। এই ছবিখন পৰিচালনা কৰিছে এ.আৰ. মুৰুগাডোছে আৰু ছবিখনত ছলমানৰ বিপৰীতে মুখ্য চৰিত্ৰত আছে ৰশ্মিকা মাণ্ডান্না।
লগতে আছে জনপ্ৰিয় তাৰকা শ্বৰ্মন যোশী, সত্যৰাজ আৰু প্ৰতীক বব্বৰৰ দৰে তাৰকা, যিয়ে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব। ঈদ উপলক্ষে চলিত বৰ্ষত ছবিগৃহত মুক্তি পাব ‘সিকন্দৰ’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ